কবিতা (দেৱপ্ৰতিম হাজৰিকা)

কবিতা; মনৰ নানা অনুভৱৰ সমাহাৰ এই কবিতা। এই অনুভৱবিলাক যেন একো একোখন নৈ। এই নৈসমূহ লগ লাগিয়ে যেন প্ৰাণ পায় কবিতা নামৰ অন্তহীন সাগৰখনে।

কবিতা; মনৰ এক অদ্ভুত অনুভুতি, নহয় জানো? বুজাই বুজি উঠে ইয়াৰ অন্তৰ্নিহিত ভাৱ। নুবুজাই কবিতা এটি পঢ়ি কৰে নানা ধৰণৰ প্ৰশ্ন। বহু সময় বুজিবলৈ চেষ্টা কৰে।

কবিতা; কেতিয়াবা দিয়ে প্ৰেমৰ বতৰা, কেতিয়াবা পোৱা যায় দুখী মনৰ বহিৰ্প্ৰকাশ। আকৌ কেতিয়াবা পাওঁ কোনো বিল্পৱৰ আগজাননী। কবিতাত বিচাৰি পাওঁ কবিৰ আত্মাক।

কবিতা; কবিয়ে লিখিছে এটি কবিতাৰ শাৰী। কেতিয়াবা লাগে যেন এই শাৰীকেইটি কবিৰ বুকুৰ গোপন সূত্ৰ। আপুনি এই গোপন সূত্ৰৰ পম খেদি পাব বুজিব পাৰে কবিজনক। কিন্তু কেতিয়াবা এই গোপন সূত্ৰৰ পম খেদি পাব পাৰে আপুনি নিজকে এই কবিতাৰ মাজত।

কবিতা; পলকতে মোহাচ্ছন্ন কৰি তুলিব পাৰে আপোনাৰ মনক। ক’ব নোৱাৰাকৈ সোমাই পৰে কবিতাৰ পৃথিৱীখনত। কবিতা শেষ হোৱাৰ পাচত আপুনি চেষ্টা কৰিছে সেই পৃথিৱীখনৰ ওলাই আহিবলৈ। কিন্তু বাৰে বাৰে চেষ্টা কৰিও ওলাই আহিবলৈ হৈ পৰে আপুনি অসক্ষম। কিন্তু কিয়? প্ৰশ্ন তোলে নিজকে? হয়তো কবিতাৰ মাজত বিচাৰি পাইছে নিজকে। আপোনাৰ মনক সঁহাৰি দিছে সেই কবিতাই।

কবিতা; কোনোৱে লিখিছে চৰাইক লৈ, কোনোৱে নদীক লৈ, কোনোৱে লিখিছে প্ৰেমক লৈ, কোনোৱে লিখিছে প্ৰকৃতিৰ সুন্দৰতাক লৈ, কোনোৱে লিখিছে সমাজক লৈ। কবিতাত আপুনি বিচাৰি পাব নতুন কিছু চিন্তাধাৰা, সুখ-দুখ। কোনো কবিৰ প্ৰেমৰ জয়গান, কোনোৱে কবিতাৰ শাৰী ভৰাই তুলিব দুখী ভাৱেৰে, কোনো প্ৰকৃতিৰ প্ৰেমত হৈ পৰিব বিভোৰ, কোনোৱে আকৌ কৰিব কিছু অলীক কল্পনা।

কবিতা; সুন্দৰতাৰ মাজেৰেই কবিতাৰ জন্ম। কবি মনক বুজিবলৈ আপুনি সক্ষম নহ’ব পাৰে, কিন্তু আপুনি বুজিবলৈ সক্ষম নোহোৱা কবিতাটোতো আপুনি বিচাৰিবলৈ সক্ষম হ’ব সুন্দৰতাক। সেয়ে হয়তো কবিতাৰ সৃষ্টি সকলোৰে দ্বাৰা সম্ভৱ নহয়। ইচ্ছা কৰিলেই সৃষ্টি নহয় এটি কবিতাৰ। কবিতা এটাৰ সৃষ্টি হয় অকস্মাৎ। ইয়াৰ সৃষ্টি তাৎক্ষণিক। কবিৰ মনৰ গভীৰ ভাৱৰ স্বতঃস্ফুৰ্ত বহিঃপ্ৰকাশ এই কবিতা; কেতিয়াবা মাথোঁ কেইটিমান শাৰী, কেতিয়াবা পৃষ্ঠাযোৰা হৈ পৰে এই কবিতা। সাহিত্যৰ হৃদযন্ত্ৰস্বৰূপ এই কবিতাৰ অবিহনে সাহিত্য এক অৰ্থত নিৰস।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!