ক’হিমা পালোঁহি — আব্দুচ ছাজিদ
‘মই ক’হিমাৰে আধুনিকা ডালিমী৷
মই গদাপাণি আধুনিক ভৈয়ামৰ৷ ’
এইটো ঠিক যে লক্ষ্মীনাথৰ সেই ডালিমীও এতিয়া নাই আৰু আমিও নহওঁ গদাধৰ৷ তথাপিও আজিৰ এই যাত্ৰাই কিয় জানো বাৰে বাৰে অতীতৰ কাহিনীকেই সোঁৱৰাইছে৷ সেয়া আছিল পূৰ্ব ভাৰতীৰ সমন্বয়ৰ জীয়া প্ৰতীক৷ সমন্বয়ত ঘূণে ধৰিছে বুলি আজিকালি বিলাপ কৰা হয়৷ বিলাপৰ মাত্ৰাটো দিনে দিনে বাঢ়ি গৈ আছে৷ চিন্তনীয় বিষয়৷
দূৰৰ পৰাই জিলিকিছে পাৰ্বত্যনগৰী ক’হিমা, নাগালেণ্ডৰ ৰাজধানী৷ এইখন নাগালেণ্ডৰে আগলি ভাগত আছে মন জিলা৷ তাতে ৱাকছিং নামৰ পাহাৰীয়া গাঁও৷ তাতে হেনো গদাপাণি লুকাই আছিল ল’ৰা ৰজাৰ পৰা পলাই৷ সাত দিন সাত ৰাতি ধাৰাষাৰ বৃষ্টিপাত হৈছিল৷ ৱাকছিং গাঁৱৰ আং অৰ্থাৎ ৰজাজনে গদাপাণিৰ বাবে তেনে হোৱা বুলি ভাবি তেওঁক আন এখন গাঁও টানহাইলৈ পঠিয়াই দিয়ে৷ টানহাইৰ ৱাতলোং ৰাণীৰ জীয়ৰীৰ লগত গদাপাণিৰ সম্পৰ্ক স্থাপন হয়৷ ৰাজকুমাৰীৰ অসমীয়া নাম ডালিমী৷ ৱাকছিঙত থকা এটা মৰং ঘৰত এফালে গদাপাণি আৰু আনটো ফালে সেই সময়ৰ আংগৰাকীৰ প্ৰতিমূৰ্তি কাঠত কাটি থোৱা অৱস্থাত দেখা যায়৷ গাঁৱৰ পথৰ দাঁতিত থকা পকী স্মাৰকত লিখা আছে গদাপাণি, ডালিমী তথা আহোম-নগাৰ সেই সময়ৰ বন্ধুত্বৰ গাঁথা৷ দেখাগৈ নাই, শুনিছোঁহে৷ গীত দুশাৰী গুণগুণাই আহি থাকোঁতে তাহানিৰ কথাই মগজুত খুন্দিয়াইছে৷
আকাশত ক’লীয়া ডাৱৰ৷ ৰ’দ নাই৷ বতৰ বিজ্ঞানীৰ বতৰা অনুসৰি ক’হিমাৰ ফালে বৰষুণ থাকিব বুলি সুবীৰে কালি ডিমাপুৰ এৰাৰ সময়তে উনুকিয়াইছিল৷ সেই আগজাননীক সত্য প্ৰতিপন্ন কৰিবলৈকে যেন পাতলীয়াকৈ হ’লেও নামি আহিছে বৰষুণৰ কণিকাবােৰ৷ ৯.০০ বাজিবলৈ কেইটামান মিনিট বাকী৷ আমি চহৰখনৰ ওচৰ চাপিছোঁ৷ ঘন জনবসতিপূৰ্ণ পৰ্বতবোৰ, পৰ্বতৰ গাত ডাৱৰৰ আঁৰে আঁৰে জিলিকি উঠা ঘৰবোৰ তাৰেই নিৰ্ভেজাল ইংগিত৷ ক’হিমাখন সাগৰৰ উপৰিভাগতকৈ ১, ৪৪৪ মিটাৰ উচ্চতাত অৱস্থিত৷ প্ৰাকৃতিক শোভা আৰু নৈসৰ্গিক সৌন্দৰ্যৰে আকৰ্ষণীয় নগা পাহাৰৰ এই মুখ্য চহৰ৷
নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজে ১৯৪৪ চনত ক’হিমাৰ কিছু অংশ অধিকাৰ কৰিছিল৷ দ্বিতীয় মহাযুদ্ধৰ সময়ছোৱাতে জাপানেও অলপ দিনৰ বাবে ক’হিমা হস্তগত কৰিছিল৷ জাপানৰ বিৰুদ্ধে ব্ৰিটেইন, ভাৰত আৰু নেপাল সন্মিলিত শক্তিৰ যুঁজ লাগিছিল৷ জাপানীয়ে পৰাজয় বৰণ কৰিছিল৷ মহাসমৰত নিহত প্ৰায় ১, ৪০০ সৈনিকৰ সমাধি ক’হিমা ৱাৰ ছিমেট্ৰি নগৰখনৰ দুৱাৰমুখতে ইম্ফল পথত আছে৷ পূৰ্বতে কৰা প্ৰথমটো ভ্ৰমণকালতে মই উক্ত সমাধিস্থল দৰ্শন কৰিছিলোঁ৷
