কবিতাৰ দুটি স্কেটছ
(১)
ৰাধাচূড়া জোপাৰ পাতবোৰ
বতাহজাকৰ বা’ লাগি সৰি শেষ হ’ল
বৰষুণজাকে কঢ়িয়াই অনা সেমেকা মাটিৰ গোন্ধত
মোৰ দুখৰ এপিটাফ লিখা ৰ’ল।।
(২)
হেঙুল আবেলিত ডুব যোৱা
সুখময় দিনৰ বহুতো নোগোৱা গানৰ গুণগুণনিৰে
কোনে বাৰু সানি থৈ গ’ল মোৰ হৃদয়ত ৰাধাচূড়া ৰং!