ক’লা জামুৰ উপকাৰিতাৰ বিষয়ে জানিবলগীয়া- ডাঃ ভূপেন শইকীয়া
মানৱ দেহ হ’ল ৰোগৰ আকৰ৷ কিন্তু প্ৰকৃতি মাতৃয়ে সেই সমূহৰ প্ৰতিকাৰৰ বাবে প্ৰচুৰ গছ-বন, ফল-ফুল অপৰ্যাপ্তভাৱে আমাৰ মাজত বিলাই দিছে৷ প্ৰয়োজন মাথোঁ সেইসবৰ গুণাৱলী চিনাক্ত কৰি তাৰ সদপ্ৰয়োগ কৰাৰ৷ আজি এনে এবিধ গছৰ কথা লিখিব ওলাইছোঁ, যাৰ বিষয়ে অৱগত হ’লে পাঠকসকল আচৰিত নোহোৱাকৈ থাকিব নোৱাৰিব৷
ক’লা জামুৰ গছ চিনি নোপোৱা মানুহ আমাৰ মাজত বহুত কম ওলাব৷ এই গছৰ পাত, ছাল, গা-গছ, শিপা, ফল-ফুল প্ৰতিটো অংশই ঔষধিয় নাইবা আমাৰ জীৱনৰ আন আন লাগতিয়াল কামত ব্যৱহৃত হৈ আহিছে৷ লোককথামতে ভগবান কৃষ্ণই জামুগছৰ তলত বহি বাঁহী বজাইছিল৷ সেয়ে এই গছক পবিত্ৰ জ্ঞান কৰি হিন্দু আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকে মন্দিৰৰ চৌহদত ৰোপণ কৰি আহিছে৷ মহাৰাষ্ট্ৰ আৰু দক্ষিণ ভাৰতৰ কোনো কোনো সমাজৰ বিবাহ মণ্ডপ সজাবলৈ জামুগছৰ ডাল-পাতৰ ব্যৱহাৰ হয়৷
এই চিৰসেউজ গছৰ প্ৰাথমিক উৎপত্তিস্থল ভাৰতবৰ্ষ, শ্ৰীলংকা, নেপাল, ভূটান, পাকিস্তান, বাংলাদেশ আৰু বাৰ্মা বুলি জনা যায়৷ কালক্ৰমত মালয়েছিয়া আৰু ইণ্ডোনেছিয়ালৈ ইয়াৰ সঁচ যায় আৰু সেই দুই দেশত জামুগছে বিপুল সমাদৰ লাভ কৰে৷ আৰু আজি এচিয়াৰ উপৰিও আফ্ৰিকা, অষ্ট্ৰেলিয়া, মধ্য আমেৰিকা, ৱেষ্ট ইণ্ডিজ, ইউৰোপ আদিৰ গ্ৰীষ্মপ্ৰধান অঞ্চলত জামুগছ দেখা পোৱা যায়৷ ৱিকিপেডিয়াৰ মতে জামুগছ ১৯১১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল’ৰিডালৈ নিয়া হয় আৰু তাৰ পিছত উত্তৰ-পূৱ আমেৰিকা অঞ্চলত বহুলভাৱে ৰোপণ কৰা হয়৷
জামুগছৰ বৈজ্ঞানিক বা ব’টানিকেল নাম হ’ল- Syzygium cumini৷ একে সমাৰ্থক আন নাম কেইটিমান হ’ল- Syzygium jambolanum, Eugenia cumini আৰু Eugenia jambolana৷
এতিয়া দেশ-বিদেশত জামুৰ পৰিচয় কিদৰে সেয়া চাওক-
ব্ৰাজিলত- জাম্ব, জাম্বল, জাম্বালো
কম্বোডিয়াত- প্ৰিং বাই, প্ৰিং দাস ক্ৰিবে
ফিজিত- কাভিকা নি ইণ্ডিয়া