’When You Go Home, Tell Them Of Us And Say,
For Your Tomorrow, We Gave Our Today’
১৯৪৪ৰ ৪ এপ্ৰিলৰ পৰা ২২ জুনলৈ সংঘটিত বেটেল অফ্ ক’হিমাত নিহত সৈনিকৰ এপিটাফত খোদিত ইংৰাজ কবি John Maxwell Edmondsৰ শাৰী দুটা Kohima poem হিচাপে পৰৱৰ্তী সময়ত বিশ্বখ্যাত হৈছে৷ ‘পূবৰ ষ্টেলিনগ্ৰেড’ বুলি জনাজাত, অনেক কাহিনীসমৃদ্ধ ক’হিমা৷ বৃহত্তৰ ক’হিমাই আজি ঝাখামা, জৎচমা পৰ্যন্ত এলেকা সামৰি লৈছে৷ ১৬টা নগা নৃগোষ্ঠীৰ লোকে বাস কৰা ক’হিমাৰ মুখ্য জনগোষ্ঠীটো আংগামী৷ তাৰ পাছতে আও৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ২, ৬৭, ৯৮৮৷
পাহাৰৰ ঢালত ঠাহ খাই থকা ঘৰবোৰ দূৰৰ পৰাই অৱস্থান সলাই সলাই চকুত পৰি আহিছিল৷ এতিয়া সেইবোৰৰ মাজত আমিও সোমাই পৰিলোঁ৷ ক’হিমা নাগালেণ্ড চৰকাৰৰ প্ৰশাসনীয় কেন্দ্ৰস্থল৷ আয়তন ২০ বৰ্গ কিল’মিটাৰ৷ বিভিন্ন গুৰুত্বপূৰ্ণ চৰকাৰী, বেচৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ কাৰ্যালয় ইয়াত আছে৷ দোকান-বজাৰ আছে৷ নগা পাহাৰৰ বিশাল বুকুত ই এখন ধুনীয়া পাহাৰীয়া নগৰ৷ পণ্ডিতসকলৰ মতে, ক’হিমা নামটো নগা দোৱানৰ ’কিউহেইমিয়া’ শব্দটোৰ পৰা সৃষ্টি হৈছে যি প্ৰধানকৈ পাহাৰত বাস কৰা জনগণক বুজায়৷ দ্বিতীয় বিশ্বযুদ্ধত নিহত সৈনিকৰ সমাধিস্থল, ৰাজ্যিক সংগ্ৰহালয়, আৰাদুৰা ৰিঝত ১৯৯৮ চনত নিৰ্মিত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ কেথ’লিক কেথেড্ৰেল, চৰকাৰী বিক্ৰী কেন্দ্ৰ, জনজাতীয় গাঁও আৰু জীৱন, মেঠোনৰ শিঙেৰে সজ্জিত প্ৰৱেশদ্বাৰ, বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তুৰে পূৰ্ণ জৈৱ উদ্যান ইত্যাদি এইফালৰ বিশেষ চাবলগীয়া৷ ৰাজ্যখনৰ ভিতৰতে ক’হিমা এখন অগ্ৰণী শৈক্ষিক কেন্দ্ৰস্থল৷ নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপৰি অনেকবোৰ উন্নত শিক্ষানুষ্ঠান ইয়াত আছে৷ বৰ্তমান বড়া বস্তি বুলি জনাজাত Kewhira এছিয়াৰ ভিতৰতে দ্বিতীয়খন বৃহৎ আৰু জনবহুল গাঁও৷ Kewhira মানে Kewhi নামৰ বনৰীয়া ফুলবিধ গজি উঠা ঠাই৷ ব্ৰিটিছসকলে এই আংগামী শব্দটো উচ্চাৰণ কৰিব নোৱাৰি ক’হিমা বুলিছিল৷ তাৰ পৰাই ঠাইখনৰ নামটো ক’হিমা হ’ল বুলিও কোৱা হয়৷ থকা-মেলাৰ বাবে ইয়াত হোটেল, অতিথিশালা, যাত্ৰী নিবাস আদি আছে৷ জলবায়ু স্বাস্থ্যকৰ৷ অক্টোবৰৰ পৰা মাৰ্চ মাহ পৰ্যন্ত ঠাইখন চোৱাৰ উৎকৃষ্ট সময়৷ ডিমাপুৰৰ সৈতে ক’হিমাৰ যোগাযোগ মূলতঃ পথ ব্যৱস্থাৰ জৰিয়তেই৷ ডিমাপুৰ-ক’হিমা পথটোৱে পাহাৰৰ সৈতে ভৈয়ামৰ যোগসূত্ৰ স্থাপনত লাইফ-লাইন হিচাপে কালনীৰৱধি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷
অসম সাহিত্য সভাৰ আনুষ্ঠানিক জন্মৰ ২২ বছৰ পূৰ্বে, ১৮৯৫ চনৰ ডিচেম্বৰ মাহত অবিভক্ত অসম-নাগালেণ্ডৰ এইখন ক’হিমাতে সাহিত্য সভাৰ জন্ম দিছিল পদ্মনাথ গোহাঞিবৰুৱাই৷ ক’হিমা সাহিত্য সভাৰ তেওঁ সম্পাদকৰ পদ অলংকৃত কৰিছিল, জীৱনৰ মাথোঁ ২৪টা বসন্ততে৷ প্ৰথম সভাপতি আছিল নবীন চন্দ্ৰ ভট্টাচাৰ্য৷ তাৰ পৰৱৰ্তী সুদীৰ্ঘ সময়ৰ পাছতহে, ১৯১৭ চনত শিৱসাগৰত জন্ম হৈছিল অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠানটিৰ৷ তেতিয়াও প্ৰথমজন সম্পাদক হৈছিল গোহাঞিবৰুৱা৷ ক’হিমা চহৰৰ মাজ-মজিয়াত ক’হিমা সাহিত্য সভাৰ প্ৰথম ভৱন ’লাল ঘৰ’ আজিও আছে৷ ১৯৭৮ চনত নাগালেণ্ড চৰকাৰে ঘৰটো সলনি কৰে৷ এতিয়া পি. আৰ. হিলত নাগালেণ্ড পুলিচ হে’ড-কোৱাৰ্টাৰৰ বিপৰীতে ক’হিমা সাহিত্য সভাৰ নিজা ভৱন৷ হৰিপ্ৰসাদ গোৰ্খাৰায়, ধনবাহাদুৰ সোণাৰ আৰু গোবিন্দ চন্দ্ৰ পৈৰা৷ যুদ্ধোত্তৰ কালৰ ক’হিমা সাহিত্য সভাৰ সৈতে জড়িত এই তিনিগৰাকী মনীষীৰ নাম কোনে নাজানে? সাহিত্যিক পেন্সনাৰ গোবিন্দ চন্দ্ৰ পৈৰা ক’হিমা সাহিত্য সভাৰ সভাপতিও আছিল৷ পাছলৈ দুটা কাৰ্যকালৰ বাবে তেওঁ অসম সাহিত্য সভাৰ উপ-সভাপতিও নিৰ্বাচিত হৈছিল৷
১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে ব্ৰিটিছৰ হাতৰ পৰা স্বৰাজ লাভ কৰিছিল৷ তাৰ ঠিক আগদিনা স্বাধীন হৈছিল পাকিস্তান৷ সেইদিনাই নগা পাহাৰেও নিজৰ স্বাধীনতা ঘোষণা কৰি দিছিল৷ ক’হিমাৰ উপৰি আমি পাই অহা খনমাৰ লগতে মোককচুং, ঘাচপানী, ৱ’খাত উত্তোলিত হৈছিল স্বাধীন নগাৰ পতাকা৷ সেই পতাকাৰ হেন্দোলনিত নিহিত আছিল নগাৰ শক্তি আৰু সাহসৰ বতৰা৷ তাৰ গুৰিতে আছিল এ. জেদ. ফিজো৷ আজিও দ্ব্যৰ্থহীনভাৱে এইটো কোৱা হয় যে The American Missionaries made the Nagas ’one’ in Jesus Christ, but the man who modeled the Nagas into ’one people’ is the legendary Naga freedom fighter late Angami Zapu Phizo, popularly known as A Z Phizo.
