কচুঁশাকৰ লগত মাছৰ জালুকীয়া আঞ্জা (চয়ূজ শৰ্মা)

Soyuz sharma recipe 1
উপকৰণ:
ৰৌ মাছ: ৫/৬ টুকুৰা (২৫০ গ্রাম)

কচুঁশাক: তিনি মুঠি (সৰু সৰুকৈ কুটি ল’ব)

বিলাহী: ২ টা

নহৰু: ১২-১৫ ফোটা
কেঁচা জলকীয়া : ৩-৪টা
পিঁয়াজপাত: ৪-৫ খিলা
জালুক গুড়ি : ১ টেবুল চামুচ,

হালধি গুড়ি, মিঠাতেল আৰু নিমখ।

ৰন্ধন প্রণালী:
প্রথমে মাছৰ টুকুৰাখিনিত ভালদৰে নিমখ, হালধি সানি মিঠাতেলত ভাজি একাষৰীয়াকৈ থৈ দিয়ক।

মাছভজা তেলখিনিতে পিঁয়াজপাত, খুন্দি থোৱা নহৰুখিনি আৰু জলকীয়া দিয়ক।

জোখমতে নিমখ আৰু হালধি দি সেইখিনি ভালদৰে মিলাই ভাজক।

এতিয়া কচুঁশাকখিনি আৰু কটা বিলাহীখিনি কেৰাহীত দি ভালদৰে লৰাই ঢাকোন দি সিজিবলৈ দিয়ক।
যেতিয়া শাকখিনি সিজি গোটেইখিনি কেৰাহীৰ আধামানলৈ হ্রাস পাব, তেতিয়া তাত পানী অলপ দি পুনৰ ঢাকোন মাৰি দিব।
পানীখিনি উতলা আৰম্ভ হ’লেই ভাজি থোৱা মাছখিনিও তাত মিলাই দিয়ক। আৰু লগতে জালুকৰ গুড়ি ছটিয়াই অলপসময় কম জুইত সেইখিনি সিজিবলৈ দিয়ক। সম্পূৰ্ণ সিজিলে ভাতৰ লগত গৰমে গৰমে পৰিবেশন কৰক।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!