জাৰ্মানীত- জাম্বলানাপফ্লেউমেনবেউম
ইণ্ডোনেচিয়াত- জামব্লাং
ইটালিত- জিয়াম্বলানা
লাউচত- ভা
মালয়েশিয়াত- জামন, জামভুল, জামবুলেন
নেপালত- বন জামুন, জাম্বু
ফিলিপাইনচত- লমবই, লুনাবই
থাইলেণ্ডত – হাখিফায়েই, লুকুৱাহ
কেনিয়াত- লুচাননাকু
ভিয়েটনামত- ট্ৰাম ম’ক
ভেনেজুৱেলাত-গুৱায়েবো পেচ্ যোৱা
অসমীয়াত- ক’লা জামু, বৰ জামু, জাম, জামু
ডিমাছা ভাষাত- জাম্বু
কাৰ্বি ভাষাত-জাংমি
তেলেগুত- নেৰেডু
কানাড়াত-নেৰালে হেন্নু
তামিলত-নভল পাজেম
মলয়ালমত- নৱল পৰম
ইংৰাজীত- জাভা প্লাম, জাম্বুল, জাম্ব’লান, জামুন, জামন, ব্লেক প্লাম, ইণ্ডিয়ান ব্লেক বেৰী, ডুৱেট আদি
শেষত আমাৰ দেশ ভাৰতবৰ্ষত ইয়াৰ বহুল প্ৰচলিত নামসমূহ হ’ল – জাম, জামন, জাম্বু, জাম্বুল, জামো, জামুক, জাম্বুৰা আদি
* বিদেশী ভাষাৰ নামৰ তালিকাত জাম, জাম্বু, জাম্বল আদি নাম দেখিলে এই জামু গছৰ প্ৰাথমিক উৎপত্তি স্থল ভাৰতীয় উপমহাদেশ বুলিয়েই নুবুজাইনে?
সমগ্ৰ বিশ্বত ইয়াৰ ১১০০টা প্ৰজাতি চিনাক্ত কৰা হৈছে৷ তাৰে দুই এটা প্ৰজাতিৰ জামুৰ ফলৰ বিশেষত্ব হ’ল ই গুটিবিহীন হোৱাটো৷ অতি প্ৰাচীন কালৰ পৰা ভাৰতীয় আয়ুৰ্বেদ, য়ুনানী আৰু চীন দেশৰ থলুৱা চিকিৎসাত জামুৰ ব্যৱহাৰ চলি আহিছে৷ ঘাইকৈ বহুমূত্ৰ ৰোগীৰ তেজ আৰু প্ৰসাবত চুগাৰ কমাবলৈ; পাক প্ৰণালীৰ নানাবিধ ৰোগ যেনে পেটৰ টেঙাপানীৰ উগাৰ, গ্ৰহণী, বদহজমি, শৌচকচা, কৃমি, পেটৰ বিষ আদিৰ; মূত্ৰ প্ৰণালীৰ প্ৰসাব কম হোৱাৰ চিকিৎসাত; শ্বাস প্ৰণালীৰ বিভিন্ন ৰোগ কাহ, জ্বৰ, হাপানি; তেজৰ এনিমিয়া আঁতৰ কৰিবলৈ; মুখৰ ঘাঁ আদিৰ চিকিৎসা কৰিবলৈ জামুৰ ফল, গুটি আৰু পাতৰ ব্যৱহাৰৰ পৰামৰ্শ দি অহা হৈছে৷ জামু গছৰ পাতৰ ছাই ঘঁহিলে দাঁতৰ আলু শক্তিৱন্ত হয়৷ জামুৰ ৰস বৰ্ধিত প্লীহাৰ (Splenomegaly) আৰু জণ্ডিচৰ চিকিৎসাত প্ৰয়োগ কৰা হয়৷ জামুৰ ব্যৱহাৰে ৰক্ত পৰিশোধন কৰে৷ ফলৰ নিয়মীয়া সেৱনে চৰ্মৰ কমনীয়তা আৰু মুখমণ্ডলৰ উজ্জ্বলতা বঢ়ায়৷ আয়ুৰ্বেদিক চিকিৎসকে জামুফল