কল, কলডিল, কলৰ পচলা, কলাখাৰ ইত্যাদিৰ বিষয়ে এখনি ৰচনা – ডাঃ ভূপেন শইকীয়া

অতীজৰ পৰা কলগছ আমাৰ জাতীয় জীৱনৰ অপৰিহাৰ্য্য অংগ হৈ আহিছে৷ বিয়া, সবাহ, সকাম, পূজা, আদৰণি-তোৰণ, সভা-সমিতি আদি সকলো শুভ কামতে কলগছৰ অপৰ্যাপ্ত প্ৰয়োগ আমি দেখি আহিছোঁ৷ কলগছৰ প্ৰতিটো অংশই মানৱৰ হিতাৰ্থে ব্যৱহৃত হৈ আছিছে৷ কলপাতত ভগৱানলৈ বুলি নৈবদ্য আগবঢ়াওঁ, মাহ-প্ৰসাদ খাওঁ, ভোজ-ভাত খাওঁ, কলপাতত মেৰিয়াই জুইত দি কচু শাক-বিলাহীৰ-মাছৰ পিতিকা কৰোঁ, কলপাতত যি কোনো খোৱা বস্তুৰ ভাগ বিলাওঁ আৰু বহুত কিবাকিবি কৰোঁ৷ কলগছৰ শিপা আৰু কলগছৰ গাগছ, বাকলিৰ খাৰ তৈয়াৰ কৰোঁ৷ কলগছৰ গাৰ পৰা কাগজ তৈয়াৰ কৰা হয়৷ বানপানীত কলগছৰ ভুৰত উঠি ইঠাই-সিঠাইলৈ যাওঁ৷ কলগছৰ শুকোৱা ছাল বাকলিৰে ৰচি, পঘা, বেগ আদি তৈয়াৰ কৰিব পাৰি৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে ‘জয়মতী’ বোলছবিৰ ৰজাৰ ঘৰৰ চেটিং সজোৱাত যথেষ্ট পৰিমাণৰ কলগছ ব্যৱহাৰ কৰিছিল বুলি পঢ়িবলৈ-শুনিবলৈ পোৱা যায়৷ অসমৰ গ্ৰামাঞ্চলৰ বিয়া আৰু সকামত আজিও কলৰ ডোঙাত আলহীক জলপানেৰে আপ্যায়ন কৰা হয়৷ পকা কলৰ বাকলিৰে দাঁত মাজি মুখৰ দুৰ্গন্ধ আঁতৰাব পাৰি, দাঁত চিকচিকিয়াও কৰিব পাৰি৷ কাচকলৰ পিতিকা আৰু ভাজি বহুতৰ প্ৰিয় খাদ্য৷ ভীমকল শিশুৰ বাবে, গৰ্ভৱতী মহিলাৰ বাবে আৰু অসুখীয়া লোকৰ বাবেও অতি পুষ্টিকৰ খাদ্য৷ দক্ষিণ ভাৰতৰ বিভিন্ন চহৰত কলৰ চিপচ প্ৰচুৰ পৰিমাণে তৈয়াৰ কৰা হয়৷ স্বাস্থ্য ভালে ৰাখিবলৈ সকলো লোকে দৈনিক এটা হ’লেও কল খোৱা উচিত৷ কথাতে কয় “কল খালে বল পায়৷” কলৰ বাৰী পাতি ব্যৱসায় কৰি স্বাৱলম্বী হব পাৰি৷ কলডিল হ’ল কলগছত কলৰ থোকৰ আগত লাগি থকা ফুল অংশ৷ কলৰ পচলা হ’ল কলগছৰ মাজৰ মঙহাল কোমল অংশ৷ কলাখাৰ বা কলখাৰ হ’ল কল গছৰ বাকলি (ঘাইকৈ ভীমকলৰ) নাইবা মূঢ়া শুকুৱাই পুৰিলে ওলোৱা ছাইত পানী দি থৈ পিছত তাৰ পৰা নিজৰি ওলোৱা খাৰ পানী৷ আজিৰ এই প্ৰবন্ধত কল, কলডিল, কলৰ পচলা, কলাখাৰ এই সকলো বিষয় সামৰি এক আলোচনা আগবঢ়াবৰ প্ৰয়াস কৰিম৷