তাৰো প্ৰায় তিনি দশক পূৰ্বে, বিগত ১৯১৮ চনত ক’হিমাতে জন্ম হৈছিল Naga Clubৰ৷ নাগা ক্লাব আছিল নগাসকলৰ উমৈহতীয়া সংগঠন৷ ব্ৰিটিছৰ হাতৰ পৰা পাকিস্তান, ভাৰত বা বাৰ্মাই স্বাধীনতা লাভ কৰাৰ আগতেই ক’হিমাৰ নাগা ক্লাবৰ মজিয়াৰ পৰাই ভাৰতত বাহৰ পাতি থকা British Statutory Commission (চাইমন কমিছন)ৰ প্ৰতি ’নগা পাহাৰৰ স্মাৰক-পত্ৰ’ লিখা হৈছিল৷ ১, ০২, ০০০ নগা জনগণৰ হৈ কৰা কুৰিগৰাকী স্বাক্ষৰকাৰীৰ অধিকাংশই আছিল আংগামী৷ বাদ-বাকী ছেমা, লথা, ৰেংমা, কুকি, কাচ্চা নাগা৷ নগা জনসাধাৰণৰ অগোচৰে সংস্কাৰ আঁচনিৰ দোহাই দি তেওঁলোকৰ যুগ-যুগান্তৰৰ বসতি অঞ্চল ব্ৰিটিছ অফিচাৰৰ দ্বাৰা ব্ৰিটিছ-ইণ্ডিয়াত অন্তৰ্ভুক্ত কৰাত আশ্চৰ্য প্ৰকাশ কৰাৰ উপৰি স্বাধিকাৰ ভংগৰ আশংকা কৰা হৈছিল ১৯২৯ চনৰ ১০ জানুৱাৰীত প্ৰেৰিত স্মাৰক-পত্ৰখনত৷ ক’হিমা চহৰৰ সেই ঐতিহ্যমণ্ডিত নাগা ক্লাবৰ তাহানিৰ স্থানটি এতিয়া ইউনিয়ন বেপ্টিষ্ট চাৰ্চে ব্যৱহাৰ কৰি আছে৷ নাগা ষ্টুডেণ্টছ ফেডাৰেচনে কেতবোৰ স্মৃতি সংৰক্ষণ কৰি ৰাখিছে৷
ভাৰতৰ স্বাধীনতা, নগাৰ স্বাধীনতা ইত্যাদি প্ৰসংগই তোলপাৰ লগাই থকাৰ সময়তে হংকং, ছিংগাপুৰ, মাকাওৰ নিচিনাকৈ ভাৰত ভূখণ্ডৰ পৰা পৃথকে ৰাখি Dominionৰ মৰ্যাদাৰে নগা পাহাৰক স্বাধীনতা প্ৰদান কৰি দক্ষিণ-পূব এছিয়াৰ ব্ৰিটিছৰ ঘাটিৰ ৰূপত গঢ়াৰ সপোন ৰচিছিল ব্ৰিটিছ আৰ্মীৰ কেপ্টেইন পৰ্যায়ৰ দুজন যুৱ বিষয়াই৷ অৰ্থাৎ, ব্ৰিটিছৰ স্বাৰ্থত স্বাধীন নাগালেণ্ডৰ জন্ম৷ তাকে উদ্দেশ্য কৰি ১৯৪৫ চনৰ এপ্ৰিলত তেতিয়াৰ নাগা হিলছৰ উপায়ুক্ত চি. আৰ. পাউচেইৰ তৎপৰতাত পূৰ্বৰ Naga Clubৰ জেগাত Naga Hills District Council আৰম্ভ হৈছিল৷ তেনেকুৱাতে ফিজোৰ আগমন ঘটিল৷ তেওঁ দৃঢ়কণ্ঠে ক’লে, ’’নগাভূমি নগাৰ কাৰণে, আনৰ কাৰণে নহয়৷ ’’ Naga Hills District Council হৈ পৰিল Naga National Council (NNC)৷ ব্ৰিটিছৰ স্বায়ত্তশাসন আৰু স্বাধীনতাৰ বিপৰীতে নগাৰ পূৰ্ণ স্বাধীনতাৰ দাবী উত্থাপিত হ’ল৷ অঞ্চলভিত্তিক নহয়, নগাসকলে বিচাৰিলে জাতিভিত্তিক স্বায়ত্তশাসন৷
