ক’লেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড, ডিচলিপিডেমিয়া — ডাঃ ভূপেন্দ্ৰ শইকীয়া
ওপৰৰ শিৰোনামটো দেখি পাঠক হয়তো সচকিত হৈ উঠিব। কিন্তু আজিৰ যুগত এই বিষয়ৰ আলোচনা অতীব প্ৰয়োজনীয় হৈ পৰিছে। সময়, পৰিৱেশ আৰু মানুহৰ জীৱন-ধাৰণৰ পদ্ধতি সলনি হোৱাৰ লগে লগে নতুন নতুন শাৰীৰিক সমস্যাই আমাৰ আগত প্ৰত্যাহ্বান স্বৰূপহৈ দেখা দিবলৈ ধৰিছে। তাৰে ভিতৰত এটা হ’ল ডিচলিপিডেমিয়া (Dyslipidemia)। ডিচলিপিডেমিয়াৰ অৰ্থ হ’ল আমাৰ তেজত থকা অপকাৰী লিপিডৰ (চৰ্বি) পৰিমাণ অস্বাভাৱিকভাবে বাঢ়ি যোৱা আৰু তাৰ বিপৰীতে উপকাৰী লিপিডৰ পৰিমাণ হ্ৰাস পোৱা। অপকাৰী লিপিড হ’ল Low-density lipoproteins (LDL) আৰু ট্ৰাইগ্লিচাৰাইড (Tryglycerides)। উপকাৰী লিপিড হ’ল High-density lipoproteins (HDL)। আকৌ ট’টেল ক’লেষ্টেৰল হ’ল তেজত থকা অপকাৰী (Bad cholesterol) আৰু উপকাৰী (Good cholesterol) ক’লেষ্টেৰলৰ যোগফল। সঠিককৈ কবলৈ হ’লে ট’টেল ক’লেষ্টেৰল নিৰ্ণায়ক সমীকৰণটো হ’ল: HDLৰ পৰিমাণ + LDLৰ পৰিমাণ + Triglycerideৰ.পৰিমাণৰ কুৰি শতাংশ।
লাইপোপ্ৰটিন কি? – লাইপোপ্ৰটিন হ’ল চৰ্বি বা লিপিড আৰু প্ৰটিনৰ সংযোগ। লিপিড হ’ল পানীত অদ্ৰৱীভূত। পানীত দ্ৰৱনশীল লাইপোপ্ৰটিনলৈ পৰিৱৰ্তন হোৱাৰ পিছত লিপিডৰ তেজত সঞ্চালন সম্ভৱপৰহৈ উঠে। লাইপোপ্ৰটিন কেইবাপ্ৰকাৰৰ হব পাৰে। ইয়াৰ দুটা প্ৰমুখ উদাহৰণ হ’ল LDL (Low Density Lipoprotein) আৰু HDL (High Density Lipoprotein)। উল্লেখযোগ্য যে ক’লেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইড দুয়োটাই পানীত অদ্ৰৱণশীল। লাইপোপ্ৰটিনলৈ ৰূপান্তৰিত হৈহে দুয়োটাই তেজত প্ৰবহমান হব পাৰে।
ক’লেষ্টেৰল কি? – ক’লেষ্টেৰলে আমাৰ তেজত থকা চৰ্বিক বুজায়। মানৱ দেহৰ লিভাৰে ক’লেষ্টেৰল উৎপাদন কৰে। ক’লেষ্টেৰল আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় তত্ত্ব। ই শৰীৰত হৰমোন, ভিটামিন-ডি আদি উৎপন্ন কৰাত আৰু পাচন ক্ৰিয়াত সহায়কৰ ভূমিকা লয়। ক’লেষ্টেৰল হ’ল মম জাতীয় পদাৰ্থ। শৰীৰৰ প্ৰতিটো কোষত ইয়াৰ অৱস্থিতি দেখা যায়। মাংস, কণী, গাখীৰ, মাখন, পনীৰ আদি খাদ্যৰ পৰাও আমি ক’লেষ্টেৰল আহৰণ কৰোঁ।