আপোনালোকৰ বহুতৰে হয়তো এই কথাটো জ্ঞাত যে এচিয়াৰ ভিতৰৰ সৰ্ববৃহৎ কলৰ বজাৰখন অসমৰ গোৱালপাৰাৰ দৰংগিৰি নামৰ সৰু চহৰখনত অৱস্থিত – য’ৰ পৰা গড়ে দৈনিক ৫০ ট্ৰাক কলৰ থোক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি ভাৰতৰ বিভিন্ন ঠাইলৈ ৰপ্তানি হয়৷ কলগছৰ আৰু কেইটামান উপকাৰিতা শিৱসাগৰৰ ফৰিদ আহমেদ ‘দুলে’ যোগ দিছে – ঘৰৰ কাষত পুতিবলগীয়া দ’ ঠাই থাকিলে, কাষত কলগছ ৰুলে ক্ৰমান্বয়ে দ’ ঠাই পোত খাই আহে৷ কলগছ হ’ল হাতীৰ মূল আৰু প্ৰিয় আহাৰ৷ গ্ৰামাঞ্চলত নতুনকৈ তোলা ঘৰৰ মাটিৰ ভেটিৰ পটোৱাৰ বেৰ হিচাবে কলগছ ব্যৱহাৰ কৰা হয়৷ তদুপৰি গ্ৰামাঞ্চলত কলগছৰ শুকান পাতেৰে বেৰ বান্ধি বাৰীৰ পুখুৰীটোৰ পাৰত জীয়ৰী-বোৱাৰীৰ গা-ধোৱা ঘৰৰ আঁৰ-বেৰ দিয়া হয়৷

কলগছৰ প্ৰাথমিক উৎপত্তিস্থল আছিল দক্ষিণ এচিয়া আৰু অষ্ট্ৰেলিয়া৷ কিন্তু বৰ্তমান বিশ্বৰ ১৩৫ খনতকৈয়ো অধিক দেশত ভিন্ন ভিন্ন প্ৰজাতিৰ কলগছ উপলব্ধ৷ তথ্যমতে, পৃথিৱীত কলগছৰ এহেজাৰতকৈও অধিক প্ৰজাতি আছে৷ বুৰঞ্জীত খৃষ্টজন্মৰ ৫০০ বছৰ আগৰ পৰা মানৱ সভ্যতাত কলগছৰ প্ৰচলন আছিল বুলি জনা গৈছে৷ ভাৰত আৰু চীনদেশ হ’ল বিশ্বৰ সৰ্বাধিক কলৰ উৎপাদনকৰ্তা৷ আমাৰ চিনাকি কিছুমান কলৰ জাতৰ নাম হ’ল- জাহাজী, মালভোগ, চেনিচম্পা, ভীমকল, মনোহৰ, কাচকল, পৰশমণি, সোণ্দা, অমৃতসাগৰ আদি৷

কলগছৰ বৈজ্ঞানিক নাম হ’ল Musa আৰু ইয়াৰ গোত্ৰ হ’ল Musaceae৷ Musa acuminate আৰু Musa balbisiana এই দুটা মূল প্ৰজাতিৰ থাল-ঠেঙুলিয়েই হ’ল আজিৰ দিনত উপলব্ধ অধিকাংশ গুটিবিহীন কল৷ Thousand fingers banana হ’ল এনে এবিধ কলগছ যাক ঘাইকৈ থাইলেণ্ড, মালয়েচিয়া, ইণ্ডোনেচিয়া, ফিলিপাইনচ আদি দেশত পোৱা যায়৷ গছৰ উচ্চতা ১২ ফুট পৰ্য্যন্ত আৰু ইয়াত লগা ৮- ১০ ফুটীয়া কলৰ থোকে মাটি স্পৰ্শ কৰিব খোজে৷ থোকটোত সৰু সৰু আকৃতিৰ কেইবা শ গুটি নথকা কল লাগে৷

নামকৰণ: কলৰ ইংৰাজী বানানা (Banana) নামৰ উৎপত্তি আৰবী ‘বানান’ শব্দৰ পৰা হৈছে যাৰ অৰ্থ হ’ল আঙুলি৷ বানানা, বানানে, বানান এনে প্ৰচলিত নামেৰে ফৰাচী, জাৰ্মানী, ৰুচ, ইটালি, জাপান, পৰ্টুগিজ আদি ভাষাতো কলক বুজোৱা হয়৷ হিন্দীত কেলা, নেপালীত কদলি, মালায়ালমত ভালাপ্পালম, তামিলত ভাজহেই, তেলেগুত আৰ্টিপান্দু, সিংহলিত কেহেল, স্বাহিলীত কলক মাচো বুলে৷

এতিয়া কলডিলৰ বিষয়ে জনো আহক৷ কলডিল হ’ল এবিধ সুস্বাদু আৰু অতি পুষ্টিকৰ খাদ্য৷ কিছুদিনৰ আগলৈকে কলডিল খাই নোপোৱা অসমীয়া মানুহ নাই বুলিয়েই কব পৰা হৈ আছিলোঁ৷ পিছে আজিকালি অসমৰ নগৰীয়া মানুহৰ জুতি সলনি হব ধৰিছে৷ এই ৰচনাখন পঢ়ি যদি দুই এজনে নতুনকৈ কলডিল খাবলৈ আৰম্ভ কৰে সেয়া হব স্বাস্থ্য সজাগতা অনাৰ ক্ষেত্ৰত কৰা মোৰ ক্ষুদ্ৰ প্ৰয়াসৰ সাৰ্থকতা৷

কলডিলৰ স্বাভাবিক স্বাদ হ’ল তিতিকি ভাৱ থকা৷ পিছে জালুক, আদা, নহৰু, পিয়াঁজ, জলকীয়া আৰু মছলা লগত পৰিলে, সিজালে কলডিলৰ তিতা স্বাদ মুঠেই নোহোৱা হয়৷ কোনোৱে মিহিকৈ কুটি শুকানকৈ ভাজি খাই ভাল পায়৷ কোনোৱে দাইলৰ লগত মিহলাই জুলীয়া আঞ্জা পচন্দ কৰে৷ কোনোৱে মাংসৰ লগত ভাজি খায়৷ কোনোৱে চাটনি বা চুপো বনাই খায়৷ কিন্তু লাগতিয়াল কথাটো হ’ল আপুনি যেনেকৈয়ে খালেও কলডিলৰ উপকাৰিতাখিনি পাবই৷ মানুহে সাধাৰণতে ভীমকল আৰু পাহাৰীয়া কলৰ কলডিল খায় – কাৰণ এই দুবিধত তিতা কম৷ আন কলগছৰ কলডিলতো গুণ একেই থাকে, কিন্তু বেছি তিতা স্বাদৰ বাবে মানুহে সচৰাচৰ নাখায়৷

কলডিল কুটিলে হাতত ক’লা চেকা লাগে৷ সেয়া সামান্য চেষ্টা কৰি আঁতৰাব পাৰি৷ কুটি থোৱা কলডিল বায়ুৰ অক্সিজেনৰ লগ লাগি ততালিকে ক’লা পৰে৷ কলডিলৰ কাপোৰত চেকা যাতে নালাগে ৰান্ধনিয়ে সতৰ্ক হোৱা ভাল৷ কলডিল কুটি লৈ ধুলে তাত থকা আইৰণখিনি উটি যায় বুলি বহুতৰ মনত ভুল ধাৰণা আছে৷

কলডিলত কি কি তত্ত্ব থাকে?

কলডিলত থাকে- প্ৰ’টিন, ফেট, কাৰ্বোহাইড্ৰেট, ফাইবাৰ, কেলচিয়াম, মেগনেচিয়াম, পটেচিয়াম, আইৰণ, কপাৰ, ফচফ’ৰাচ, ভিটামিন-ই, ভিটামিন-এ, ভিটামিন-চি, মিথানল আৰু কেইবাবিধো এণ্টিঅক্সিডেণ্ট৷ কলডিলত থকা ‘ফ্লেভনইড’ হ’ল কেবল গছ-গছনিত থকা উপকাৰী ৰাসায়নিক পদাৰ্থ, যাৰ উপস্থিতি হ’ল মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধক অৰ্থাৎ ইমিউনিটি বঢ়োৱাত সহায়ক৷