সেই সময়তে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবোৰ ভ্ৰমি ফিজোৱে প্ৰায়বোৰ জনগোষ্ঠীয় নেতাক পৃথকে পৃথকে সাক্ষাৎ কৰিছিল৷ স্বাধীনতা বিচাৰিবৰ বাবে বুজাইছিল৷ খাচি, গাৰো, মিজো, মেইটেই, অসমীয়া, ডিমাচা নেতাসকলক তেওঁ নিজে লগ ধৰিছিল৷ Constituent Assemblyৰ তদানীন্তন সদস্য অমিয় কুমাৰ দাসক তেওঁ কৈছিল যে অসমেও স্বাধীনতা দাবী কৰা উচিত৷ দিল্লীৰ অৱহেলা আশংকা কৰি সকলো মিলি ভাৰতৰ পৰা স্বাধীন হোৱাৰ পোষকতা কৰিছিল ফিজোৱে৷ সেয়া আছিল ১৯৪৬ চন৷
স্বাধীনতাৰ আগে আগে, ১৯৪৭ চনৰ ২৬ জুনত তেতিয়াৰ অবিভক্ত অসমৰ ৰাজ্যপাল ছাৰ আকবৰ হায়দৰীৰ পৌৰোহিত্যত এখন ন-দফীয়া চুক্তি স্বাক্ষৰিত হৈছিল৷ অমিয় কুমাৰ দাসৰ বুজনি আৰু অনুৰোধ মৰ্মে ১৯ জুলাইত ফিজো, চাখ্ৰে’, ভিডেশ্বেলী, শ্বেটো আদি কৰি এন.এন.চি.ৰ এক ডজন সদস্যই দিল্লীত মহাত্মা গান্ধীক লগ ধৰিলেগৈ৷ উদ্দেশ্য আছিল নিজে নিজক শাসন কৰা নগাৰ অধিকাৰ আৰু দাবী সম্পৰ্কে যুক্তিসংগতভাৱে জনোৱা৷ সাক্ষাৎকাৰত ভাৰত যুক্তৰাষ্ট্ৰৰ লগত অংগ হিচাপে পোৱা স্বাধীনতা অগ্ৰাহ্য কৰি নগাসকলে বিচৰা পূৰ্ণ স্বাধীনতাৰ সম্পৰ্কে বিশদভাৱে বৰ্ণোৱা হ’ল৷ নগা নেতাৰ অকাট্য যুক্তি আৰু প্ৰকাশভংগিৰ সাৱলীলতাত আচৰিত আৰু নিৰ্বাক হৈ পৰিছিল গান্ধীজী৷ ‘বলপূৰ্বকভাৱে নগা পাহাৰত সোমোৱা ভাৰতীয় সেনাই নগাৰ ওপৰত গুলী চলোৱাৰ আগতে মোৰ ওপৰত গুলী চলাব লাগিব’ বুলি তেওঁ আশ্বাস আৰু অভয় দান কৰিলে৷ পিছে ২৬ জুনৰ চুক্তিখনৰ দোহাই দি গান্ধীৰ আশ্বাসত পতিয়ন নগ’ল ফিজো, চাখ্ৰে’হঁত৷ ইফালে নগাক দিয়া আশ্বাস কাৰ্যকৰী কৰিবলৈ নৌপাওঁতেই ১৯৪৮ চনৰ ৩০ জানুৱাৰীত নাথুৰাম গডছেই মহাত্মাক হত্যা কৰিলে৷ বহুতে আজিও ভাবে যে মহাত্মা গান্ধী জীয়াই থকা হ’লে নগাসকলৰ জীৱনে কিজানি বেলেগ দিশেৰে বাট বুলিলেহেঁতেন৷ ক’হিমাৰ ৰূপটোও বেলেগ হ’লহেঁতেন কিজানি৷ সি যি কি নহওক, এতিয়া চকুৰ আগত যিখন ক’হিমা দেখিছোঁ, সিয়েই ধ্ৰুৱসত্য আৰু গ্ৰহণীয়৷