ঘাইকৈ ক’লেষ্টেৰল দুই প্ৰকাৰৰ। সেয়া হ’ল HDL আৰু LDL। লিভাৰৰ পৰা LDL ক’লেষ্টেৰল আঁতৰি তেজৰ নলীয়েদি প্ৰবাহিত হওঁতে তাত জমা হৈ (যাক atheroma / atherosclerotic plaque বোলে) তেজৰ প্ৰবাহ বাধাপ্ৰাপ্ত কৰিব পাৰে। এই প্ৰক্ৰিয়াটোক Atherosclerosis বোলে। গতিকে LDL হ’ল বেয়া বা অপকাৰী ক’লেষ্টেৰল। আনহাতে উপকাৰী বা ভাল ক’লেষ্টেৰল HDL লিভাৰলৈ প্ৰবাহিত হৈ আহে আৰু ই তেজৰ সঞ্চালন নিয়াৰিকৈ ৰাখে। তদুপৰি ই অপকাৰী LDLক শৰীৰৰ পৰা নিষ্কাশনত সহায় কৰে।
ট্ৰাইগ্লিচাৰাইড কি? – ট্ৰাইগ্লিচাৰাইড আমাৰ শৰীৰৰ চৰ্বিৰ কোষসমূহত সঞ্চিত হৈ থাকে। আমি খোৱা খাদ্যৰ অতিৰিক্ত কেলৰিখিনি শৰীৰে ট্ৰাইগ্লিচাৰাইডলৈ ৰূপান্তৰিত কৰে। পিছত হৰমোনৰ প্ৰভাৱত ট্ৰাইগ্লিচাৰাইডৰ পৰা শক্তি দেহে আহৰণ কৰিব পাৰে। আমি যদি আমাৰ প্ৰয়োজনকৈ অধিক চৰ্বি আৰু কাৰ্বোহাইড্ৰেটযুক্ত খাদ্য গ্ৰহণ কৰি থাকোঁ-তেন্তে আমাৰৰ শৰীৰত ট্ৰাইগ্লিচাৰাইডৰ আধিক্য(Hypertriglyceridemia)হোৱাটো খাটাং।
লিপিড প্ৰফাইল কি? – লিপিড প্ৰফাইল বা লিপিড পেনেল হ’ল তেজৰ সকলো প্ৰকাৰৰ ক’লেষ্টেৰলৰ পৰীক্ষা। ইয়াৰ যোগেদি ভাল ক’লেষ্টেৰল আৰু বেয়া ক’লেষ্টেৰলৰ পৰিমাণ ভাগ ভাগকৈ চিনাক্ত কৰা হয়। সঠিক ফলাফল জানিবৰ বাবে তেজ পৰীক্ষা কৰোৱাৰ আগতে ৮-১০ঘণ্টা উপবাস দিয়া ভাল।
স্বাভাবিক পৰিমাণ কিমান থকা বাঞ্ছনীয়?
- ট’টেল ক’লেষ্টেৰল নৰ্মাল বা স্বাভাবিক পৰিমাণ ২০০মিলিগ্ৰাম%ৰ কম হোৱা বাঞ্ছনীয়। (যিমানে কম ওলায়, সিমানে ফলাফল ভাল।)
- এলডিএল ক’লেষ্টেৰল নৰ্মাল বা স্বাভাবিক পৰিমাণ ১৩০মিলিগ্ৰাম%ৰ কম হোৱা বাঞ্ছনীয়। (যিমানে কম ওলায়, সিমানে ফলাফল ভাল।)
- ট্ৰাইগ্লিচাৰাইডৰ নৰ্মাল বা স্বাভাবিক পৰিমাণ ১৫০মিলিগ্ৰাম%ৰ কম হোৱা বাঞ্ছনীয়। (যিমানে কম ওলায়, সিমানে ফলাফল ভাল।)
