কাচকলৰ বাকলি আৰু মটৰ-মাহৰ বাকলিৰে তৈয়াৰী দুবিধ চাটনি

লেখক- প্ৰীতিলেখা বৰা

পাচলি কাটিলে বাকলিবোৰ আমি প্ৰায়ে পেলাই দিওঁ। নহয়নে? 

কিন্তু পাচলি বাকলিৰ মাজতো অনেক পুষ্টিকৰ উপাদান নিহিত হৈ থাকে, যি আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী। তেনেকুৱা দুবিধ পাচলিৰ বাকলিৰে তৈয়াৰ কৰা ব্যঞ্জন আজি আপোনালোকৰ আগলৈ লৈ আনিছোঁ। 

 

১) কাচকলৰ বাকলিৰ চাটনি

 

সচৰাচৰ আমাৰ ৰন্ধনত ব্যৱহৃত হোৱা এবিধ যথেষ্ট পুষ্টিগত পাচলি হৈছে কাচকল। কাচকলত প্ৰচুৰ পৰিমাণে ভিটামিন, পটেছিয়াম, মেগনেছিয়াম আদি পোৱা যায়। বিভিন্ন ধৰণৰ ৰোগ যেনে হৃদপিণ্ডৰ ৰোগ, মধুমেহ, পেটৰ বিকাৰ, গেষ্ট্ৰিক আলচাৰ আদিত কাচকলে যথেষ্ট সুফল দিয়ে। পিছে ইয়াৰ বাকলিটো আপোনালোকে ৰন্ধনত ব্যৱহাৰ কৰেনে? সকলোৱে নিশ্চয় নকৰে। ইয়াৰ বাকলিৰে এটা সুন্দৰ চাটনি প্ৰস্তুত কৰিব পাৰি। যিসকলে নাজানে ৰেচিপিটো তেওঁলোকৰ বাবে। 

 

চাটনি প্ৰস্তুত কৰাৰ বাবে উপকৰণ: 

 

১) দুটা কাচকলৰ গুচাই লোৱা বাকলি। 

২) সৰু আকাৰৰ পিঁয়াজ এটা

৩) নহৰু চাৰি/পাঁচ ফুট 

৪) তিয়াই থোৱা বুটৰ দাইল দুচামুচ

৫) কেঁচা জলকীয়া ২/৩ টা

৬) পুৰি লোৱা শুকান জলকীয়া দুটা

৭) ধনিয়া পাত

৮) নিমখ (সোৱাদ অনুযায়ী)

৯) মিঠাতেল দুচামুচৰ জোখাৰে

১০) নেমু

 

প্ৰণালী–

 

প্ৰথমে বাকলি দুটা সিজাই ল’ব। তাৰপাছত এখন ফ্ৰাইপেনত এচামুচ মিঠাতেল গৰম কৰি পিঁয়াজ কুটা, নহৰু আৰু কেঁচাজলকীয়া দি অকণমান লৰচৰ কৰি আধাভজা কৰি ল’ব। এতিয়া দুয়োবিধেই ঠাণ্ডা হোৱাৰ পাছত মিক্সি নাইবা পটাত একেলগে দি তিয়াই থোৱা বুটৰদাইল, পুৰি লোৱা শুকান জলকীয়া, ধনিয়া পাত আৰু নিমখ আন্দাজমতে দি গোটেইখিনি পিহি ল’ব। শেষত বাকী থকা মিঠাতেল এচামুচ আৰু নেমুৰস মিহলাই দিলেই সুস্বাদু কাচকল বাকলিৰ চাটনি তৈয়াৰ হৈ উঠিব। 

 

২) মটৰ-মাহৰ বাকলিৰ চাটনি

 

মটৰ-মাহ আমি কেঁচা নাইবা শুকান দুয়োবিধেই বিভিন্ন ধৰণেৰে ৰান্ধি খাওঁ। মটৰমাহ বিবিধ ভিটামিন, খনিজ, আঁহ, প্ৰোটিন আদিৰ উৎস, যি শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। পিছে ৰন্ধনত ব্যৱহাৰ কৰিবলৈ লৈ ইয়াৰ বাকলিবোৰ আমি সদায়ে পেলাই দিওঁ। আপোনালোকে বহুতেই নিশ্চয় জানে যে ইয়াৰ বাকলিৰেও আমি কেইবাবিধো ব্যঞ্জন তৈয়াৰ কৰিব পাৰোঁ। তাৰে ভিতৰত আজি মই চাটনিৰ কথা লৈ আহিছো। এইখন চাটনিৰ সোৱাদ যিয়ে এবাৰ হ’লেও লৈছে নিশ্চয় পুনৰ এবাৰ ল’বলৈ বাধ্য হৈছে। 

গতিকে আঁহকচোন আমি চাটনি প্ৰস্তুত কৰিবলৈ শিকোঁ। চাটনিৰ বাবে একেবাৰে সতেজ সেউজীয়া মটৰমাহ ল’ব লাগিব। লেৰেলা বা অলপ শুকান হ’লেও চাটনিখন প্ৰস্তুত কৰিবলৈ অসুবিধা হয়। 

 

চাটনিৰ বাবে উপকৰণ——

 

১) গুচাই লোৱা সতেজ মটৰৰ বাকলি। 

২) সৰু পিঁয়াজ দুটা

৩) নহৰু ৫/৬ ফুট

৪) কেঁচা জলকীয়া (নিজৰ জোখমতে)

৫) মান-ধনিয়া দুখিলা

৬) থেকেৰা দুচকল (আধাঘণ্টামান গৰম পানীত তিয়াই ৰাখিব লাগিব)

৭) নিমখ

৮) কেঁচা মিঠাতেল এচামুচ

 

প্ৰণালী– 

 

ধুই পৰিষ্কাৰ কৰি লোৱা বাকলিখিনি প্ৰথমে ওপৰৰ ফালে ভাঙি তাৰ কোমল অংশখিনি উলিয়াই ল’ব লাগিব। তাৰপাছত ফ্ৰাইপেন এখনত মিঠাতেল গৰম কৰি এৰুৱাই লোৱা বাকলিৰ অংশখিনি অকণমান ভাজি ল’ব লাগিব। (এইখিনি সিজাই ল’বও পাৰি। কিন্তু ভাজিলে ইয়াৰ সোৱাদটো অধিক হয়। ) এতিয়া নহৰু আৰু জলকীয়া জুইত পুৰি ল’ব। তাৰপাছত ভাজি থোৱা বাকলিখিনি, পিঁয়াজ, মান-ধনিয়া, পুৰি লোৱা নহৰু জলকীয়া, থেকেৰা আৰু আন্দাজমতে নিমখ দি আটাইখিনি একেলগে বটি ল’ব লাগিব। শেষত টেঙাৰ পৰিমাণ চাই নেমু অকণমান চেপি দিবও পাৰে। নিদিলেও কথা নাই। এইবিধ চাটনি ভাত ৰুটি সকলোৰে লগতে খাবলৈ ভাল হয়। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!