কবিতা (মৈত্ৰেয়ী পাটৰ)
কবিতা
কবিতা কি?
মোৰ উজাগৰ ৰাতিৰ মৌনতাত
শব্দৰ দুশাৰী চাকি
কি নো কৈছা!
কেৱল শব্দই জানো কবিতাৰ পাখি?
বাৰু কোৱাচোন,
কবিতা কোন?
মোৰ একাকী আকাশৰ অজলা জোন
ধেৎ কি যে কোৱা
মই কওঁ শুনা,
কবিতা আকালৰ ভোকৰ
টোপোলা হেঁপাহ
ৰু-ৰুৱাই বলা ফাগুনে
যি হেঁপাহক
বোকোচাত তুলি নি পোৱায়গৈ
ফাট মেলা পথাৰৰ
বুকুৰ উঁহ
শুনিছানে তুমি?
কবিতা সেই হেঁপাহ
যি হেঁপাহত খৰাঙৰ মাটি ফালি ওলাই আহে
শাওনৰ আলৌলৌৱা সপোন
বুজিছা?
কবিতা মাটিৰ বুকুত ফুলা
আঘোণৰ গুটি গুটি সোণ।