সন্ধিয়া ৫.০০ বজাতে দোকান-বজাৰ বন্ধ হৈ পৰাটো ক’হিমাৰ এটা বৈশিষ্ট্য্য৷ সেই লৈ আমাৰ অৱশ্যে মূৰ ঘমাবলগীয়া নাই৷ আমি পুৱাৰ ভাগতে ইয়াত উপস্থিত হৈছোঁ৷ ক’হিমা পায়েই এঠাইত অকণমান ৰ’বলগীয়া হ’ল৷ দীপমইনাই আমাৰ বাবে কেম্পিং সঁজুলিসমূহৰ ব্যৱস্থা কৰি থৈছিল৷ ততাতৈয়াকৈ সেইবোৰ সংগ্ৰহ কৰি গাড়ীৰ ওপৰত লাদিলে৷ প’ৰ্টাৰো আৰু এজন উঠিল৷ আকৌ যাত্ৰা চলিল৷
গান্ধীজীৰ মৃত্যুৰ তিনি সপ্তাহৰ পাছত নগা নেতৃত্বই স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুকো লগ পাইছিল৷ ফিজো, চাখ্ৰে’ৰ যুক্তি শুনিলেও ক্ষুদ্ৰ জাতি নগাৰ পূৰ্ণ স্বাধীনতাৰ সপোন পোনছাটেই নাকচ কৰিছিল নেহৰুৱে৷ তাৰ পৰিৱৰ্তে আগ বঢ়াইছিল পূৰ্ণ স্বায়ত্তশাসনৰ প্ৰতিশ্ৰুতি৷ এইফালে ফিজো, সিফালে নেহৰু, দুয়ো দুয়োৰে মতত দৃঢ়৷ কাৰো কথা কোনেও নামানে৷ অসন্তুষ্ট ফিজোৱে ১৯৫১ চনৰ ১৬ মে’ তাৰিখে নগা পাহাৰত গণভোটৰ আহ্বান জনালে৷ নগাই নিজে ঠিক কৰিব, গণতান্ত্ৰিকভাৱে তেওঁলোক ক’ত থাকিব, স্বাধীন ভাৰতৰ অংগ হিচাপে নে স্বাধীন নাগালেণ্ড হিচাপে? ৯৯.০০ শতাংশ নগাই বিচাৰিলে স্বাধীন নাগালেণ্ড৷ অসম তথা ভাৰত চৰকাৰে কিন্তু গণভোট তাৎক্ষণিকভাৱে নাকচ কৰি পেলালে৷ ক’হিমা হৈ পৰিল উত্তপ্ত৷
তেজপুৰ, দিল্লী, ডিব্ৰুগড়ত নেহৰু আৰু ফিজোৰ সাক্ষাৎ হৈছিল৷ ১৯৫৩ চনৰ ৩০ মাৰ্চত ভাৰত আৰু বাৰ্মাৰ সীমা মীমাংসাৰ অৰ্থে তদানীন্তন প্ৰধান মন্ত্ৰীজন তেওঁৰ জী সহিত ক’হিমালৈ আহিছিল৷ ক’হিমাত অনুষ্ঠিত হৈছিল এক ৰাজহুৱা সভা৷ সেই সভাতে ঘটিল এক আজব ঘটনা৷ পলমকৈ সভাস্থলীত উপস্থিত হোৱাত নগাক অৱমাননা কৰা বুলি অভিযোগ তুলি নগাসকলৰ প্ৰত্যেকজনে নেহৰুক উদং তপিনা জোকাৰি জোকাৰি দেখুৱাই সেই স্থান ত্যাগ কৰিছিল৷ সেয়া আছিল নগাৰ ক্ষোভ, ক’হিমাৰ ক্ষোভ৷