এতিয়া কলডিলৰ শৰীৰৰ বিভিন্ন ক্ষেত্ৰত উপযোগিতা চমুকৈ বৰ্ণনা কৰিম৷

(১) ফ্ৰি-ৰেডিকেলক নিষ্ক্ৰিয় কৰা: – মোৰ দৃষ্টিত এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা৷ ফ্ৰি-ৰেডিকেল নামৰ অপকাৰী, বিপদজনক ৰাসায়নিক তত্ত্ব আমাৰ শৰীৰৰ ভিতৰত নিৰ্মাণ হয়৷ ইয়াত অৰিহণা যোগায় পাৰিপাৰ্শ্বিকতাত থকা দূষিত ৰাসায়নিক পদাৰ্থই – যেনে চিগাৰেট আৰু আলকেটেৰাৰ ধোঁৱা, চিমেণ্টৰ ধূলি, পানীৰ আৰ্চেনিক, এক্সৰেৰ বিকিৰণ, কল-কাৰখানাৰ প্ৰদূষণ আদিয়ে৷ ফ্ৰি-ৰেডিকেলৰ কুপ্ৰভাৱত মানুহ অকালতে বাৰ্ধক্যৰ দিশে গতি কৰে, পাৰকিনচনিজম আৰু এলঝাইমাৰ জাতীয় ৰোগৰ চিকাৰ হয়৷ ফ্ৰি-ৰেডিকেলৰ আধিক্যই বা বেছি সক্ৰিয়তাই শৰীৰৰ কোষসমূহৰ বিসংগতি ঘটায় আৰু শৰীৰ ভয়াবহ ৰোগ কেঞ্চাৰৰ দিশে ধাৱমান হয়৷

কলডিলত থকা মিথানল আৰু অন্যান্য এণ্টিঅক্সিডেণ্টে ফ্ৰি-ৰেডিকেলচৰ সৈতে যুঁজ দিয়ে৷ নিয়মীয়াকৈ কলডিল গ্ৰহণ কৰা লোকক সেয়ে অকালবাৰ্ধক্য, স্নায়বিক-মানসিক ৰোগ আৰু কেঞ্চাৰে সহজে স্পৰ্শ নকৰে৷

(২) পাক প্ৰণালীৰ সুৰক্ষা প্ৰদান: -কলডিলত থকা ফাইবাৰ দুই প্ৰকাৰৰ – ঘূলি যোৱা (Soluble) আৰু ঘূলি নোযোৱা (Insoluble)৷ ঘূলি যোৱা ফাইবাৰে সহজে পাক প্ৰণালীৰ ভিতৰত প্ৰৱেশ কৰে আৰু পানীৰ লগত লগ লাগি জেল বা ঘোল বনায়৷ ঘূলি নোযোৱা ফাইবাৰে শৌচৰ পৰিমাণ বৃদ্ধি কৰি মল-নিষ্কাষণত সহায় কৰে৷ কলডিলত থকা ফাইবাৰে শৌচ কচা আঁতৰায়৷ গতিকে গৰ্ভাৱস্থাত হোৱা শৌচৰ অনিয়ম দূৰ কৰিবলৈ কলডিল খোৱাব লাগে৷ কলডিলে অভোক আৰু বদহজমিও দূৰ কৰে৷

(৩) মানসিক স্বাস্থ্য ৰক্ষাত লোৱা ভূমিকা: – কলডিলত থকা মেগনিচিয়ামে মানসিক অৱসাদ, দুঃচিন্তা আঁতৰোৱাত সহায় কৰে৷ আগতেই কোৱা হৈছে কলডিলে নানাবিধ স্নায়বিক ৰোগৰ পৰাও শৰীৰক সুৰক্ষা দিয়ে৷ ডিপ্ৰেচন আঁতৰাই মুড ভালে ৰখাত কলডিল সহায়ক৷

(৪) মাহেকীয়াৰ সমস্যাৰ উপশম ঘটোৱা: – কলডিলে শৰীৰৰ প্ৰজেষ্টৰন হৰমোনৰ লেভেল বঢ়ায়, যাৰ ফলত মাহেকীয়াৰ অতিস্ৰাৱ ৰোধ হয়৷ এই ক্ষেত্ৰত দৈ আৰু হালধি কলডিলৰ সৈতে একেলগে খালে বেছি উপযোগী বুলি কোৱা হৈছে৷

(৫) মাতৃদুগ্ধৰ পৰিমাণ বৃদ্ধিত সহায়ক: – কলডিলে মাতৃদুগ্ধৰ উৎপাদন বৃদ্ধি কৰা দেখা যায়৷ ইয়াৰ বিপৰীতে আমাৰ কিছুমান মানুহৰ মনত থকা ভুল ধাৰণা আশাকৰোঁ এই লেখাই আঁতৰ কৰিব৷

