কথোপকথন: বিৰিঞ্চি বৰা
কথোপকথন
বিৰিঞ্চি বৰা
-কৃষ্ণ কৃষ্ণ,
বোলো অ’ পদুমী, পদুমী
বোলো ক’ত মৰিলিগৈ, হঞে শুনা নাই নেকি?
-বোলো কি হলনো, কিয়নো মৰ চিঞৰ টানি আছে, মই পাছফালে কাঁহি- বাতি ধুই আছিলো। অলপমানো নেদেখাকে থাকিব নোৱাৰে নেকি?
-থ’ থ’ তোক চাবলৈ মই চিঞৰ টানি থকা নাই। বাঁহনিৰ তলত গৈ তহঁতৰ ঘৰৰ ফালে চাই চিঞৰি থকাৰ দিন নাই বুজিছ হেঃ হেঃ…
-হ’ব হ’ব এতিয়া বকলা মেলিব নেলাগে, সোনকালে কওক কিয় টেটু ফালি আছিল।
-আও বৰ চাৰ দেখোন, আগতে দেখোন তয়ে কৈ থাক আপুনি মোৰ লগত কথাই নেপাতে এতিয়া দেখুন তোৰহে সময়ে নাই।
-তেতিয়াৰ কথা বেলেগ আছিল। এতিয়া মই বকলা শুনি থাকিলে ভাত কোনে ৰান্ধিব।
-অ এতিয়া এই বোৰ বকলাহে হ’লনে? আচলতে মাছ খালৈত সোমালেতো এতিয়া আৰু মাছক কোনে খুৱাই। তোক পলুৱাই ননা হলে ভাল আছিল। নন্দেশ্ৱৰৰ জীয়েকজনীয়েই ভাল আছিল। বৰ আশা কৰিছিল দেও।
-হে প্ৰভু ক’তে মৰোঁ মই, মোক যদি ভাল লগাই নাছিল বিহু মাৰিব যাওঁতে বাট ভেটি কিয় ধৰিছিল। বিহু উৰোৱা দিনা কিয় পলোৱাই আনিছিল। এতিয়া নন্দেশ্ৱৰৰ জীয়েককহে মনত পেলাইছে। চাওঁচোন আজি ভাত কোনে দিয়ে। মই বেটিয়ে ভাত ৰান্ধি কাপোৰ ধুই মৰোঁ আৰু এওঁ গৈ আকৌ নন্দেশ্ৱৰৰ জীয়েককহে বিচাৰি পায়।
-হেঃ হেঃ…… এতিয়াহে জেগাত লাগিছে একদম। আয়ৈ দেহি মোৰ দেহালাও মই ধেমালিহে কৰিছিলোঁ। তোৰ লগত চুপতি মাৰি থাকোতে আচল কথাটো কবলৈ পাহৰিয়ে গৈছিলোঁ।
-হ’ব এতিয়া লেৰেলা সাদৰ দেখুৱাব নেলাগে।
-নহয় অ’ সোণজনী তইয়ে মোৰ দেহাৰ লাও, বতৰৰ লাও আৰু সবৰে লাও দে। এইবাৰ খেতি ভাল হ’লে তোলৈ সোণৰ খাৰু এযোৰ গঢ়াই দিম দে। হব আৰু হাঁহি এটা মাৰ আৰু এতিয়া।
-নেলাগে মোক খাৰু-চাৰু নন্দেশ্ৱৰ ৰ জীয়েককে দিয়কগৈ।
-বাৰু বাৰু বাদ দে এতিয়া সেইবোৰ, হেৰি নহয় আমাৰ কঠীয়া কম হৈছিল নহয় মই বেজীয়াৰ লগত কথা পাতি আহিছো, তই কোনোবা এজনীৰ লগত গৈ কঠীয়া খিনি তুলি লৈ আহিবিগৈ। কাইলৈ মাটিখিনি মৈ দি আহিব লাগিব। বোপাইটো ক’লৈ গ’ল অ’।