মৌ বা ডালচেনি, ছাগলীৰ গাখীৰৰ সৈতে মিহলাই শিশুৰ বিভিন্ন পেটৰ বিকাৰৰ উপশম ঘটাবলৈ প্ৰয়োগ কৰে৷ এই বিষয়ে বিতংকৈ অভিজ্ঞ চিকিৎসকে জনাব পাৰিব৷ বিশ্বৰ বিভিন্ন গবেষণাগাৰত জামুৰ ওপৰত বিস্তাৰিত অনুসন্ধান আৰু প্ৰয়োগ চলি আছে৷ কেইবাখনো মেডিকেল জাৰ্ণেলত এই বিষয়ৰ প্ৰবন্ধ সহজে উপলব্ধ৷
জামুৰ আন আন কেইটিমান উপকাৰী প্ৰয়োগ হ’ল-
– সুলভ মূল্যৰ সুগন্ধি আঁতৰ বনোৱাত ব্যৱহৃত হয়৷
– জাম, জেলি, চৰবত আদি বনোৱা হয়৷
– জামু গুটিৰ পৰা ডায়েবেটিজ ৰোগীৰ বাবে উপযোগী হাৰ্বেল-টি বনোৱা হয়৷
– ফিলিপাইনচ দেশত আৰু আমাৰ দেশৰ গোৱাত ইয়াৰ পৰা মদ বনোৱা হয়৷
– টুথপেষ্ট বনোৱাত জামুৰ ব্যৱহাৰ কৰা হয়৷
– ইয়াৰ কাঠৰ পৰা ঘৰৰ ফাৰ্ণিচাৰ, ৰেলৱে শ্লিপাৰ, নৌকা, গীটাৰ জাতীয় বাদ্যযন্ত্ৰ নিৰ্মাণ কৰা হয়৷
– ইয়াৰ পাতৰ পৰা ওলোৱা তেলত এণ্টিঅক্সিডেণ্ট গুণ থকা হেতুকে ঔষধ নিৰ্মাণত ব্যৱহাৰ কৰা হয়৷ এনে তেলৰ বিষহাৰী, বীজাণুনাশক, কীটনাশক আৰু এণ্টিফাংগেল গুণ দেখা যায়৷
– জামুগছে পাৰিপাৰ্শ্বিকতা সুন্দৰ কৰে৷
চমুকৈ গছৰ বৰ্ণনাঃ – জামুগছৰ আয়ুস এশ বছৰ পৰ্য্যন্ত৷ উচ্চতা সাধাৰণতে ১০৷ ১৫মিটাৰ, কিন্তু ৩০৷ ৩৫মিটাৰ ওখ গছো কোনো বনাঞ্চলত দেখা গৈছে৷ গা গছৰ ঘেৰ ৫০৷ ১০০ চেণ্টিমিটাৰৰ হয়৷ গা-গছডাল দেখিবলৈ মটীয়া বৰণৰ আৰু অলপ ওপৰতে ডাঙৰ ডাঙৰ ডালত বিভক্ত হৈ যায়৷ চিকচিকিয়া উজ্জ্বল পাতবিলাক ৫৷ ১০ চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ, চামৰাৰ দৰে ডাঠ আৰু ভিন্ন ভিন্ন আকৃতিৰ৷ গছৰ ছাল আৰু পাতৰ পৰা এবিধ আঠাযুক্ত পদাৰ্থ ওলায়৷ পাতবোৰ সামান্য টাৰ্পিন তেলৰ দৰে গোন্ধায়৷ গছত সেউজীয়া-বগা মিশ্ৰিত ৰঙৰ সুগন্ধিযুক্ত ফুল মাৰ্চ-এপ্ৰিল মাহত ফুলে আৰু মে-জুন মাহত গছত বেঙুনীয়া বৰণৰ এটা গুটি থকা ফল পূৰঠ হৈ উঠে৷ ফলৰ আকাৰ ডেৰৰ পৰা চাৰে তিনি চেণ্টিমিটাৰ দীঘল হয়৷ ইয়াৰ স্বাদ টেঙা আৰু মিঠা৷ এনে হোৱাৰ কাৰণ হ’ল ইয়াত থকা ৰেজিন, গেলিক এচিড আৰু টেনিনৰ বাবে৷ এন্থচায়ানিন নামৰ এণ্টিঅক্সিডেণ্ট থকাৰ বাবে জামু খালে জিভাত বেঙুনীয়া ৰং ধৰে৷ ফলত থাকে ৮২শতাংশ পানী, প্ৰায় ১৫শতাংশ কাৰ্বোহাইড্ৰেট আৰু প্ৰটিন আৰু চৰ্বি সামান্য পৰিমাণত৷ ইয়াত থকা খনিজ হ’ল প’টেচিয়াম, কেলচিয়াম, মেগনেচিয়াম, ক’পাৰ, চালফাৰ, আইৰণ আৰু ক্লৰিন৷ ভিটামিন কেইবিধ হ’ল ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-বি গোট৷ ইয়াত চুক্ৰজ নাথাকে৷ কেলৰিও থাকে তেনেই কম৷ জামুত আৰু থাকে এণ্টিঅক্সিডণ্ট, ফ্লেভনইড, গ্লাইক’চাইড, কোৱেৰচেটিন, মাইৰিচিটিন ইত্যাদি৷ ফল আৰু গুটি দুয়োটাৰে তেজ আৰু প্ৰসাবৰ চুগাৰ হ্ৰাস কৰাৰ ক্ষমতা থাকে৷ এইক্ষেত্ৰত গুটি বেচি ফলপ্ৰসূ৷ জামুৰ আন কেইটিমান ঔষধিয় গুণ হ’ল – ইলাগিক এচিড থকাৰ বাবে উচ্চ ৰক্তচাপ হ্ৰাস কৰা, লিভাৰৰ ৰোগৰ উপশম ঘটোৱা আৰু কৰ্কট ৰোগৰ সম্ভাৱনা কমোৱা৷
এতিয়া দুকলম ইয়াৰ ৰোপণৰ বাবে আগ্ৰহী লোকসকললৈ – জামুগুটি পচাই তাৰ পৰা পুলি ডেৰ, দুই ফুট ওখ হ’লে আন নিৰ্বাচিত ৰ’দঘাই ঠাইত ৰুব পাৰি৷ আনহাতে গছত কলম ধৰিও জামু পুলি উলিয়াই ৰোপণ কৰিব পাৰি৷ ৬৷ ৭বছৰত গছত ফুল-ফল লাগে৷ ব্যৱসায়িকভাবে জামুগছৰ খেতি সদায় লাভজনক৷ বতৰৰ ফল হিচাপে বজাৰত ইয়াৰ চাহিদা অতি বেচি৷ ইয়াৰ কাঠো বৰ মূল্যবান৷ অসমত ক’লা জামুৰ কমেও দুটা প্ৰজাতি দেখা যায়৷ এবিধৰ ফল সৰু আনবিধৰ আকাৰ ডাঙৰ৷ গুণ দুয়োবিধৰেই একে৷
মোখনিত এটা কথাই কম যে জামুৰ প্ৰয়োগৰ দ্বাৰা এজন ডায়েবিটেজ বা উচ্চ ৰক্তচাপৰ ৰোগী উপকৃত হোৱাৰ অৰ্থ এয়া নহয়যে ব্যক্তিজনে জামু সেৱন আৰম্ভ কৰিলেই নিজৰ নিয়মীয়া ঔষধ বন্ধ কৰিব৷ সদায় নিজৰ চিকিৎসকৰ পৰামৰ্শমতেহে যি কোনো ঔষধ সেৱন কৰা উচিত৷ প্ৰাকৃতিক উপাদনসমূহে প্ৰায়েই সহায়ক চিকিৎসা প্ৰণালী (Adjuvent therapy) হিচাবে ক্ৰিয়া কৰে৷ একে সময়তে এলোপেথিক দৰব ব্যৱহাৰ কৰি থকা এজন ব্যক্তিয়ে এনে প্ৰাকৃতিক চিকিৎসা আৰম্ভ কৰিলে নিজৰ নিয়মীয়া দৰবৰ পৰিমাণ বুজন মাত্ৰাত কমাবলৈ সক্ষম হ’ব৷