কজং কপং দুই চেলা (বিৰিঞ্চি বৰা)

এখন গাঁৱত এহাল বুঢ়া-বুঢ়ী বাস কৰিছিল। বুঢ়া-বুঢ়ীৰ এটাই মাত্ৰ ল’ৰা আৰু কেও-কিছু নাই। খোৱা-বোৱাৰ অভাৱ নাই যদিও বুঢ়া-বুঢ়ীৰ মনত এটাই দুখ তেওঁলোক মৰাৰ পাছত ল’ৰাকণৰ কি হ’ব, ওচৰত আৰু কোনো লোক নাই। সেয়ে তেওঁলোকে মনতে থিৰাং কৰিলে কোনোবা এখন গাঁৱলৈ গৈ তাৰ সত্ৰত শৰণ ল’ব লাগিব, যাতে পাছলৈ কোনো অসুবিধা নহয়। বহু বিচাৰ-খোচাৰ কৰাৰ অন্তত এবেলাৰ বাটৰ আঁতৰত থকা ৰতনবৰ নামৰ এখন গাঁও বিচাৰি পালে। বুঢ়া-বুঢ়ীয়ে এদিন দিন-বাৰ চাই মেলি কাউৰীয়ে কা নৌ কৰোঁতেই যাত্ৰা আৰম্ভ কৰিলে। বুঢ়া আগে আগে বুঢ়ী পাছে পাছে, গৈ আছে গৈ আছে। গৈ থাকোঁতে এটা কুকুৰ লগ পালে, তেতিয়া বুঢ়াই কুকুৰটোক লগত লৈ যোৱা মাহ-কৰাই খাবলৈ দি সুধিলে, “অ’ হেৰা কুকুৰ ভাই/ মাহ-কৰাই খোৱা/ শৰণ লব যাঁও আমি/ যোৱা যদি ওলোৱা”। কুকুৰটোৱে ভাবিলে এনেয়ে ঘূৰি ফুৰাতকৈ বুঢ়া-বুঢ়ীৰ লগত গৈ শৰণ লৈ অহাই ভাল হব। এই ভাবি সিওঁ বুঢ়া-বুঢ়ীৰ লগতে যাত্ৰা আৰম্ভ কৰিলে। তিনিও গৈ আছে গৈ আছে, গৈ গৈ ভাগৰ লগাত ৰাষ্টাৰ কাষৰ এজোপা গছৰ ছাঁত বহি অলপ আৰাম কৰি লগত নিয়া মাহ-কৰাই খাবলৈ লওঁতে দেখিলে এটা ভালুক চিকাৰীৰ জালত বান্ধ খাই পৰি আছে। ভালুকটোৱে বৰকৈ দুখ পাই কেকাই থকা দেখি বুঢ়া-বুঢ়ীৰ মনত বৰ আঘাত লাগিল। সেয়ে বুঢ়াই গৈ ভালুকটোক জালখনৰ পৰা খুলি মুকলি কৰি দিলে আৰু লগত লৈ যোৱা মাহ-কৰাই খাবলৈ দি সুধিলে, “অ’ হেৰা ভালুক ভাই/ মাহ-কৰাই খোৱা/ শৰণ লব যাঁও আমি/ যোৱা যদি ওলোৱা”। তাকে শুনি ভালুকেও ভাবিলে এনেয়ে ঘূৰি ফুৰাতকৈ বুঢ়া-বুঢ়ীৰ লগত গৈ শৰণ লৈ অহাই ভাল হব। এই ভাবি সিও বুঢ়া-বুঢ়ীৰ লগতে যাম বুলি থিৰাং কৰিলে। চাৰিও মাহ-কৰাই খাই মেলি আকৌ যাত্ৰা আৰম্ভ কৰিলে। গৈ গৈ দুপৰীয়া সময়ত ৰতনবৰ পালেগৈ। তেতিয়া আকৌ ৰতনবৰৰ সত্ৰৰ পুৰোহিতজনে ভাত পানী খাই অলপ ঘুমতি মৰাৰ কথা ভাবি আছিল। তেনেসময়তে বুঢ়া-বুঢ়ীক দেখি তেওঁ কৈ উঠিল, “দুই চেলা কজং কপং”। বুঢ়া-বুঢ়ীয়ে পুৰোহিতজনক দেখি ভৰিত দীঘল দি পৰিল। তেওঁলোকে ভাবিলে যে শৰণ লোৱা হৈ গ’ল। সেয়ে দুয়ো গুৰু বাক্য ফাকিকে গুৰুমন্ত্র বুলি ভাবি “দুই চেলা কজং কপং” বুলি কৈ কুকুৰ আৰু ভালুকৰ লগত কীর্তন কৰাত লাগিল। তেনেসময়তে সেই দেশৰ ৰজাৰ সৈন্য আহি পুৰোহিতজনক বিচাৰি ওলালেহি। ক’লেহি যে ৰাজকুমাৰৰ অসুখ হৈছে। আগদিনা চিকাৰৰ পৰা অহাৰ পাছত ৰাজকুমাৰৰ নাকটো নিজে নিজে দীঘল হৈ গৈ আছে। ৰাজবৈদ্যই কৈছে কিবা গছৰ গুটি খোৱাৰ বাবেহে হৈছে। গতিকে সেই গুটিটো আনি ৰাজকুমাৰক এনে এজন লোকে খুৱাব লাগিব যি অন্তঃকৰণেৰে ভগৱানক বিশ্ৱাস কৰে। গতিকে পুৰোহিত তেওঁলোকৰ লগত যাব লাগে আৰু ৰাজকুমাৰক ঠিক কৰি দিব লাগে। তাকে শুনি বুঢ়া-বুঢ়ীয়েও ভাবিলে এই ছেগতে মহাৰাজৰ ঘৰটোও চাই যোৱা যাওঁক। সেয়ে দুয়ো কুকৰ আৰু ভালুকক তাতে বিদায় দি পুৰোহিতজনৰ সৈতে ৰজাৰ ঘৰলৈ যাত্ৰা কৰিলে। তাত গৈ দেখিলে ৰাজকুমাৰৰ নাকটো দীঘল হৈ গৈ আছে। দীঘল হৈ হৈ ঘৰৰ দুৱাৰেদি ওলাই পদুলি মুখ পাইছেগৈ। অলপমান মূৰটো লৰালেই ঘৰৰ বস্তুবোৰত নাকটো লাগি বস্তুবোৰ ভাগি যায়। পুৰোহিতজনে দেখিলে কথা বিষম। ইমান দীঘল নাকটো কেনেকৈ চুটি কৰিব পৰা যাব। যদি কৰিব নোৱাৰে তেনেহ’লেতো ৰজাই সুদাই নেৰে। আৰু গছৰ গুটিটো বা ক’ত বিচাৰি পোৱা যাব। সেয়ে তেওঁ ভাবিলে মই এই বুঢ়া-বুঢ়ীকে ইয়াতে থৈ মেলি ঘৰলৈ যাওঁ আৰু তাৰ পাছত ৰাজ্য এৰি পলাই যাম। সেই ভাবি তেওঁ ৰজাক ক’লে, “মহাৰাজ, এই কামটো এই যে বুঢ়া-বুঢ়ী আহিছে তেওঁলোকে কৰিব পাৰিব। মোৰ অলপ অসুবিধা আছে। আজি অমাৱস্যা নহয়, তাতে ৰাজকুমাৰৰ লগত মোৰ ৰাশিটোৰো অলপ অসুবিধা। মই যদি এনে কাম কৰোঁ হিতে বিপৰীত হব পাৰে”। এই বুলি বুঢ়া-বুঢ়ীক ৰজাৰ ঘৰত থৈ পুৰোহিতজনে তাৰ পৰা গুছি আহিল। এইবাৰ ৰজাই বুঢ়া-বুঢ়ীক আদেশ দিলে যে আজিৰ ভিতৰতে ৰাজকুমাৰক ঠিক কৰি দিব লাগে। বুঢ়া-বুঢ়ীয়ে ভয়ে ভয়ে কলে মহাৰাজ আমি এই কাম কেনেকৈ কৰিম। আমি হ’লো মূৰুখমতি। তেতিয়া ৰজাই গৰজি উঠি ক’লে, “মই সেইবোৰ নাজানো, তহঁতে আজিৰ ভিতৰত ৰাজকুমাৰক ঠিক কৰি দিব লাগিব। নহলে তহঁতক পোতাশালত থোৱা হব”। এই বুলি বুঢ়া-বুঢ়ীক ৰজাই ৰাজকুমাৰে চিকাৰ কৰিবলৈ যোৱা হাবিত এৰি থৈ আহিবলৈ আদেশ দিলে। বুঢ়া-বুঢ়ী দুয়ো হাবিলৈ গৈ গছ এজোপাৰ তলত বহি মনৰ দুখত কান্দিবলৈ ধৰিলে। তেওঁলোকৰ কান্দোন শুনি ওচৰতে কৰবাত থকা কুকুৰ আৰু ভালুক আহি ওলালেহি। কুকুৰ আৰু ভালুকক বুঢ়া-বুঢ়ীয়ে তেওঁলোকৰ কাহিনী ক’বলৈ ধৰিলে। তাকে শুনি কুকুৰ আৰু ভালুকে ক’লে সিহঁতে সেই গছজোপাৰ গুটি আনি দিব পাৰিব। কিন্তু কেনেকৈ খুৱালে নাকটো চুটি হয় সেইটো হ’লে নাজানে। বুঢ়া-বুঢ়ীয়ে ভাবিলে যি হয় দেখা যাব। এই বুলি দুয়ো কুকুৰ আৰু ভালুকৰ লগত গৈ সেই গছজোপাৰ গুটি ছিঙি লৈ ৰজাৰ ঘৰ পালেগৈ। তেওঁলোকে গুটিটো ৰাজকুমাৰক খাবলৈ দিলে কিন্তু নাকটো চুটি নহ’ল। এইবাৰ বুঢ়া-বুঢ়ীয়ে তেওঁলোকৰ গুৰু মন্ত্র ফাঁকি মাতি ৰাজকুমাৰক খাবলৈ দি গাব ধৰিলে “দুই চেলা কজং কপং”। এইবাৰ কিন্তু কিবা এটা কাম দিলে। পাছে ৰাজকুমাৰৰ নাকটো চুটি হওক চাৰি বেছিহে দীঘল হবলৈ ধৰিলে। তাকে দেখি বুঢ়া বুঢ়ীয়ে ভয়তে ক’ব নোৱাৰাকৈ গুৰুমন্ত্র ফাকি ওলোটাই মাতিব ধৰিলে। “কজং কপং দুই চেলা”। এইবাৰ কিন্তু ৰাজকুমাৰৰ নাকটো চুটি হ’বলৈ ধৰিলে। তাকে দেখি বুঢ়া বুঢ়ীয়ে মনৰ আনন্দত কুকুৰ আৰু ভালুকৰ লগত নাচি নাচি গাব ধৰিলে “কজং কপং দুই চেলা” আৰু ৰাজকুমাৰৰ নাকটো চুটি হৈ আগৰ দৰে হৈ গ’ল। বুঢ়া বুঢ়ীৰ কামত ৰজা সন্তুষ্ট হৈ দুয়োকে এখন গাঁৱৰ ৰজা-ৰাণী পাতি দিলে আৰু বুঢ়া-বুঢ়ী ঘৰলৈ বুলি ওভতি আহিল।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!