কাছাৰ জিলাৰ সাম্প্ৰতিক নৰবলি আৰু প্ৰচলিত অন্ধবিশ্বাস (মৃদুল কুমাৰ বৰা)

কাছাৰ জিলাৰ সাম্প্ৰতিক নৰবলি আৰু প্ৰচলিত অন্ধবিশ্বাস

মৃদুল কুমাৰ বৰা

কাছাৰ জিলাৰ ভিতৰুৱা গাঁও এখনত ডাইনী সন্দেহত এজনক বলি দিয়া হ’ল আৰু ই খবৰ হৈ চৌদিশে বিয়পি পৰিল। খবৰ পাই বহু লোকে বহু ব্যাখ্যা আগবঢ়াইছে। বেছিভাগেই লোকসকল অশিক্ষিত হোৱাৰ বাবেহে এনে হোৱা বুলি যুক্তি দৰ্শাব খোজে। কিন্তু শিক্ষিত হ’লেই জানো হ’ব?

শিক্ষা আৰু জ্ঞান বেলেগ। আমি উচ্চ ডিগ্ৰীৰে শিক্ষিত কিন্তু আমাৰ অশিক্ষিত পিতৃ-মাতৃতকৈও কম জ্ঞানী। কথাষাৰ এইকাৰণেই উল্লেখ কৰিলোঁ আমি তথাকথিত শিক্ষিতসকলো কিন্তু এনে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰপৰা মুক্ত নহওঁ। মানুহ এজনক বলি দিয়াটো আমাৰ বাবে বৰ্বৰ কাম। কিন্তু গোঁসানীৰ আগত হাঁহ-পাৰ-ছাগলী বলি দিয়াটোক কি বুলিব? আজিও বিজ্ঞানী-গৱেষকসকলো বেলশৰত ম’হ বলি দিয়া অনুষ্ঠানলৈ যায়।

দৰাচলতে আমি তথাকথিত শিক্ষিতসকলে আজিও কিছু মানুহক নিম্নশ্ৰেণীৰ বুলি গণ্য কৰি তেওঁলোকক আমাৰ সংস্পৰ্শৰপৰা দূৰত ৰখা কাৰণে তেওঁলোক আমাৰ সমানো শিক্ষিত হোৱা নাই। উচিত অনুচিতৰ কথা তেওঁলোকে ক’ত বুজিব? আপেক্ষিকতাৰ তুলাচনীত আমি যিখিনি মানুহক অশিক্ষিত বুলি কওঁ তেওঁলোকক শিক্ষিত আৰু জ্ঞানী কৰি তোলাৰ দ্বায়িত্ব আমাৰেই নহয় জানো?

আমি জ্যোতিষ শুদ্ধনে অশুদ্ধ তাকে লৈ তৰ্ক কৰোঁ। কিন্তু অশুদ্ধ কেতিয়া হয় বা কিয় হয় তাক বিচাৰ নকৰোঁ। এক অনুপল সময়ৰ বাবে গ্ৰহস্থান সলনি হয়। এতিয়া জন্মৰ সময় চাবৰ বাবে কাৰ ঘড়ীটো সঠিক সেইসময়ত কোনে বিচাৰ কৰিব? তৎস্বত্বেও গণনা কৰি জ্যোতিষীয়ে বিধান দিয়ামতে হাতৰ আঙুলিবোৰ আঙুঠিৰে ভৰাই পেলাওঁ। এইবোৰ অন্ধবিশ্বাস নহয় জানো?

আহক আমি সকলোৱে জ্ঞান লাভৰ বাবে যত্নপৰ হওঁ আৰু উচ্চশ্ৰেণী নিম্নশ্ৰেণী বাদ দি সকলোৰে লগত জ্ঞানৰ সাধনাত ব্ৰতী হওঁ। অন্ধবিশ্বাস আৰু কুসংস্কাৰ আপুনি আঁতৰি যাব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!