কথোপকথন-১৩ (ধীৰাজ কলিতা)
সোধা প্ৰশ্নটোৰ উত্তৰ পোনপটীয়াকৈ দিলে আমি বৰ বেয়া পাওঁ ।এয়া আমাৰ অভ্যাস হৈ গৈছে । যিটো প্ৰশ্ন সুধিছে তাৰ উত্তৰ শুদ্ধকৈ নম্ৰভাৱে দিলে আমাৰ অশান্তি লাগে আৰু নিজৰ মনৰ ভিতৰতে কওঁ,”এই মানুহজনে কথা ক’ব একেবাৰে নাজানে, এনেকৈ কথা কয় নেকি ?”
বিভূতিয়ে কলিতাক ৰাস্তাত লগ পাই সুধিলে,”ককাইদেউ ক’লৈ যায় ?”
কলিতাই লাহেকৈ ক’লে,”বজাৰলৈ ”
বিভূতি-“পূজাৰ বতৰ,নতুন কাপোৰ কিনিব যায় চাগে’ ?”
কলিতাই আচলতে চাইকেলত বজাৰ কৰা মোনাখন ওলমাই অকণমান শাক-পাছলি আনো বুলি ওলাইছিলে ।গতিকে বিভূতিৰ প্ৰশ্নৰ উত্তৰত তেওঁ চিধাকৈ ক’লে-“নহয়”
বিভূতিয়ে মুখৰ ভিতৰতে ভোৰভোৰালে-“তিনিওজন পুতেকে চাকৰি কৰে,ঘৰৰ খেতিৰ চাউল খায়, ডাঙৰ ডাঙৰ কথা ক’বই । চাওচোন কিমানদিন থাকে এই অহংকাৰ ”
(পাঠক ৰাইজ,বিভূতিয়ে কোৱাৰ দৰে কলিতাই বাৰু ডাঙৰ ডাঙৰ অহংকাৰী কথা কলে নেকি?)
সিদিনাখন ৰাস্তাত বৰুৱানীক লগ নোপোৱাহেঁতেন বিভূতিৰ মনটো কুট-কুটাই থাকিলহেঁতেন । কলিতাৰ লগত হোৱা চমু কথা-বতৰাই বিভূতিৰ টোপনিত ব্যাঘাত জন্মালেহেঁতেন ।
বিভূতি(বৰুৱানীলৈ চায়)–“বাইদেউ বজাৰলৈ গৈছিল ?”
বৰুৱানী–“এহ নকবা আৰু । সৰু ল’ৰাজনৰ লগত নোৱাৰা হৈছো আৰু । ঘী নহ’লে ভাত মুখতে নিদিয়ে । পঢ়ি থকাৰ মাজতে আকৌ একপেকেট বিস্কুট, কাজুবাদাম, মৌচুমী …কিনো নালাগে তাক। পৰীক্ষাৰ কেইদিন কষ্টও হয় পিছে ।”
বিভূতিয়ে মুখত হাঁহি এটা লৈ শলাগিলে,”মোৰো কন্যাজনীয়ে সৰু মাছ নহ’লে ভাত খোৱাৰ নামেই নলয় । কি কৰিব আৰু, আজিকালিৰ ল’ৰা-কন্যা ”
সুযোগ বুজি বিভূতিয়ে বৰুৱানীলৈ মিঠা মাতেৰে সুধিলে,”শুনিছো ডাঙৰ ল’ৰা জন এতিয়া ঘৰতে থাকে ?”
বৰুৱানী— কিনো কম । বোলোতে দূৰৈৰ পাহাৰ দেখিবলৈহে সুন্দৰ । দিল্লীত যিকেইটা আৰ্জে ঘৰ ভাৰা, খোৱা বোৱা কৰোতেই শেষ । ল’ৰাজনে এদিন ক’লে
“মা, কম টকাৰ হ’লেও ঘৰৰ ওচৰতে চাকৰি এটা কৰোঁ । যিমান হ’লেও ঘৰৰ ভাত ।বাহিৰৰ পৰিবেশো সিমান ভাল নহয় । ঘৰৰো কাম কাজ অলপ চাব পাৰিম (পুতেকে কিন্তু কোৱা নাছিল তেনেকৈ-সেইটো কথা নিজে সাজি কলে বৰুৱানী)”।মই কলো,”ঠিকেই কৈছা । আজিৰ কিমানজন ল’ৰাইনো এনে চিন্তা কৰে। ঘৰতে ডিজেলৰ গাড়ী এখনো আছে, চলোৱা মানুহ নাই । অফিচলৈ অহা-যোৱা কৰিব সুবিধাই হ’ব ।””
(পাঠক ৰাইজ,”বৰুৱানী বজাৰলৈ গৈছিল নেকি?”,”তেওৰ ডাঙৰ ল’ৰাজন ঘৰতে থাকে নেকি ?” বুলি বিভূতিয়ে সোধা এটা প্ৰশ্নৰ উত্তৰো কিন্তু বৰুৱানীয়ে নিদিলে )
বি:দ্ৰ: -কলিতাই মাজে মাজে ভাবে “অ’,সঁচা কথা কওঁ কাৰণে মই কলিতা বেয়া।