কথাকবিতা : মৌমিতা (শান্তনু চাংমাই)
অনাদৰ আৰু অৱহেলা তাইৰ জীৱনৰ দুই অলংকাৰ | মনৰ নদীৰ দুয়ো পাৰে তাই দেখা পায় মাথোঁ জহি খহি যোৱা ভগ্নস্তুপ | কেতিয়াবা তাইৰ বুকুলৈ ভূঁইকপৰ উজান আহে- জোকাৰি যায় তাইৰ অস্তিত্বক | তাইৰ সেইবেলা টোপনি নাহে, মনত পৰে মণি-মুকুতা খচিত ৰথখনলৈ; য’ত উঠি অহাৰ কথা আছিল তাইৰ সপোনৰ ৰাজকুমাৰ | মালিক নোহোৱা বাগিছাৰ দৰে মৰহি গ’ল তাইৰ কোমল স্বপ্নৰ ফুলবিলাক, চিচাৰ পাত্ৰৰ দৰে থুনুকা আবেগবোৰ চুৰ্চুমৈ হৈ পৰিল | বীমা নকৰোৱা জীৱন তাইৰ- এপইচাও মূল্য নোহোৱা হ’ল | এক পল্টন অনুভূতি নি তাই পুতি থৈ আহিল গোন্ধাই থকা মৰিশালিৰ কাষতে |
পূজাৰী মানুহৰ সৰিবৰি সম্পদ- খাই ঢুকুৱাব নোৱাৰি | বিভূতি ভট্টৰ ঐশ্চৰ্য্যৰ আকাল নাই- গাঁৱে ভূঁয়ে ৰৈ বৈ যোৱা নাম | পোন্ধৰ বছৰ বয়সতে বিয়া কৰাই আনিছিল সুহাসিনীক, পুত্ৰ অভিলাষে আবৰি ৰাখিছিল তেওঁৰ উজাগৰী নিশাৰ সাধনা ! নোৱাৰিলে, এটি এটিকৈ চাৰিটি কন্যাক জনম দি চকু মুদিলে সুহাসিনীয়ে; নিব খুজিও লৈ যাব নোৱাৰিলে মৌমিতাক | গুছি যোৱা হ’লেই বাচি গ’ল হয় তাই | বীভচ প্ৰকৃতিয়ে তাইৰ সতেও খেলা কৰিলে | উটুৱাই নি তাইক পোৱালেহি জপজপীয়া নৃশংস নেক্ নেক্ কৰি থকা মানুহৰ জংগলখনত | পূজাৰীৰ পুৰশ্চৰণে তাইক বচাব নোৱাৰিলে | বচাব জানো খুজিছিল তাইক বিভূতি ভট্টই সঁচাকৈয়ে? নিজকে মধুসূদনৰ ওচৰত সমৰ্পণ কৰি দিয়া মানুহটোৱে জীয়েকহঁতৰ কথা নাভাবি চপাই অনা নাছিল জানো বাঁৰী হোৱা কলসী নামৰ মানুহজনীক ? পুত্ৰ অভিলাষে অন্ধ কৰি পেলোৱা দেউতাকৰ মোকামত হেৰাই থাকিল তাইৰ ঠিকনা |
মৌমিতা পতিতা হ’ল | জাঁতত পিচ খোৱা ঘেঁহুৰ দৰে পিচ খাই খাই নিজীৰ্ণ হৈ গ’ল তাইৰ কোমল সৰস সৰলীকৰণবোৰ | কোকলোঙা গ্ৰাহকবোৰে মোহাৰি পেলালে তাই অঁকা ছবিবোৰ এখন এখনকৈ | চলীম আহিছিল, তাইক দেখুৱাইছিল সূৰুয উঠাৰ বাট | হঠাত্ তাইৰ তেঁতেলী টেঙাৰ গছবোৰলৈ মনত পৰিছিল | মনত পৰিছিল মাকে ৰোৱা তুলসী গছজোপালৈ | মৰাশ’ হোৱা ফুলৰ গছতো এটি কলি মেলিছিল | নাটমন্দিৰত নটৰাজৰ প্ৰতিমূৰ্তিত তাই দূৰৰ পৰাই দীঘলকৈ সেৱা এটা কৰিছিল | কেওমেও কৰি থকা তাইৰ হৃদয়খনত আকৌ আৰম্ভ হৈছিল হেঁপাহৰ গুমগুমনি |
চলীম গুছি গ’ল তাৰ চলমাক বিচাৰি | থকা সৰকা কৰি থৈ গ’ল তাইৰ ঘৰৰ চাল | শিল বৰষুণ হ’লে সেইফালে বাদুলি সোমাব ধৰে | নখেৰে বাঁকুহি চিৰাচিৰ কৰে তাইৰ টাটৰি বান্ধি যোৱা ছাল | তাই একো নামাতে | অনাদৰ আৰু অৱহেলা তাইৰ জীৱনৰ চিনাকি অলংকাৰ | ডংডঙীয়া ৰাজকুমাৰটোৰ কথা আকৌ তাই নাভাবিবলৈ শপত খাইছে |