কথোপকথন – ১৫
কথোপকথন – ১৫
ණ ধীৰাজ কলিতা
—হুদ, জীয়েকৰ বিয়াত চেগুন গছৰ ফাৰ্নিছাৰ দিওতে কিবা আমাক সুধি দিছিল নে? এতিয়া পাইছা নহয় মজাটো | দুদিন পিছত দেখিবি ঘৰত সোমাই চন্দন কাঠৰ পালেঙতে মুচুৰি থৈ আহিছে |
বিভুতিয়ে মুখৰ ভিতৰতে ভোৰভোৰাই, ৫ বেটেৰী টৰ্চটো সোঁহাতেৰে বাওঁহাতৰ তলুৱাত কোবাইছে, কিজানিবা জ্বলেই | বিভুতিয়ে তিতা মাতেৰে আকৌ চিঞৰিছে
—ওলা কাকতি, গাত কম্বল লৈ হিন্দী চিৰিয়েল চাই থাকিবলৈ চৰকাৰে পইচা দিয়া নাই |
মদন কাকতিয়ে চাই থকা চিৰিয়েল খনৰ ভলিউমটো কমাই দি একে জাপে চোফাৰ পৰা নামিলে |
—কি হ’ল নো বিভুতি দা ? এই ৰাতিখন কাৰ ওপৰত ইমানকৈ খং ?
—কিয়, ফোনটো বাজি উঠা শুনা নাছিলি হ’বলা ? মৌজাদাৰে ফোন কৰিছিল | ৰংপুৰ গাঁওত হাতী সোমাইছে বোলে |
—আমি কি কৰিব লাগে? ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰ | মই যোৱাত নাই দেই, ফোন কৰি এনেই কৈ দিয়ক আমি অইন ফালে আহিছো ডিউটিত | এটা টৰ্চ আৰু মামৰে ধৰা দুটা বন্দুকেৰে হাতী খেদিব ওলাইছে ? আপোনাৰ মুৰটোত মগজ বোলা কিবা আছে নে নাই ?
—মগজ আছে কাৰনেইতো কৈছো | অফিচৰ ফোনত ফোন ৰিচিভ কৰি,কেনেকে কও আমি অফিচত নাই বুলি | মুৰটোত মগজ বোলা কিবা আছে নে নাই ?
—ঠিক আছে, ব’লক তেন্তে | মই কিন্তু গাঁওৰ একেবাৰে মাজলৈ যাবলৈ নাই | গনেশ বাবা নিজে গুচি যাব | এইহেন হাতীৰ জাকক আপুনি একো কৰিব নোৱাৰে | যাওঁ বুলিলে ৰাতি পুৱালৈ নিজে নিজে যাব, নাযাওঁ বুলিলে সিহতৰ গাৰ নোম এডাল ও লৰাব নোৱাৰে |
—কথাটো হওতে হয় | আমিনো কৰিম কি ? গাঁওৰ দুখীয়া মানুহখিনিক লৈও বেয়া লাগে, হাতীবোৰক লৈ ও বেয়া লাগে | ক’তনো থাকিব সিহত ?
—নিজৰ থাকিব ঠাই নাই বুলি আনৰ ঘৰ ভাঙিব, এইটো কিবা কথা হ’লনে ?
কথা পাতি পাতি মদন আৰু বিভুতি হাতত টৰ্চ লৈ ওলাই গল | গাঁওত ফৰেষ্ট অফিচৰ নতুনকৈ শাখা এটা খুলিছে | ৰাতিৰ ডিউতিত মদন আৰু বিভুতি | আহিব আহিব বুলি নতুন কৰ্মচাৰী অহায়ে নাই | স্কুলঘৰৰ সন্মুখৰ কালভাৰ্টটোত বহি বহিয়ে দুয়োজনে বহু সময় কটালে | মাজে মাজে হাতীৰ খোজৰ শব্দ শুনিবলৈ কান থিয় কৰি দিয়ে |
ফোনে ফোনে যোগাযোগ কৰি বুকুত মৰসাহ বান্ধি শেষ ৰাতি গাওৰ মানুহ ওলাই আহিল | হাতত খালী টিং, জুইৰ শিখা লৈ হাতীজাকক নিজৰ গাঁওৰ পৰা খেদি লৈ গৈ থাকিল | কাৰো একো অনিষ্ট নকৰাকৈ গাড়ী যোৱা মুল ৰাস্তাৰেই গাওৰ মাজেৰে ৫ জনীয়া হাতীৰ দলটো আগবাঢ়িল | ৰংপুৰ গাঁওৰ ৰাইজে নিজৰ গাওৰ পৰা আতৰাই পঠিয়ালে আনখন গাঁওলৈ | সেইখন গাঁওৰ মানুহে আকৌ চিঞৰ বাখৰ, জাঠি–জোং লৈ খেদি পঠিয়ালে ওচৰৰ গাঁওখনলৈ | দুদিনমানলৈ এই পৰ্ব চলি থাকিল |
দুদিন পিছত বিভুতিহঁতৰ অফিচত খবৰ আহিল | হাতীৰ জাকটো আকৌ উভতি আহিব লৈছে, এইবাৰ আগতকৈ ভয়ংকৰ ৰূপ লৈ | ৰংপুৰ গাওৰ পৰা ৫০ কি.মি আতৰৰ নৈ খনলৈ খেদি থৈ আহিছিল যদিও একো লাভ নহল | পিছে ভৰা নদী খন পাৰ হবলৈ জাকটোৱে সাহস নকৰিলে | নদীখন পাৰ হ’লেওতো একেই ৰংপুৰৰ দৰে আন এখন গাঁওৱেই পাব | হাতীবোৰ যাব ক’লৈ ? সিহঁতৰ দেখোন একো ঠিকনাই নাই |