কমল শইকীয়াৰ দুৰ্ঘটনাটো ( পংকজজ্যোতি মহন্ত )
বিহ খাই কাণ-মূৰ পেলোৱা নিগনি এটাৰ নিচিনাকৈ জীৱনৰ বিহ খাই খাই শইকীয়াৰ চেহেৰাটো বৰ্তমান দেখিলে মৰিশালি-যাত্ৰালৈ বেছিদিন নথকা মানুহ যেন লগা হৈ পৰিছে৷ কিন্তু বয়সেতো ভাটী দিয়াই নাই, বৰং অৱসৰ ল’বলৈ এতিয়াও পাঁচ বছৰমান বাকী আছেই…৷ “আগতে সকলো ভাল আছিল, এতিয়া সব বেয়া৷ এতিয়াৰ ল’ৰা-ছোৱালীবোৰ ইমান বেয়া হ’ল, আগতে আমি এনে নাছিলোঁ”— সাধাৰণতে যিটো বয়সত মানুহবোৰে এনেকৈ বেছিকৈ ভাবিবলৈ আৰম্ভ কৰে ঠিক সেইটো বয়সতে তেওঁ উপনীত হৈছেহি৷ পুৱা কৰিবলৈ একো কাম নাই, কাকতবোৰ পঢ়িবলৈয়ো একো “বাতৰি” বা “কথা” তেওঁ নোপোৱা হৈছে আজিকালি৷ “কিনো ৰাস্তাই-ঘাটে মানুহবোৰে আজিকালি ৰাতিপুৱা দৌৰি ফুৰা ফেছনটো ওলাল” বুলি পুৱাই পুৱাই পথেৰে খোজকাঢ়ি ফুৰা মানুহবোৰ দেখি তেওঁ বৰ বিৰক্ত হয়৷ “চাওঁচোন, সেইজাকৰ নিচিনাকৈ আজি মইয়ো গৈ চাওঁ” বুলি তেওঁ পথটোৰেদি লাহে লাহে খোজ কাঢ়িবলৈকে ওলাই গ’ল৷
“আজি মহামানৱৰ কিনো মন গ’ল বা? পুৱাৰ ৰাস্তাত হাৱা খাই আহিলে! ” — খোজ কাঢ়ি উভতি ঘৰলৈ সোমাই অহা দেখা পাই শইকীয়াৰ মানুহজনীয়ে বাহিৰতে দাঁত-ব্ৰাছ কৰি থকা জীয়েকক কৈ ঠাট্টা কৰিলে৷ মাকৰ কথাত অশান্তি পাই জীয়েকে একো নামাতিলে৷ সাৰ পাই শুই থকা পুতেকৰ কাণত কথাতো পৰাত “এইহালৰ ৰাতিপুৱাই কেটেৰা-জেঙেৰা আৰম্ভ হ’লেই” বুলি ভাবি খঙত তাৰ মুখখন বেকেটা খাই পৰিল৷ সি ডেকা হৈছে, গতিকে ৯টাৰ আগত আজিকালি শোৱাৰ পৰা নুঠে৷ মানুহজনীৰ কথাষাৰ শইকীয়াৰ কাণতো পৰিলেগৈ৷ ভাদমহীয়া ৰৌ ৰৌৱাই থকা কুকুৰজাকৰ পৰা প্ৰথমকেইদিন শান্তিত শুব নোৱাৰিলেও পিছলৈ সেই অশান্তিকে শান্তি বুলি ধৰিবলৈ বাধ্য হৈ চিঞৰৰ মাজতে টোপনি যোৱাৰ দৰে আজিকালি মানুহজনীৰ কথাবোৰো তেওঁৰ এখন কাণেৰে সোমাই আনখন কাণেৰে ওলাই যোৱা হৈছে; সেইবোৰে আজিকালি মগজত অশান্তি দি নাথাকে আৰু৷ শইকীয়াই ডেকাকালত কিমান যে ভাবিছিল— “মানুহ এজনী আনিব জীৱনলৈ! গোটেই জীৱন সপোন-কুঁৱৰী হৈ থাকিব…! ” কিন্তু বিয়াৰ দুবছৰ মানৰ পাছতে তেওঁৰ উপলব্ধি কৰিলে সপোন-কুঁৱৰী হোৱাটো