ইফালে ইমানৰ পাছতো কিন্তু অসমবাসীৰ সৈতে সু-সমন্বয়ৰ চিন্তা কৰিছিল আংগামী ফিজোৱে৷ Naga Women’s Federationৰ সৈতে নিজৰ ভাগিনীয়েক ৰাণো ইৰালুক অসমলৈ পঠাইছিল৷ শান্তিৰ বাৰ্তা লৈ ১৯৫৩ চনৰ ৩০ নৱেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ অসমৰ বিভিন্ন স্থান ভ্ৰমণ কৰিছিল সঁজাতী দলটোৱে৷
এইটো সঁচা যে ব্ৰিটিছে নগাৰ লগত ৩০ বছৰে কৰা অনেক যুঁজ-বাগৰৰ অন্ততহে তেওঁলোকক বশ কৰিবলৈ সমৰ্থ হৈছিল৷ অসমৰ অধীনস্থ নগা হিলছ ডিষ্ট্ৰিক্টৰ মুখ্যালয় ক’হিমাতে পতা হৈছিল, ১৮৭৯ চনত৷ পলিটিকেল অফিচাৰ নিযুক্ত কৰা হৈছিল Guybon Henry Damantক, পিছত যাক খনমাত হত্যা কৰা হৈছিল৷ ১৯৩৫ চনৰ পৰা নগা পাহাৰ আছিল Excluded area৷ আনহাতে স্বাধীন ভাৰতে নগা পাহাৰক স্বায়ত্তশাসন দিলে৷ লগতে দ্বিখণ্ডিতও কৰিলে৷ ক’হিমা, মোককচুং, ডিমাপুৰ সামৰি নগা পাহাৰ জিলা হ’ল৷ টুৱেনচাং অঞ্চল পৃথক৷ তদুপৰি কঠোৰ নিৰ্দেশ থাকিল যে নগা পাহাৰ ভাৰতৰ ভিতৰতেই থাকিব লাগিব৷ ১৯৬৩ চনৰ ১ ডিচেম্বৰত পূৰ্ণাংগ ৰাজ্য ৰূপত নাগালেণ্ড গঢ়ি উঠাত এইখন ক’হিমাত ৰাজধানী হ’ল৷
নাগালেণ্ডৰ ইতিহাসত ক’হিমাৰ আছে এক দীঘলীয়া ঐতিহাসিক দিনপঞ্জী৷ শেহতীয়া সংবাদ অনুসৰি ক’হিমাৰ পৰা ১১০ কিল’মিটাৰ নিলগত অৱস্থিত গভৰ্ণমেণ্ট অফ্ দ্যা পিপল্ছ ৰিপাব্লিক অৱ নাগালিম (জি.পি.আৰ.এন.)ৰ মুখ্যালয় হেব্ৰ’নৰ পৰা এন.এছ.চি.এন.এ সমান্তৰাল চৰকাৰ চলাই আহিছে৷ অসামৰিক মুখ্য কাৰ্যালয় (চি.এইচ.কিউ.), সাধাৰণ মুখ্য কাৰ্যালয় (জি.এইচ.কিউ.), বেতাঁৰ কেন্দ্ৰ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ উপৰি ইয়াত আছে ১৫, ০০০ পুৰুষ-মহিলাৰে গঠিত শক্তিশালী সেনাবাহিনী যাৰ ওপৰত সংগঠনটো বৰ্তি আছে৷ ক’হিমাৰ পৰিস্থিতি আগতকৈ শান্ত বুলি কব পৰা যায়৷