কবিতা জানো ….??? (স্বৰাজ নেওগ)

কবিতা জানো ….???

মই যুৱ প্রজন্মই কৈছোঁ,
‘তেজ দিম তেল নিদিওঁ’ৰ ঠিক পিছতেই মোৰ জন্ম
শিপা হেৰোৱা এজাক মানুহৰ সৈতে মই ক্ৰমাৎ যৌৱনপ্রাপ্ত
তিনিআলিৰ মূৰত মোৰ কেৰেমৰ আখৰা
মই হেনো চুবুৰীটোৰ এটা বেয়া ল’ৰা
তেওঁলোকেতো নাজানে পৰিচয়হীনতাৰ যাতনা
নুবুজে পাই হেৰোৱাৰ বেদনা
মোৰ জন্মভূমিত দুৰ্ভিক্ষৰ কিৰিলি
দিহিঙৰ পাৰত বিষাক্ত আফিঙৰ খেতি
হাঁহি উঠে শুনি
মৃত্যু হেনো শিল্প
শিল্প কি ইমান বিভৎস….???
এইবোৰ দেখি-শুনি মই ক্লান্ত; ৰিক্ত
সেয়ে……
চকুত সানি ল’লোঁ পশ্চিমীয়া ৰং
কাণত গুজি ল’লোঁ মাতাল চিঞৰ……

মোৰ কথা লিখি বুদ্ধিজীৱীজনে দুটকা পালে
তাৰে তেওঁ জীয়েকলৈ এটা মিনিষ্কার্ট কিনিলে
মই জোৰেৰে পাৰ হৈ যাওঁতে তেওঁ ক’লে,
উতনুৱা উদণ্ড এই যুৱ প্রজন্ম
আচলতে বাৰু তেওঁ নাজানে নেকি
বীজ সিঁচাৰ আগত পথাৰখন ভালকৈ চহোৱাৰ নিয়ম….???

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!