-নাজানো ক’তনো ঘূৰি ফুৰে। অকল সেই ম’বাইল ডাল পিটিকি থাকে। তাত সেই ফেচবুক নে টেচবুক কিবা এটা কৰি থাকে।
-তই মাকজনী হৈ অলপ চকু নিদিলে কেনেকে হ’ব। অধঃপতনে যাব দিব নোৱাৰি নহয়।
-মইনো নপঢ়া নুশুনা মানু্হ জনীয়ে কি কম তাক। আপুনিনো তাক পথাৰলৈ লগ নধৰে কিয় কিমাননো অকলে কৰি থাকিব।
-কৈছিলোঁ এদিন, সি মোক ক’লে পিতাই তইটো বুঢ়া হৈ আহিছ, দুদিন পিছত মই এনেয়েও কৰিব লাগিব। চ’ অলপ মষ্টি কৰি লওঁ আৰু। মই আৰু কি কম।
পুতেকৰ প্ৰৱেশ…….. ধিংকা চিকা ধিংকা চিকা ……বেকগ্ৰাওণ্ড মিউজিক…….
-বোপাই ক’ৰ পৰা আহিলিনো। তইনো বাপেৰটোক পথাৰৰ কামত সহায় কৰি দিব নোৱাৰ।
-ধুৰ…. সেইবোৰ কৰিব টাইম নাই মোৰ। আৰু বহুত ভাল কাম আছে কৰিব। দুদিন পাছত টাওন গৈ আছোঁ, হাজাৰ টকা কমাই আছোঁ চাই থাক।
এইবুলি মোবাইল টিপিবলৈ আৰম্ভ কৰে….
-তইনো এইটোত কি চাই থাক হয়নে বোপাই। চকু টকু নিবিষাইনে।
-ই পিতাই তই কি বুজিবি আজিকালি চবেই ফেচবুক কৰি থাকে, যিয়ে নকৰে তাক কোনেও পাত্তা নিদিয়ে। দেখা নাই ফেচবুকে অসম বন্ধ কৰি দিছিল। ইয়াত চবেই নিজৰ নিজৰ নতুন নতুন আপদেট দি থাকে। তাতে যে কত ৰকমৰ কথা কিমান লাইক। কতই এটা লাইক পাবলৈ আক টানে তাক টানে তই সেইবিলাক নুবুজিবি।
-আও ইমান কথা থাকেনে সেইডালত। পাছে সেইবিলাক পাই কিনো কৰে পইছা পাই নেকি?
-পইছা নেপায়, কিন্তু লাইক পাই , সেইটো পালে চব খুচ। কত ছোৱালীয়ে নিজৰ ফটো তুলি যাকে তাকে কৈ থাকে লাইক কৰিব। মন গলে তাৰ মাজৰ পৰা মই তহঁতৰ কাৰণে বোৱাৰী চাইও দিব পাৰোঁ। ইয়াত চবেই নিজকে আনকমন দেখুৱাবলৈ বিচাৰে বুজিছ।
-তই পিছে লাইক নে কি সেইটো পাইছনে নাই।
-পাওঁ কেতিয়াবা সদাই নাপাও ন।
-মই তোক ৰাস্তা এটা দিব পাৰো লাইক পাবলে।
-কি ৰাস্তা বা?
-তই এটা কাম কৰ তই হাল বাই থকাৰ ফটো এখন তোল আৰু ফেচবুকত দি দে। সেইটো এটা আনকমন হ’ব। আজিকালিটো খুব কম ডেকা ল’ৰাইহে হাল বাবলৈ যায়। তই ধেৰ লাইক পাই যাবি বুজিছ।
-অ পিতাই তোৰ আইডিয়াটো বেয়া নহয়। বঢ়িয়া…..!
বৰ সুন্দৰ ।