কবিতা (প্লাবন বিজয়)

Plaban Bijoy

‎””””””””””””””””””””””””””””””””””””’
ডাঙৰি ভাৰ কান্ধত লৈ ঘৰেগৈ পালোগৈ
মৰণা চোন পেলাবৰ হলে মোৰ মাজনি
মৰণা চোন পেলাবৰ হল

পথাৰৰ মাজতে ডাঙৰি বান্ধোতে
তোলৈনো বৰ মনতে পৰে মোৰ মাজনি
তোলৈনো বৰ মনতে পৰে

যোৱাবাৰ আঘোণত কথাযে দিছিলি
বুকুতে যে ধৰেফৰে কৰে মোৰ মাজনি
বুকুতে যে ধৰেফৰে কৰে

তোলৈ সঁচা মৰম ৰাখিছোঁ যতনে
এই বেলি বহাগত যাচিম মোৰ মাজনি
এই বেলি বহাগত যাচিম…………….

 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
11 years ago

ধন্যবাদ…….

Copying is Prohibited!