কবিতা — হিমাংশু প্ৰসাদ দাস
এক
মইতো গামেই বসন্তৰ গান
আৰুনো মই কি জানো
ৰ’দ হৈ জনামেইতো আমন্ত্ৰণ সূৰ্য্যমুখীক
চুমা এটা খাবলৈ
আৰুনো মই কি জানো।
দুই
আলফুলে আঁজলিত লৈ উত্তাল প্ৰশান্ত
এয়া চোৱা মই তোমাৰ কাষত
এয়া চোৱা কেনেকৈ গুজি দিছোঁ
নিৰ্বাক শূন্যতাত ইমানবোৰ চৰাইৰ মাত।
তিনি
ফাগুন মোৰ প্ৰিয় নাছিল কেতিয়াও
তুমি আহি বুজাই দিলা
সৰাপাতত লিখা থাকে
বসন্তৰ ঠিকনা।