কথা কোৱা ছবি – প্ৰদ্যুম্ন কুমাৰ গগৈ
জীৱনৰ ভাও লৈ লাগিছে বেজাৰ আজি
ভুৱা দেখি লাগিছে ভাগৰ,
সাগৰ-বালিতে সাজি ধেমালিৰ বালি-ঘৰ
পাহৰিলো ৰূপ সাগৰৰ |
কোন কাৰ জগতৰ কোন কাৰ মৰমৰ
চকুৰ চিনাকি দুদিনৰ,
সসীমৰ ৰূপ-তৃষা অসীমত বুৰ যাব
খহি গ’লে জৰী মৰমৰ |
‘সপোনৰ সুৰ’ আৰু ‘অলকানন্দা’ৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ সৰ্বপ্ৰথম মহিলা সভাপতি, অতীন্দ্ৰিয়বাদী কবি , দুখৰ সাগৰেও টলাব নোৱাৰা, আনুষ্ঠানিক শিক্ষাৰহিত কবি নলিনীবালা দেৱীৰ বাসগৃহৰ ছবি।