দূৰৰে কথা, মানুহজনী হৈ পৰিল তেওঁৰ জীৱনৰ “হাই-কামাণ্ড”! এতিয়া মানুহজনী তেওঁৰ বাবে তাহানিৰ কেঁচা-ঘৰৰ মূধচৰ বাঁহৰ-চুঙাত সোমাই থকা ফেঁচাৰ নিচিনা কিবা এটাত পৰিণত হ’ল— সংগত থকাৰ বাবে মঙ্গলেই হৈছে নে অমঙ্গলেই হৈ আছে বুজা টান; নতুবা উপস্থিত থকা বাবে ভালেই লাগে নে বেয়াই লাগে নিজেই অনুভৱ কৰাও টান৷ মানুহজনীয়েইবা তেওঁক আপদ বুলিয়েই ভাবে নে সম্পদ বুলিয়েই ভাবে সেইটোও আজিকালি তেওঁ চিন্তা কৰি চাবলৈ বাদ দিলে৷ এটা কথা ভাবিয়েই শইকীয়াই কিছু সকাহ লয়— “সবৰে একেই অৱস্থা”৷ পুৰণি চিনাকি বা সহকৰ্মী পুৰুষবোৰৰ মুখৰ কথাতো তেওঁ একেই অৱস্থা এটাৰ ধাৰণাকে লাভ কৰে৷ সেইবাবেই “আজিকালি ল’ৰা-ছোৱালীবোৰৰ ইমান হলি-গলি! এইমখাৰ ভৱিষ্যতটো যে কি হ’বগৈ” —শইকীয়াই ভাবে— “তাহানি বান্ধৱী শব্দটোৰ প্ৰচলনেই নাছিল! মুকলিত দুই-এষাৰ কথা-বতৰাহে চলে ল’ৰা আৰু ছোৱালীৰ মাজত৷ অথচ আমাৰবোৰৰে আকৰ্ষণ নোহোৱা হৈ পৰে ইমান সোণকালে৷ এইমখাৰ পিছলৈ বিশ্বযুদ্ধ নালাগিব নে! ইমান বেয়া দিন আহি আছে, কোনেও গমেই পোৱা নাই! …” আকৌ, ল’ৰা-ছোৱালীবোৰেনো আজিকালি ইমানকৈ কি কথা পাতে তেওঁ ভাবি অন্ত কৰিব নোৱাৰে৷ তেওঁ অতীতত যিমানবোৰ ছোৱালীৰ লগত দুই-এষাৰ কথা পাতিবলৈ পাইছিল সবেই সৰহখিনি সময় বাকী ছোৱালীবোৰৰ বদনাম কৈয়েই কটাইছিল৷ নিজৰ এই মানুহজনীৰে মুখতো তেওঁ জীৱনৰ সৰহখিনি সময় আন মহিলাবোৰৰ বদনাম শুনিয়েই পাৰ কৰিলে৷ আৰু এই পুৰুষবোৰ, সবৰে মুখত সৰহভাগ সময় পত্নীবোৰৰ বদনামেই শুনিলে৷ তেওঁ নিজেও নো বেলেগ পাতিব কি! এইবোৰৰ পৰা আঁতৰি ক’ৰবাত বেলেগ কিবা এষাৰ ক’বলৈ তেওঁক মাতিব নো কোনে? মাতিলেই যেনিবা, তেওঁ ক’ব নো কি? আগতে এইবোৰ চিন্তা কৰি তেওঁ কিবা এটা কৰাৰ কথা কেতিয়াবা ভাবি থাকিছিল; কিন্তু কৰিবনো কি ভাবি পাত্তা নাপাইছিল একো৷ হায়াৰ ছেকেণ্ডাৰী স্কুল এখনৰ ৰসায়ন বিজ্ঞানৰ (একমাত্ৰ) শিক্ষক (/অধ্যাপক) তেওঁ৷ ছাত্ৰ-ছাত্ৰীয়ে যে তেওঁক ভাল পাব নোৱাৰে সেইটো তেওঁ এতিয়া ভালকৈ বুজি পোৱা হৈছে৷ সিহঁতে তেওঁক পিছপিনৰ পৰা এলডিহাইড (Aldehyde) বুলি মাতে৷ কিয় মাতে তেওঁ কেতিয়াও বুজি নাপালে৷ বছৰৰ পাছত বছৰ নতুন ল’ৰা-ছোৱালী আহি থাকে, কিন্তু তেওঁৰ নামটো বিলুপ্ত নহয়; বৰং নৱাগতৰ মুখত যিদিনা প্ৰথমবাৰ তেওঁ নামটো শুনিবলৈ পায় সেইদিনা পূৰ্বৰ বছৰটোৰ তুলনাত ঠাট্টাৰ শৰটো বহুত বেছি প্ৰবল যেন তেওঁ অনুভৱ কৰে৷ “সঁচাকৈ, নতুন ল’ৰা-ছোৱালীবোৰ দিনক দিনে বৰ বেয়া হৈ আহিছে” — তেওঁ ভাবে, হতাশ হয়৷ তেতিয়া সকলোকে কিবা এক “শিক্ষা” দিবলৈ তেওঁৰ মন যায়, কিন্তু একো উপায় নাপাই চিন্তাবোৰ বাদ দিবলৈ চেষ্টা কৰে৷ লেতেৰা পানী উতলাই শেষ কৰি দিলে পাত্ৰটো খালি হৈ পৰিলেও পাত্ৰটোত লেতেৰা চেকা এটা লাগি যোৱাৰ দৰে তেওঁ কথাবোৰ মনৰ পৰা উৰাই দিবলৈ চেষ্টা কৰিলেও মনটোত এক কৰাল তৰপে তৰপে জমা হৈ গৈ থাকে৷
দুটা চেষ্টা শইকীয়াই নচলোৱাকৈ থকা নাছিল৷ তেওঁ দেখিছিল— স্কুলখনৰ ৰাজনীতি-বিজ্ঞান আৰু অসমীয়া-বিভাগৰ শিক্ষক দুজনো তেওঁৰ দৰেই, কিন্তু স্কুলত কিবা পাতিলে ভাষণ দিবলৈ তেওঁলোক দুজনৰ কোনোবা এজনকহে আগবঢ়াই দিয়া হয়৷ কেতিয়াবা ওচৰৰ এল পি স্কুলখন বা আন ঠাইলৈকো তেওঁলোকক মাতে৷ ছাত্ৰ-ছাত্ৰীবোৰৰ মাজত তেওঁলোক দুজনৰো যে একো একোটা নাম আছে সেইটো শইকীয়াই জানে৷ ৰাজনীতি-বিজ্ঞানৰ জনৰ নাম গেলেপ, আৰু অসমীয়া-বিভাগৰ জনৰ নাম বিষৰাজ৷ তেওঁলোকে ক্লাছবোৰ লৈ থাকোঁতে কেতিয়াবা শইকীয়াই ক্লাছটোৰ বাহিৰত ৰৈ কিনো পঢ়ুৱাইছে শুনেগৈ, কিজানি কিবা ভাল তেওঁলোকৰ আছেই যাৰ বাবে তেওঁলোকক স্কুলীয়া-সভা একোখন পাতিলে ভাষণ দিবলৈ দিয়ে! শুনি কিন্তু শইকীয়াৰ ভাৱ হয়— “হে প্ৰভু! এইকেইটাৰ ওচৰত ক্লাছ ল’ব লগা হোৱা হ’লে মই নিজেও সিহঁতৰ নাম দিলোঁহেঁতেন! ” অলপ ভাবি শইকীয়াই এটা উপায় পালে৷ তেওঁ ঠিক কৰিলে— কিবা সভা থাকিলে তেৱোঁ এদিন ৰাজনীতি বা সাহিত্যৰ ওপৰত দুৱাষাৰ ক’ব; ক’বলৈ নিজে বিচাৰি হ’লেও৷ সঁচাকৈ এদিন তেওঁ খুব চমুকৈ ৰসৰাজৰ কথাকে সভা এখনত কিছু কৈ শুনালে৷ কোনে কি ভাবিলে তেওঁ উৱাদিহ নাপালে, কিন্তু তেওঁক এটা সুযোগ দিবলৈকে চাগে এদিন ওচৰৰ এল পি স্কুলখনলৈ সঁচাকৈ তেওঁক নিমন্ত্ৰণ জনালে৷ পিচে সেইদিনা তেওঁ যেতিয়া