কবিতা ( নিবেদিতা হাজৰিকা )

(১)

শিলাময় পাহাৰৰ ওপৰেৰে বাট বুলি বুলি মই যেতিয়া ক্লান্ত হৈছিলোঁ তুমি ৰঙা পতাকাখন জোকাৰি মাতিছিলা আৰু দেখুৱাই দিছিলা জীৱনলৈ যোৱাৰ বাট, দূৰৰ আকাশত তেতিয়া চিক্ মিক্ দুটি তৰাৰ আলাপ !

(২)

হালধীয়া, বেঙুনীয়া ফুলবোৰৰ মাজেৰে গৈ গৈ আমি এখন নদী পালোঁ চকুপানীৰ ;
দুওঁঠৰ উজ্জ্বলতাৰে তুমি চকুপানীবোৰ শুহি ল’লা আৰু পাতি দিলা বুকুত মোৰ এখনি ব্যাকুল শস্যভূমি !

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!