- এইডিএল ক’লেষ্টেৰল নৰ্মাল বা স্বাভাবিক পৰিমাণ ৪০মিলিগ্ৰাম%ৰ পৰা ৬০মিলিগ্ৰাম% হোৱা বাঞ্ছনীয়। (যিমানে বেচি ওলায়, সিমানে ফলাফল ভাল।) জানি থোৱা ভাল যে কিশোৰ আৰু বৃদ্ধ অৱস্থাত লিপিডৰ ফলাফল কিছু পৃথক হয়।
- কিমান দিনৰ ব্যৱধানত লিপিড প্ৰফাইল পৰীক্ষা কৰাব? – আমেৰিকান হাৰ্ট এচ’চিয়েচনৰ মতে ২১বছৰ বয়সৰ ওপৰৰ প্ৰতিজন লোকে ৫বছৰৰ ব্যৱধানত লিপিড পেনেল পৰীক্ষা কৰোৱা উচিত। এয়া ৰোগৰ কোনো লক্ষণ নথকা ব্যক্তিৰ বাবেহে প্ৰযোজ্য।
- আনহাতে হৃদৰোগ, ডায়েবেটিজ, মেদবহুলতা, কিডনিৰ অসুখ থকা লোকে প্ৰতি বছৰে লিপিড পেনেল পৰীক্ষা কৰোৱা মংগলজনক। আকৌ এবাৰ ডিচলিপিডেমিয়া চিনাক্ত হ’লে আৰু তাৰ চিকিৎসা আৰম্ভ কৰিলে প্ৰতি মাহত বা দুমাহৰ ব্যৱধানত লিপিড পেনেল স্বাভাবিক নোহোৱালৈ পৰীক্ষা কৰাই যাব লাগিব।
ডিচলিপিডেমিয়াত সাধাৰণতে দেখা দিয়া কিছুমান লক্ষণ হ’ল: –
- ভৰিৰ বিষ বিশেষকৈ খোজ দিওঁতে।
- বুকুৰ বিষ বা হেঁচা অনুভৱ কৰা।
- উশাহ চুটি হোৱা।
- শীতলতাৰ মাজত ঘমাৰ্ত হোৱা(cold sweats)।
- ডিঙি, গলধন, পিঠি বা কান্ধৰ বিষ।
- পেট-বুকু জ্বলাপোৰা কৰা আৰু বদহজমি।
- ক্লান্তিবোধ।
- মূৰঘূৰণি।
- বুকুৰ ধপধপনি।
- ওকালি বা বমি হোৱা।
- হাত ভৰি মুখমণ্ডল ফুলি যোৱা।
- চেতনা হেৰোৱা।
ডিচলিপিডেমিয়াৰ উপযুক্ত বা সঠিক চিকিৎসা নকৰিলে হব পৰা সম্ভাব্য ভয়ংকৰ পৰিণাম দুটা হ’ল-Coronary artery disease (CAD)আৰু Peripheral artery disease (PAD)৷ বৰ্ধিত ট্ৰাইগ্লাইচাইডৰ (Hypertriglyceridemia) পৰা হ’ব পৰা বিপদসমূহ: বহু লোকৰ দেহত লক্ষণ একো দেখা নোযোৱাকৈ থাকে আৰু তেজ পৰীক্ষা কৰাত আকস্মিকভাবে তেজৰ বৰ্ধিত ট্ৰাইগ্লিচৰাইড ধৰা পৰে। ইয়াৰ বিপৰীতে আন কিছুমানৰ ছালৰ তলত বা চকুৰ পতাৰ কাষত গোটা বন্ধা Xanthomas, চকুৰ ৰেটিনাত হোৱা Lipemia retinalis, লিভাৰ আৰু প্লীহাৰ আকাৰ ডাঙৰ হোৱা (Hepatosplenomegaly) আদি লক্ষণ ধৰা পৰে। এক শতাংশৰ পৰা ৪শতাংশ Hypertriglyceridemia ৰোগীৰ পেনক্ৰিয়াটাইটিচ (Pancreatitis) হোৱা