দীঘলীয়া ভাষণ জুৰিলে, লাহে লাগে ইমানেই উগ্ৰ হৈ পৰিল, শেষলৈ তেওঁ মুখ্যমন্ত্ৰীকে কৈ আছে নে সাহিত্য সভাৰ সভাপতিকে কৈ আছে নে উপস্থিত থকা কণকণ ছাত্ৰ-ছাত্ৰীখিনিকে কৈছে নে উপস্থিত নথকা অভিভাৱকখিনিকে কৈছে নে জৰ্জ বুশ্বকে তেওঁৰ ভাষণ শুনক বুলি কিবা কৈছে নিজেই একো তৎ ধৰিব নোৱৰা হ’লগৈ৷ এটা সময়ত তেওঁ অলপ উমান পালে যে তিতা-কেঁহা বহুত হ’ল, ভাষণ সমৰাটোৱেই সভাখনৰ আটাইতকৈ মঙ্গলজনক মুহূৰ্তটো হ’ব৷ তেওঁ ভাষণ সামৰিলে৷ তাৰ পাছত তেওঁ নিজেই কোনোদিন ভাষণ দিবলৈ আশা নকৰা নিচিনাকৈ আনেও তেওঁক নিমন্ত্ৰণ নজনোৱা হ’ল৷ সেইদিন যোৱাৰ বহুদিনৰ পাছত তেওঁ আন এটা চেষ্টা চলাবলৈয়ো বাউলা হৈ উঠিছিল৷ তেওঁৰ সৰু হৈ থাকোঁতে সবেই কৈছিল— “কলা-শাখাত পঢ়ি আজিকালি একো লাভ নাই, বিজ্ঞান পঢ়৷ ” কিন্তু বিজ্ঞান পঢ়ি চাকৰি কৰাৰ পাছত আন এটা কথাহে তেওঁৰ কাণত বেছিকৈ পৰিবলৈ ল’লে— “মানুহ বিজ্ঞানী হ’ল, ডাক্টৰ হ’ল, ইঞ্জিনিয়াৰ হ’ল, ডাঙৰ ডাঙৰ অধ্যাপক হ’ল; কিন্তু সমাজৰ বাবে কিডাল কৰিলে? হেৰৌ সাহিত্য-সংগীতত অলপ মন দিব লাগিব৷ সংস্কৃতি নহ’লে সমাজৰ নাম নাথাকে৷ সামাজৰ কথাতো অলপ ভাবিব লাগে৷ অকণ যদি বিজ্ঞানী হ’লহেঁতেন ভবেন্দ্ৰ নাথ শইকীয়া, সৌৰভ কুমাৰ চলিহাক কেইটাই চিনি পালেহেঁতেন? সমাজত পৰিচয় দিবলৈ সাহিত্য কৰিব লাগিব৷ ” “কথাটোচোন নোহোৱা নহয়” — শইকীয়াই হাজাৰ হাজাৰবাৰ অনুধাৱন কৰিলে কথাটো৷ কাকতবোৰতো তেওঁ চকুত পৰে— “নিজৰ ক্ষেত্ৰখনত অপদাৰ্থজাকেই বাঘা বাঘা স্তমভলেখক হৈ নাম কৰি আছে”৷ কেতিয়াবা তেওঁৰ খঙো উঠিছিল— “গোটেই জাকৰে মাথোঁ অভিযোগ৷ ঋণাত্মকতাৰ পাহাৰ৷ ” কিন্তু কিবা এটা লিখোঁ বুলি শইকীয়া নিজেও সেইটো ঠাঁচতেই সোমাই পৰিল৷ এদিন “এনেই চাওঁচোন” বুলি তেওঁ দুটামান অভিযোগ, অলপ অতীতত ভাল আছিল ধৰণৰ প্ৰসংগ, আৰু লগতে কাকতখনৰ সম্পাদকজনক অলপ প্ৰশংসাৰ খিচিৰি এটা কৰি লেখা এটা “বনাই” ডাকত পঠাই দিলে৷ তেওঁক আচৰিত কৰি লেখাটো তৎক্ষণাত প্ৰকাশ হৈ গ’ল! লাহে লাহে তেনেধৰণৰ আৰু দুটামান তেওঁৰ খিচিৰি কাকতত প্ৰকাশ পালে৷ তাহানি কলেজত থকা দিনবোৰত