(৬) জৰায়ুৰ সুৰক্ষা: – জৰায়ুক কলডিলে সুৰক্ষা দিয়ে বুলি আয়ুৰ্বেদে কয়৷

(৭) মেদবহুলতা হ্ৰাসত সহায়ক: -কলডিলত ফাইবাৰ থকা হেতুকে শকত লোকসকলে মেদবহুলতা কমাবলৈ কলডিল খোৱা উচিত৷

(৮) ছালৰ কমনীয়তা বৰ্তাই ৰখা: – কলডিলত থকা ভিটামিন-ই আৰু ভিটামিন-চি হ’ল ছালৰ বাবে উপযোগী৷

(৯) সংক্ৰমণৰোধক ভূমিকা: – কলডিলত থকা মিথানেলৰ বাবে শৰীৰৰ বাবে অপকাৰী বেক্টেৰিয়াই ক্ৰিয়া কৰিবলৈ অক্ষম হয়৷ লেব’ৰেটৰীত প্ৰয়োগ কৰি দেখা গৈছে যে ই-কলাই, বেচিলাচ চাবটলিচ, বেচিলাচ চেৰিয়াচ আদি বেক্টেৰিয়াই কলডিলৰ প্ৰভাৱত বাঢ়িব নোৱাৰা হয়৷ আকৌ কলডিলৰ প্ৰভাৱত মেলেৰিয়াৰ পৰাশ্ৰয়ী জীৱাণুৰ অহিত হোৱা পৰিলক্ষিত হৈছে৷ কলডিল খালে শৰীৰৰ কটা-চিঙা-ঘা সোনকালে শুকোৱা দেখা যায়৷

(১০) এনিমিয়া দূৰ কৰাত সহায়ক: -লৌহ পদাৰ্থ, নানাবিধ ভিটামিন আদি কলডিলত থকা বাবে হিম’গ্লবিনৰ উন্নতি হয়৷

(১১) ডায়েবেটিজৰ প্ৰতিৰোধক: -কলডিলত থকা ফাইবাৰ আৰু ফিনলিক এচিড আদি তত্ত্ব থকাৰ বাবে তেজৰ চুগাৰ নিয়ন্ত্ৰণত সহায়ক হয় বুলি বিজ্ঞানীসকলে মত পোষণ কৰে৷

(১২) লাগতিয়াল ভিটামিন আৰু মিনাৰেলৰ ভূমিকা: – কলডিলত থকা ভিটামিন আৰু আন লাগতিয়াল তত্ত্বসমূহে শৰীৰক হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে৷ ২৯ এপ্ৰিল ২০১৪ ত প্ৰকাশিত এক মেডিকেল বুলেটিনত কোৱা হৈছে কলত থকা লাগতিয়াল তত্ত্বসমূহৰ বাবে ই ১০ শতাংশলৈকে ৰক্তচাপ হ্ৰাস কৰে৷ সেয়ে উচ্চ ৰক্তচাপ থকাসকলেও নিৰ্ভয়ে কলডিল খাব পাৰে৷

এতিয়া কলৰ পচলাৰ উপকাৰিতাসমূহ জানো আহক৷ ডায়েবেটিজ ৰোগীৰ বাবে পচলা হ’ল এবিধ উপকাৰী খাদ্য৷ পচলাত থকা ভিটামিন-বি আৰু আন তত্ত্বসমূহ ইনচুলিন উৎপন্ন হোৱাত সহায়ক হয়৷ পচলাত থকা প’টাচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে৷ হৃদয় আৰু স্নায়ুক সবল কৰি ৰাখে৷ ভিটামিন-বি গোটে এনিমিয়া আঁতৰ কৰে৷ পচলাত থকা ফাইবাৰে শৌচকচা আঁতৰ কৰে৷ পচলা খালে মূত্ৰৰ প্ৰবাহ সুচল হয় আৰু কিডনিত পাথৰ হোৱা ৰোধ কৰে৷