পৰিলক্ষিত হয়। এনে ৰোগীৰ তেজত ট্ৰাইগ্লাইচেৰাইডৰ পৰিমাণে ১০০০ মিলিগ্ৰাম % চেৰাই যাব পাৰে। আকৌ উচ্চ ট্ৰাইগ্লাইচেৰাইড ষ্ট্ৰ’ক, হাৰ্ট এটেক আৰু আন হৃদৰোগৰ কাৰক হব পাৰে। উচ্চ ট্ৰাইগ্লাইচেৰাইড থকা ৰোগীৰ যৌন অক্ষমতা দেখা দিব পাৰে। ট্ৰাইগ্লাইচাইডৰ বৰ্ধিত পৰিমাণ (Hypertriglyceridemia) হোৱাৰ কিছুমান কাৰক তলত উল্লেখ কৰা হ’ল: –
- মেদবহুলতা।
- শাৰীৰিক নিষ্ক্ৰিয়তা।
- অত্যাধিক ভক্ষণ।
- এলক’হল।
- ধূম্ৰপান।
- ডায়েবেটিজ।
- অটো-ইমিউনডিজিজ, যেনে SLE৷
- মেটাবলিক চিনড্ৰম।
- হাইপ’থাইৰয়েডিজম।
- গৰ্ভাৱস্থা- কিছুমানৰ ৩য় ত্ৰৈমাসিকৰ সময়ত।
- ঔষধৰ সম্ভাব্য পাৰ্শ্বক্ৰিয়া – ষ্টেৰইড, এণ্টিচাইক’টিক ড্ৰাগছ, এণ্টিহাইপাৰটেচিভ (থায়াজায়েড, বিটা-ব্লকাৰ), এইডছৰ চিকিৎসাৰ কিছুমান দৰৱ, গৰ্ভনিৰোধক পিল।
বৰ্ধিত ট্ৰাইগ্লিচাৰাইড হ্ৰাস কৰাৰ উপায় কি? লাইফ-ষ্টাইল বা জীৱনধাৰণৰ পদ্ধতিত কৰিবলগীয়া সালসলনি সমূহ হ’ল:-
- শৰীৰৰ ওজন হ্ৰাস কৰা -বিজ্ঞানীসকলে পাইছে যে ৫শতাংশৰ পৰা ১০শতাংশ দেহৰ ওজন হ্ৰাস পালে ৪০মিলিগ্ৰাম% পৰ্য্যন্ত ট্ৰাইগ্লিচৰাইডৰ পৰিমাণ কমিব পাৰে।
- শাৰীৰিক ব্যায়াম- সপ্তাহত ৫-৬দিন দৈনিক আধা ঘণ্টাৰ কছৰৎ শৰীৰৰ বাবে অতি লাগতিয়াল। সি লাগিলে দৌৰা, সাঁতোৰা, চাইকেল চলোৱা, খোজ কঢ়া বা আন ব্যায়াম যিয়েই নহওক।
- মদ্যপান আৰু ধূম্ৰপান ত্যাগ কৰা -ইয়াৰ দ্বাৰা ডিচলিপিডেমিয়াৰ উপৰিও নানাবিধ কেঞ্চাৰৰ পৰা বাচি থাকিব পাৰিব।
- মানসিক দুশ্চিন্তা আৰু ষ্ট্ৰেচ কমাবলৈ ধ্যান আৰু মেডিটেচন কৰিব।
খাদ্যত ল’বলগীয়া নানাবিধ সতৰ্কতা তলত উল্লেখ কৰা হ’ল: – - খাদ্যৰ পৰিমাণ লক্ষ্য ৰখা, কেলৰিৰ পৰিমাণ হ্ৰাস কৰা – নাপাহৰিব দেহৰ প্ৰয়োজনতকৈ অতিৰিক্ত কেলৰি ট্ৰাইগ্লিচৰাইডলৈ ৰূপান্তৰিত হয়।
- খাদ্যৰ বাছনি- কম চৰ্বিযুক্ত খাদ্য গ্ৰহণ – ডালডা জাতীয় ট্ৰান্সফেটৰ তৈয়াৰী খাদ্য পৰিহাৰ কৰিব। তাৰ পৰিৱৰ্তে আনচেচুৰেটেড চৰ্বি যেনে অলিভ অইল, ভিজিটেবল অইল, ফিচ অইল ব্যৱহাৰ কৰিব। নাৰিকল কমাই খোৱা ভাল কিয়নো ইয়াত চেচুৰেটেড ফেট থাকে।
