কাটাৰৰ ডায়েৰী – ১২ (ডা০ ভূপেন শইকীয়া)

ড’হা, কাটাৰ  ৯ মে, বুধবাৰ ২০১২

যোৱা মাহত  মোৰ শ্ৰদ্ধেয় পিতৃদেৱৰ বিয়োগ হোৱাত  কাটাৰৰ  ডায়েৰী লিখাৰ সময় ওলিয়াব নোৱাৰিলোঁ ৷ এপ্ৰিল মাহৰ মাজ ভাগত  ঘৰৰ পৰা ঘূৰি আহি দেখো বতৰ বেচ  উষ্ণ হৈ পৰিছে৷ এতিয়া  মে মাহ সোমোৱাত পাৰাস্তম্ভ  ২৮ আৰু ৩৮ ডিগ্ৰী চেলচিয়াচৰ মাজত দোদূল্যমান হৈ আছে৷ আগষ্টলৈকে আৰু তাপমান বৃদ্ধি হবলৈ আছেই৷ পাৰাস্তম্ভই দেখুওৱাতকৈ বতৰ আৰু বহুত বেচি গৰম যেন অনুভৱ হয় ৷

এনে  বতৰত   নিজা যান-বাহন নহলে বাহিৰত  চলাচল কৰাটো সম্ভৱপৰ নহয়৷ আগতেই  উল্লেখ কৰিছো কাটাৰত  সকলো পথত সকলো সময়ত বাচ আৰু টেক্সিৰ যাতায়াত  এতিয়ালৈকে সুলভ হৈ উঠা নাই৷ ভাগ্যে বেংক এটাৰ সৌজন্যত সোণকালেই  কাৰল’ন  এটি পালো৷ কাটাৰত কাৰল’নৰ  সূতৰ হাৰ মাত্ৰ   ৪%৷ আবেদন কৰাৰ এসপ্তাহৰ ভিতৰত গাড়ীখনো মোৰ হাতত পৰিল৷ ক’ৰিয়াত নিৰ্মিত  এচেন্ট হোণ্ডাই৷ ইয়াত  প্ৰায়বিলাক বস্তুৰ দৰে গাড়ীটো টেক্স নালাগে৷ প্ৰায়বিলাক সৰু গাড়ীয়েই  অট’মেটিক গিয়েৰৰ৷ অৰ্থাৎ গাড়ীত  ক্লাট্চ্  নাথাকে ৷ ৰাস্তাসমূহত খোজকঢ়া মানুহৰ তুলনাত গাড়ীৰ সংখ্যা বেচি৷ দিনটোৰ কামৰ আৰম্ভণি আৰু ছুটিৰ সময়তহে বাটপথত মানুহৰ চলাচল চকুত পৰে৷ অৱশ্য সন্ধিয়া পৰত সাগৰৰ পাৰত  অনেক খোজ কঢ়া মানুহ দেখা যায় ৷

 

