কাউৰী সংবাদ (দেৱশ্ৰী দত্ত)
কাউৰী সংবাদ
ණ দেৱশ্ৰী দত্ত
দোভাগ ৰাতি শুবলৈ লৈছোহে । এনেতে বাহিৰত কাউৰীৰ কা কা শুনিবলৈ পালো। লগে লগে ঘড়ীটোলৈ চাই দেখিলো এক বাজি ত্রিশ মিনিট হৈছেহে। কথা কি? দেউতাই সৰুতে কোৱা কথা এষাৰ মনত পৰিল যে আগৰ দিনৰ মানুহে হেনো কাউৰীয়ে কা নৌ কৰোতেই শোৱাপাটি এৰিছিল। বিশেষকৈ বোৱাৰীসকলে কাউৰীয়ে কা নৌ কৰোতেই উঠি চোতাল ঘৰ সৰা-মোচা কৰিছিল। কিন্তু আজিকালি সেই ৰামো নাই অযোধ্যাও নাই। শাহু কি বোৱাৰী কি সকলোৰে বেলি দুপৰ হ’লেই এঙামুৰি ভঙাৰ অভ্যাস। আমাৰ ডেকাচামৰ কথা যেনিবা নকলোৱেই। কেতিয়া শুৱে কেতিয়া উঠে কোনেও জনাৰ উপাই নাই। মোৰো তেনেকুৱাকে ৰাতি অলপ দেৰিকৈ শুৱাৰ অভ্যাস এটা গঢ় লৈ উঠিছিল। আজিও তেনেকৈ দেৰিকৈয়ে বিছনালৈ বুলি আহিছিলোহে তেনেতেই এই অঘটনটো ঘটিল। আকৌ মনত পেলাবলৈ চেষ্টা কৰিলো দেউতাই বাৰু কাউৰীয়ে কা কৰাৰ সময়টো কি বুলি কৈছিল? দেউতাই কোৱামতেটো কাউৰীয়ে তিনি বা চাৰি বজাৰ ভিতৰতহে মাতিব লাগে? কিন্তু এতিয়াটো এক বাজি ত্রিশ মিনিট গৈছেহে মাত্র। পিছমূহুর্ততে ককাই কোৱা আন এষাৰ কথা মনলৈ আহিল। প্রাকৃতিক দুর্যোগসমূহৰ আগজাননি হেনো জীৱ-জন্তু, চৰাই-চিৰিকটিবোৰে আগতে পায়। ভাবিলো এই ৰাতিখননো কি প্রাকৃতিক দুর্যোগ হ’ব পাৰে? মনলৈ আহিল ভুমিকম্পৰ কথা। বুকুখন অকনমান চিৰিংকৈ উঠিল। বেছিকৈ যদি জোকাৰি দিয়ে ওপৰ মহলাৰ পৰা তললৈ আহি পোৱাটোৱে টান হ’ব। তাতে আকৌ ঘৰটোও অলপ পুৰনিকলীয়া। শুবলৈ লৈও বিছনাতে অলপ বহি থাকিলো। ভাবিলো ভুমিকম্প আহিলে সাৰে থাকিলে লৰ মৰাত অলপ সহায় হ’ব। আধাঘন্টামান তেনেকৈয়ে পাৰ হ’ল ভুমিকম্পৰ কোনো নাম গোন্ধ নাই। এইবাৰ মনত পৰিল মা-আইতাহ’তে কোৱা কথা এষাৰ চৰাই-চিৰকটিয়ে অসময়ত মাতিলে হেনো কিবা অপায়-অমংগল হয়। এইবাৰহে এইবাৰ, আকৌ কি বা অপায়-অমংগল হয়। কিছুদিন আগতে গাওঁৰ ঘৰত ক’লী খীৰতি গাইজনী ঢুকাই কমখন লোকচান হ’লনে। তাতে আকৌ মাৰ সেই পুৰনি আঠুৰ বিষটোৰ নামটো টকা এগাল গ’ল। আজিকালিৰ ডাক্টৰবোৰো যিহে এগালমান ঔষধ লিখি দিব। তাতে যেনিবা দামবোৰৰ কথা নুলিয়াওৱেই। ছেহ! মহা পয়মাল এখন হ’ব যেন পাওঁ এতিয়াহে। তাতে আকৌ বিহুৰ বতৰ। এনেই খৰচটো অলপ বেছি।
ভগবানৰ নাম লৈ তিনি মান বজাত টোপনি মাৰিব চেষ্টা কৰিলো । ৰাতিপুৱা উঠি ভাইটিক আগৰাতিৰ কথাবোৰ ক’লো। সি বোলে বা তই এইবোৰ অযথা চিন্তা কৰিছ। একো অপায়-অমংগল নহয়দে, চিন্তা কৰিব নালাগে। সেইদিনাখন যে পানীৰ পাইপ বহুওৱাৰ নামত ৰাস্তাটো খান্দিছিল তাৰপাছৰ পৰা পৌৰনিগমৰ গাড়ী কেইখন জাবৰ নিব’লৈ অহাই নাই। মানুহবোৰেও ইমানদিনৰ পৰা ঘৰতে জমা কৰি থোৱা জাবৰবোৰ লাহে লাহে গোন্ধ ওলাব ধৰাত উপাই নাপাই ৰাতি হ’লে মনে মনে ৰাস্তাত য’তে পাই ত’তে পেলাই থৈ আহে। গতিকে কাউৰীবোৰেও সেই জাবৰবোৰ খুচৰিবলৈয়ে ৰাতিখন আহিছিল। এতিয়া বুজিলি অপায়টো ক’ত ।
মই হা কৈ মুখখন মেলিয়ে ৰৈ গলো।