- খাদ্যত চুগাৰ আৰু ফ্ৰুক্ট’জৰ মাত্ৰা হ্ৰাস কৰা – কিছুমান কাৰ্ব’হাইড্ৰেট যেনে চেনি, ময়দা আদিৰ পৰা সহজে ট্ৰাইগ্লিচৰাইড উৎপন্ন হয়। সেইবিলাকৰ ব্যৱহাৰ কমোৱা উচিত। সকলো শীতল পানীয়, এনাৰ্জি ড্ৰিংক, মিঠা কফি, ফলৰ ৰস, মিঠাই পৰিহাৰ কৰিব। পেষ্ট্ৰি আৰু বেক কৰা মিঠাই বা খাদ্য এৰাই চলিব।
- খাদ্যত বেচি ফাইবাৰৰ বাছনি কৰা – ৰাজমাহ জাতীয় শইচ, দাইল, বাদাম আদি বেছি ফাইবাৰ থকা খাদ্যই পাক প্ৰণালীৰ পৰা কাৰ্বোহাইড্ৰেটৰ শোষণ কমকৈ হবলৈ দিয়ে যাৰ ফলত ট্ৰাইগ্লিচৰাইড কমকৈ উৎপন্ন হয়।
- অমেগা-৩ ফেটি এচিড খাদ্যত সংযোগ কৰা – ঘাইকৈ সাগৰীয় মাছ টুনা, চলন্ত, চাৰডিন, হেৰিং, মেকৰেল আদিত উপলব্ধ।
- খাদ্যৰ তালিকাত চয়াবিন জাতীয় প্ৰটিনৰ সংযোগ কৰক। ইয়াৰ দ্বাৰা ট্ৰাইগ্লিচাৰাইড আৰু এলডিএল ক’লষ্টেৰল ৭শতাংশলৈকে হ্ৰাস পোৱা প্ৰমাণিত হৈছে।
- হালধি, মেথি, নহৰু, আভাকাডো, এলমণ্ড আদিৰ উপযুক্ত ব্যৱহাৰে ডিচলিপিডেমিয়া হ্ৰাস কৰে।
- নিয়মিত একে সময়ত খাদ্যগ্ৰহণ কৰা (Establish a regular meal pattern) – যাৰ দ্বাৰা দেহত থকা ইনচুলিনৰ সক্ৰিয়তা হ্ৰাস নাপায়। দেখা গৈছে যে উচ্চ ট্ৰাইগ্লিচাৰাইড হোৱাৰ এটা কাৰণ হ’ল Insulin resistance
উচ্চ ট্ৰাইগ্লিচাৰাইড কমাবলৈ ব্যৱহাৰ কৰা ঔষধ কিছুমান হ’ল: –
- অমেগা-৩ফেটি এচিড কেপচুল
- ফেন’ফিব্ৰেট যেনে ট্ৰাইকৰ, ফেনগ্লাইড, লিপান্থিল, জেমফিব্ৰজিল
- ষ্টেটিন যেনে এট্ৰভাষ্টেটিন, চিমভাষ্টিন, ৰজুভাষ্টটিন। ষ্টেটিনৰ সম্ভাব্য পাৰ্শ্বক্ৰিয়া হ’ল মাংসপেশীৰ বিষ হোৱা।
- নিয়াচিন বা নিকোটিনিক এচিড -সাধাৰণতে৫০০মিলিগ্ৰামৰ অধিক ট্ৰাইগ্লাইচেৰাইডত নিয়াচিন ব্যৱহৃত হয়। সতৰ্ক নহলে Drug interaction হোৱাৰ বেচ সম্ভাৱনা থাকে।
এইবিলাক দৰবৰ পাৰ্শ্বক্ৰিয়া হব পৰা হেতুকে কোনেও চিকিৎসকৰ পৰামৰ্শ অবিহনে নিজে কোনোবিধ ঔষধ গ্ৰহণ কৰা উচিত নহয়। ফেন’ফিব্ৰেট আৰু ষ্টেটিন একে সময়তে প্ৰয়োগ কৰা নহয়।