যেনেকৈ নিজকে সৰ্বজান্তা পণ্ডিত বুলি ভাৱ আহিছিল, অতবছৰৰ পাছত সেইকেইদিনত তেওঁ ৰসায়ন বিজ্ঞানৰ মুখষ্ঠ থকা দুশাৰীমান বাদ দি নিজক গোটেই সমাজৰ নৱ-উদিত পণ্ডিত যেন অনুভৱ কৰি থাকিল৷ কিন্তু এদিন সময়মতে পাকঘৰলৈ চিলিণ্ডাৰটো আনিব নোৱৰাত মানুহজনীয়ে তেওঁক ঠিকছে জাৰণ দিলে— “বুদ্ধিজীৱি কমল শইকীয়া! উহ! বৰ সমাজ-সচেতনটো ওলাইছে! জাপে জাপে পেপাৰবোৰ, কেঁচুৱাৰ “অক” মুচিবলৈয়ো আজিকালি ব্যৱহাৰ নকৰাকৈ পৰি থাকে৷ নিজেই বা কাকতৰ কেইটা মহাপুৰুষৰ লেখা পঢ়ে! নিজৰবোৰ কোনে পঢ়িব, ভাবি চাবলৈ শকতি নাই! সেইসোপা লিখিলে ঘৰৰ কাম-বন সমাধা নহয়৷ ” তেওঁ লিখিছিল বাবেহে চিলিণ্ডাৰটো সময়মতে পাকঘৰত পোৱাগৈ নাছিল, সেইটো নহয়; কিন্তু তাকে শইকীয়াই বুজাবলৈ গ’লে মহাৰণহে হ’ব৷ সেইবাবে শইকীয়া মনে মনেই থাকিল, আৰু উদিত হৈ উঠা গোটেই দুনীয়াক ঠাট্টা কৰাৰ তেওঁৰ অধিকাৰটো মানুহজনীৰ একে ছাট ঠাট্টাতেই খটম হৈ পৰা যেন পালে৷ তেওঁৰ লেখাৰ মাত্ৰাত সিমানতেই পৰম যতি পৰিল৷
*** *** ***
সময়মতেই আহি শইকীয়া স্কুলত সোমাল৷ পুৱাই ওলাই গৈয়ো, কামটো ভাল নালাগিল৷ তাতে, মানুহজনীৰ কথাষাৰে তেওঁৰ মনটো আৰু গোমা কৰি পেলালে৷ দিনটো যেনেতেনে পাৰ কৰি স্কুলৰ পৰা ওলাই শইকীয়াই চ’কটোত ঠিয়দঙা দিলে অলপ সময়৷ তামোল এখন মুখত ভৰাই পকটীয়াবলৈ লৈছে যদিও মুখখন ভাল লগা নাই, পঁচা তামোল৷ থুৱাই থুৱাই তেওঁ তামোলখন মুখৰ পৰা উলিয়াই পেলালে৷ বাইকখনত উঠি এইবাৰ সিধাই ঘৰলৈ পোনালে৷ কিন্তু, এই যাত্ৰা বৰ অৰ্থহীন যেন লাগিল৷ পথৰ মাজভাগতে দলংখন৷ তাৰ ওচৰ পাই মন কৰিলে পথটো প্ৰায় খালি৷ কিবা সন্দেহ কৰোঁতাও কোনো নোলাব৷ তেওঁ দলংখনৰ ভগা ৰেলিঙৰ মাজেৰে তললৈ বুলি বাইকখন জোৰেৰে পোনাই দিলে…৷
নাই নমৰিল৷ বাইকখন ৰেলিং পাৰ হৈ তললৈ সৰি পৰাৰ পৰিৱৰ্তে তাতে খুন্দা খাই পথত বাগৰি পৰিল৷ তেওঁৰ মূৰ, বাহু আৰু ভৰিত ভালকৈয়ে আঘাত লাগিল৷