তামোল পাণৰ দৰে কলাখাৰৰ সৈতে অসমীয়া জনজীৱনৰ এক নিবিড় সম্পৰ্ক অতীজৰ পৰা চলি আহিছে৷ ৰঙালী বিহুৰ সময়ত ১০১ বিধ শাকৰ উপৰিও তিতা, টেঙা আৰু খাৰ খোৱাটো অসমীয়া সমাজৰ এটা পৰম্পৰা হিচাবে চলি আহিছে৷ কলাখাৰৰ গুণ হ’ল ৰক্তচাপ নিয়ন্ত্ৰণ কৰা, হজম শক্তি বৃদ্ধিকাৰক, কৌষ্ঠকাঠিন্য আঁতৰ কৰা, পেটৰ এচিডিটি কমোৱা আদি৷ নকলেও হ’ব কলাখাৰৰ ব্যৱহাৰৰ বাবেই অসমীয়াই ‘খাৰ খোৱা’ জাতিৰ নাম পালে৷ শেহতীয়াকৈ কেইজনমান গৱেষকে মত পোষণ কৰিছে যে অধিক পৰিমাণত কলাখাৰ বেছিদিন খালে খাদ্যনলীৰ কৰ্কট ৰোগ হব পাৰে৷ সেয়ে কলাখাৰ তাৰ গুণ পাবৰ বাবে আৰু লগতে জুতিৰ বাবে হ’লেও প্ৰতি সপ্তাহত এসাজ বা দুসাজহে খোৱা উচিত৷ মোৰ মনত পৰে এজন অধুনা প্ৰয়াত প্ৰখ্যাত সাহিত্যিকে ব্যক্ত কৰিছিল শক্তিশালী আহোম ৰজা গদাধৰ সিংহৰ সম্ভৱত: খাদ্যনলীৰ কৰ্কট ৰোগ হৈছিল আৰু ইয়াৰ কাৰণ হয়তো সদ্য উল্লিখিত অসমীয়া লোকাচাৰ৷ সি যি নহওঁক, মোৰ বক্তব্য হ’ল যে সকলো খাদ্য আমি যথোচিত পৰিমাণত ব্যৱহাৰ কৰিলেহে তাৰ সম্ভাব্য বিপদজনক পাৰ্শ্বক্ৰিয়াৰ পৰা হাত সাৰি থাকিব

পাৰোঁ৷

লেখাৰ সামৰণিত কেইটিমান কলৰ ব্যৱহাৰৰ ঘৰুৱা টিপচ আগবঢ়ালোঁ৷

– কটা ঘাঁৰ ৰক্তক্ষৰণ পচলাৰ ৰস লগালে বন্ধ হয়৷

– জুয়ে পোৰা অংশত কল পিটিকি লগালে পোৰণিৰ উপশম ঘটে৷

– পাকস্থলীৰ আলচাৰ কাচকলৰ পিটিকা খালে নিৰাময় হয়৷

– কলৰ সৈতে দৈ-ভাত খালে সোনকালে ডায়েৰিয়া নিয়ন্ত্ৰিত হয়৷

– মিচিৰি, ইলাচি পকা কলৰ লগত একেলগে সেৱন কৰিলে মানসিক অস্থিৰতাৰ উপশম ঘটে৷

– কলৰ বাকলি পিচি নেমু ৰসৰ সৈতে মিহলাই লগালে কিছুমান খৰ ভাল হয়৷

-মদৰ নিচা কল আৰু গাখীৰৰ শ্বেক বনাই খুৱালে সোনকালে আঁতৰ হয়৷

•চিপাঝাৰৰ পৰা কন্দৰ্প নাথৰ সংযোজন: আমাৰ মা-দেউতাহঁতে কয় যে কঠাল খাই অজীৰ্ণ হ’লে কল খাব লাগে৷

মোখনিত ইমানেই কম যে আমাক প্ৰকৃতিয়ে যোগান ধৰা এই অমূল্য বৰদান কল, কলডিল আৰু কল পচলাৰ মাহাত্ম্য এতিয়া বিশ্বই বুজি উঠিছে৷ দেশে-বিদেশে ইয়াৰ গুণাগুণৰ ওপৰত নানান গৱেষণা চলি আছে৷ উন্নত দেশসমূহৰ চুপাৰমাৰ্কেটৰ পাচলিৰ বিপনীত কলৰ সৈতে কলডিল আৰু কলপচলাই সম্ভ্ৰান্ত পাচলিৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!