কইনা চাবলৈ…. (দিগন্ত কুমাৰ ভট্টাচাৰ্য)
“আচ্ছা, মানে তুমি এম.এ পাছ কৰিয়েই ওচৰৰ স্কুলখনত সোমাইছিলা ন” -টেনিছ বলটোৰ সমান ৰসগোল্লাটোৰ আধা মুখত ভৰাই সুধিলে ৰক্তবীজে।
নম্ৰতাই মূৰ দুপিয়ালে ৰক্তবীজৰ চকুলৈ নোচোৱাকৈয়ে। ইমানপৰ চাদৰৰ আঁচলটো চিকুটি চিকুটি তাইৰ আঙুলিৰ বিষ উঠিছে।
“আমাৰ ৰক্তৰ কিন্তু মূৰ্গীৰ ঠেং বৰ প্ৰিয় দেই..” -ৰক্তবীজৰ মাকে কথাষাৰ কৈ হো-হোৱাই হাঁহিলে। নম্ৰতাৰ মাকে দূৰৈৰ পৰা ইংগিত দিলে। নম্ৰতাই ৰক্তৰ থালিখনত দুই টুকুৰা মূৰ্গীৰ ঠেং আৰু তিনিখন ফুলা লুচী ৰাখিলে সযত্নে। এইবোৰ সময়ত ক’ৰবাত অসাৱধান হৈ কিবা ভুল কৰি পেলালেই যেন বিয়াখন ভাগি থাকিব, এনে লাগে তাইৰ। আধাখোৱা ৰসগোল্লাটো একাষত থৈ ৰক্তই এইবাৰ লুচী আৰু মাংসত হাত দিলে।
দ্ৰয়িং ৰুমটো ভৰি আছিল। তিনিখন গাড়ীৰে প্ৰায় পোন্ধৰজন মান ইষ্ট-কুটুম্ব লৈ ৰক্তবীজহঁত আহিছিল নম্ৰতাক চাবলৈ। যোগাযোগৰ মাজৰ মানুহ টংকে খুৰাৰ আহৰি নাই। মানুহবোৰ যোৱাৰ পিছত ঘৰখন নিজম পৰিল। ‘দুই-এদিনতে খবৰ দিম’ বুলি টংকে খুৰাক কৈ তেওঁলোক গ’লগৈ। নম্ৰতাই উশাহ ল’লে দীঘলীয়াকৈ। মেখেলা-চাদৰযোৰ সলাবলৈ তাই নিজৰ কোঠালৈ গ’ল। বাহিৰত মাক-দেউতাকে বহি আলোচনা কৰিছে দিনটোৰ ঘটনাক্ৰম।
“এইবাৰ হ’লেই হ’ল আৰু…” -সেয়া তাইৰ দেউতাক।
“হয়…শুনকচোন, মাকক দিয়া পাটৰ চাদৰখন বাকীকৈ আনিছোঁ। পোন্ধৰশ দিব কাইলৈ”।
“এই দুদিনত বহুত খৰচ হ’ল ও…দৰমহা পালে দিম বুলি ক’বা বৈশ্য দোকানীক”।
নম্ৰতাই ৰক্তবীজৰ মুখখন মনত পেলাবলৈ চেষ্টা কৰিছে। এতিয়াহে অনুভৱ হ’ল, তেওঁৰ মুখখন ভালকৈ চোৱাই নহ’ল।এমাহ আগতে চাবলৈ অহা গুৱাহাটীৰ প্ৰ’ফেছৰজনক তাইৰ ভালেই লাগিছিল। তাইৰ ভুল অথবা খুঁতটো ক’ত, তাই বুজিবলৈ চেষ্টা কৰে।
———
ৰক্তবীজহঁতৰ ঘৰত-
“হেৰা শুনিছা, যোৱামাহত যে টংক কেৰাণীয়ে ছোৱালী এজনী দেখুৱাইছিল..তেওঁলোকে হেনো খবৰ লৈ আছে। কি কৰা যায়?”- চাহকাপত সোঁহা মাৰি ৰক্তবীজৰ মাকে সুধিলে গিৰীয়েকক।
“বেয়া নাছিল তাই, পিছে অৱস্থা সিমান টনকীয়াল নহয়। পিছত খবৰ দিম বুলি কোৱা হে”।
“ও, এতিয়াই নাকচ কৰিব নালাগে। হাতত থাককচোন। নতুন তিনিগৰাকীৰ খবৰ পাইছোঁ। চাই লওঁ। তাৰ মাজৰপৰা বাচি উলিায়ালে হ’ল। আৰু বেছি ভাল পালে কিবা কাৰণ দেখুৱাই বাকীবোৰক নাকচ কৰি দিলে হ’ল…পিছে তোমাৰ ল’ৰাৰ আকৌ ৰূপৱতী নহ’লে চকুতেই নপৰে নহয়”।
“এহ নিজে ধৰ্মেন্দ্ৰ নহ’লেও কইনাজনী কিন্তু সকলোৱে হেমামালিনীৰ দৰেই বিচাৰে যে!”
“কাইলৈ মিৰ্জাৰ ফালৰজনীক চাই আহিম বুলি ভাবিছোঁ। মই ভনীকেইজনীক খবৰ দিওঁ। ছোৱালীজনীৰ নামটো ৰক্তিমা..নামেৰে মিলে কিন্তু ইয়াৰ লগত!…আৰু তুমি কাপোৰ-কানি ৰেডী কৰা, নহ’লে যোৱাৰ সময়ত সদায় হাঁহাকাৰ লাগে। সেই যে নলবাৰীৰ ছোৱালীঘৰে দিছিল ছাৰ্টটো, সেইটোকে পিন্ধিবা। ধুনীয়া, দামীও”।
———–
“আচ্ছা, মানে তুমি বি.এ পাছ কৰিয়েই চাকৰিটোত সোমাইছিলা ন?” -বাটিটোৰপৰা পায়স এচামুচ মুখলৈ নি সুধিলে ৰক্তবীজে।
ৰক্তিমাই মূৰ দুপিয়ালে ৰক্তবীজৰ চকুলৈ নোচোৱাকৈয়ে। ইমানপৰ চাদৰৰ আঁচলটো চিকুটি চিকুটি তাইৰ আঙুলিৰ বিষ উঠিছে। “এইবাৰ হ’ব নে বাৰু বিয়াখন ঠিক!”- ভাবিলে ৰক্তিমাই!