*** *** ***
হস্পিটেলত থকা দিনকেইটাত শইকীয়া অকলে থাকিব লগা নহ’ল৷ ইমান মানুহে তেওঁৰ খবৰ-খাটি ল’ব বুলি তেওঁ ভাবিবই পৰা নাছিল৷ বৰ ভালকৈ গ’ল সেই দিনকেইটা৷ বহুত দিনৰ পাছত আজি লেঙেৰাই লেঙেৰাই তেওঁ স্কুললৈ আহিছে৷ চাকৰি-জীৱনৰ প্ৰথম দিনটোৰ দৰে আজি তেওঁৰ মনটো বহুত মুকলি হৈ পৰিছে৷ ছাত্ৰ-ছাত্ৰীবোৰেও এটা এটা পিৰিয়ড শেষ হোৱাৰ মূৰে মূৰে তেওঁৰ ওচৰলৈ গৈ খবৰ লৈছেগৈ৷
“ব’ল এলডিহাইডক মাত লগাই আহোঁ৷ ” — বেৰখনৰ সিপাৰে কোনোবা এটা ছাত্ৰই লগৰ এটাক কোৱা শইকীয়াই শুনিলে৷ নাই…, নিজৰ বেয়া নামটো শুনি আজি তেওঁৰ বেয়া লগা নাই, মনে মনে হাঁহিহে উঠিছে, ল’ৰা-ছোৱালীবোৰলৈ মৰমহে লাগিছে৷ “জোকাবই আৰু! ” —তেওঁ ভাবিছে৷
কিন্তু হঠাৎ! এইয়া কি শুনিছে তেওঁ? ক্ষন্তেকতে সকলো আনন্দ শেষ হৈ পৰিল৷ খুব ত্বৰাণ্বিত গতিত মনটো মৰি আহিবলৈ ধৰিলে৷ উঃ, শুনিছে কি এইবোৰ!
সেই ছাত্ৰজনৰ উত্তৰত আনটোৱে কৈছে আছে— “বাদ দে৷ বা__, __লা৷ নাযাওঁ মাতিবলৈ সেইটোক৷ তাৰ একচিডেণ্ট হোৱা নাইতো৷ একো ওলোৱা নাই বাবেহে মই কাকো কোৱা নাছিলোঁ৷ তাক কোনেও গুৰুত্ব নিদিয়ে বাবে সি নিজেই দলঙত খুন্দিয়াই ঠেং-মূৰ ভাঙি লৈছে৷ আনে চেনেহ কৰিবলৈ৷ মই দেখি আছিলোঁতো সেইদিনা৷ মূৰটো চাবিচোন এচমকা এৰুৱাই তপা হৈ আহিছে৷ জীৱনত মূৰটোত হেলমেট লগাই নাপালে! লেবেল তাৰ, __লা৷ আমাৰ যদি একচিডেণ্ট হ’লহেঁতেন সিয়েই চাল্লা প্ৰথমে কিৰিলি পাৰিলেহেঁতেন৷ চিধাই ক’লেহেঁতেন— “আজিকালি ল’ৰা-ছোৱালীবোৰৰ অকল উৎপাত, মৰিবই একচিডেণ্ট হৈ”৷ সি ষ্টুডেণ্ট হৈ থাকোঁতে যেন ন’বেল বঁটাটোহে পাইছিলে, এনেকুৱা ভাব দেখায় একদম৷ যা তহঁতি, মাতি থৈ আহ৷ এলডিহাইড খুৱাই পঠাব, যাঃ৷ …” শুনি শুনি শইকীয়াই হতাশাৰ গ্ৰাসত নিৰুদিষ্ট যেন হৈ গৈ থাকিল৷ বাকী থকা জীৱনটো আঁচাৰি পেলাই দিবলৈ নিজৰ মূৰটো বেৰখনত খুন্দিয়াই খুন্দিয়াই পিঠা কৰি পেলাবলৈ মন গ’ল তেওঁৰ৷ কিন্তু সেইটোও, আকৌ সহানুভূতি বিচাৰি বৰ বীৰত্বৰ কাম কৰিবলৈ যোৱাতো দেখুওৱা যেন হ’ব চাগে..! একো কৰিব নোৱাৰি কেৱল এটা অৰ্ধমৃত অস্তিত্বৰ দৰে তাতে বহি থাকিল তেওঁ৷ যেন এটা জীৱন্ত অস্তিত্ব বৰ্তী আছে বুলি তেওঁ যেনেতেনে প্ৰকাশহে কৰিবলৈ চেষ্টা কৰিছে৷ ক্ষণবোৰ কিবাকৈ পাৰ হৈ গৈছে৷ পৰৱৰ্তী ক্ষণটোত কি হ’ব তেওঁ একো নাজানে৷