কাজু কিছমিছেৰে চিতল মাছ (মনীষা বড়া হালৈ)

 

 

 

 

 

 

 

 

 

ইংৰাজী নৱবৰ্ষৰ কেইদিনমান পাছতেই অসমীয়াই পালন কৰে অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহু। ভোগলী বিহু বুলিলেই খোৱা-বোৱাৰ ঢেৰ সমাহাৰ। বিধে বিধে পিঠা-পনা, মাছ-মঙহৰ ব্যঞ্জন। মাছ বুলিলেই আকৌ ভোগালী বিহুৰ উৰুকাত চিতল মাছৰ আদৰেই বেলেগ। সৰিয়হেৰে চিতল মাছৰ কলঠি প্ৰায়েই খোৱা হয়। সেয়েহে এইবাৰ চিতল মাছ অলপ বেলেগকৈ ৰান্ধো আহক।

 

১) মাছ ৪ টুকুৰা

২) বিলাহী ২ টা

৩) কাজু ১০টা

৪) কিচমিচ ১০টা

৫) পিয়াজ ১টা

৬) নহৰু ৬ফুটা

৭) আদা ১চকল

৮) কেচা জলকীয়া ২টা

৯) মিঠাতেল ৪চামুচ

১০) জিৰা গুৰি আধাচামুচ

১১) হালধি আধাচামুচ

১২) নিমখ সোৱাদ অনুযায়ী

 

প্ৰণালীঃ

প্ৰথমতে মিক্সিৰ বাতিত বিলাহী, কাজু কিচমিচ, জলকীয়া, পিয়াজ, আদা-নহৰু সকলো একেলগে পেষ্ট তৈয়াৰ কৰি ল’ব। মাছত নিমখ হালধি ঘহি ল’ব। কেৰাহীত তেল দি গৰম হ’লে মাছকেইটুকুৰা অলপ ভাজি ল’ব। মাছকেইটুকুৰা নমাই তাতে কাজু বিলাহীৰ পেষ্টটো দি ভালকৈ লৰাব আৰু হালধি জিৰাগুৰি আৰু নিমখ দি অলপ সময় ঢাকি গেছ একেবাৰে কমাই থব। ২মিনিটৰ পাছত ঢাকোন খুলি অলপ পানী দি উতল আহিলে মাছৰ টুকুৰা কেইটা দি ৩মিনিট ঢাকি থব। ৩মিনিটৰ পাছত নমাই পৰিবেশন কৰিব।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!