ড’হা চহৰৰ  আন  এটা মূৰত   থকা B.B.I. নামৰ  ইন্টাৰনেচনেল কোম্পানী এটাৰ কেম্পত  এদিন ৰোগী চাবলৈ গৈছিলো ৷ কাটাৰত  গাড়ী মটৰ পথৰ সোঁ-হাতে চলে৷ ড্ৰাইভিং চিট থাকে বাওঁ হাতে৷ পথবিলাক  দূৰলৈকে ডিভাইডাৰেৰে ভাগ কৰা – এফালে এটা দিশৰ গাড়ীহে চলাচল কৰে৷ গাড়ী ঘূৰাবলৈ হলে ডিভাইডাৰৰ শেষ  নাইবা ৰাউণ্ড এবাউট পাব লাগিব৷ ৰাউণ্ড এবাউটত  আৰু অইন ঠাইটো অট’মেটিক  ট্ৰেফিক লাইটে যানবাহন নিয়ন্ত্ৰণ কৰে৷ ক’তো এটাও ট্ৰেফিক পুলিচ দেখা পাবলৈ নাই৷ অৱশ্যে পুলিচৰ পেট্ৰলিং গাড়ী কেতিয়াবা চকুত পৰে৷ ড’হাৰ সৰু-ডাঙৰ প্ৰত্যেকটো আলি-গলিৰেই একোটা নাম আছে আৰু এই অসংখ্য ৰাস্তাৰ প্ৰত্যকটোৱেই ভালদৰে পকী পিচ কৰা৷ ডিভাইডাৰসমূহত  ফুল আৰু খেজুৰ বা  তালগছ  সুন্দৰকৈ ৰোপন কৰা হৈছে৷ ৰাউণ্ড এবাউটবিলাক, এয়াৰপৰ্ট, বেংক, বাচষ্টেচন, মিউনিচিপেলিটি, হোটেল  আৰু আন আন  কাৰ্য্যালয় সমূহৰ  পৰিবেশ বতৰৰ ফুলে বছৰটো শুৱনি কৰি থাকে ৷ প্ৰায় ২০কিলোমিটাৰ গৈ ইণ্ডাষ্ট্ৰিয়েল এৰিয়া পালোগৈ৷ এটা সময়ত  ড’হাৰ  ধুনীয়া আৰু ডাঙৰ ডাঙৰ বিল্ডিংবিলাক শেষ হ’ল, গছ-গছনিৰ  সংখ্যা কমি আহিল, চকুত পৰিল – অৰ্ধ নিৰ্মিত  অনেক  কল-কাৰখানা  য’ত দিনে -নিশাই  কাম চলি আছে৷ দেখা পালো চূন-শিল বালিৰে ভৰা মাটি আৰু  বিশাল মৰু অঞ্চল – য’ত মৰুক মৰুদ্যানলৈ ৰূপান্তৰিত কৰাৰ অহৰ্নিশ প্ৰয়াস চলি আছে৷ ইণ্ডাষ্ট্ৰিয়েল এৰিয়াৰ  বেংক আৰু  দোকান-বজাৰ পাৰহৈ  কিছু কম মসৃণ,  কম বহল পথেৰে আগুৱাই গৈ  কেম্প এৰিয়া পালোগৈ৷ এই এলেকাত দোকান  প্ৰায়  নায়েই, আছে কেইবাটিও বহু মহলীয়া  সাধাৰণ শ্ৰেণীৰ ঘৰ – য’ত যেনিতেনি অসংখ্য কাপোৰ মেলি থোৱা আছে৷ সহজে অনুমেয়  সেইবিলাক ঘনবসতি  পূৰ্ণ  বনুৱাৰ ফ্লেট৷

মই উপস্থিত হলোগৈ “চানেইয়াৰ” শেষ  প্ৰান্তত৷ আৰবী ভাষাত চানেইয়াৰ অৰ্থ হ’ল – ইণ্ডাষ্ট্ৰিয়েল এৰিয়া ৷ B.B.I.ৰ কেম্পটোৰ অৱস্থা কিছু উন্নত৷ কেম্পৰ বেচিভাগ  ঘৰেই এমহলীয়া যদিও  বনুৱাৰ  থকা -মেলা আৰু খোৱা-লোৱাৰ ব্যৱস্থা কিছু ভাল৷  কেম্পটোত থকা এটা মেডিকেল চেন্টাৰ যোৱা ৩বছৰে এজন মেল  নাৰ্চেই কৰি আহিছে৷ বনুৱা সকলে তেওঁকে ডাক্তৰ যেন জ্ঞান কৰে৷ এই কেম্পত আছে ৫০০০জন কৰ্মচাৰী, তাৰে ৪৫০০জন হ’ল ভাৰতীয়৷ বাকীসকল নেপাল, বাংলাদেশ, শ্ৰীলংকা আৰু ফিলিপাইনৰ পৰা অহা৷ এই ইন্টাৰনেচনেল কনষ্ট্ৰাকচন কোম্পানীটোৰ মেনেজাৰজন হ’ল ইউৰোপিয়ান ৷ পুৱা ৫টা নৌ বাজোতেই বাচেৰে  লেবাৰ সকলক কামৰ ঠাইলৈ লৈ যায় আৰু সন্ধিয়া প্ৰায় ৮বজাত ঘূৰাই আনি কেম্প পোৱায়হি৷

মেল নাৰ্চজন কেৰেলাৰ পৰা অহা ৷অবিবাহিত৷  বৰ্তমান কেৰেলাত  ঘৰ বনাই আছে৷  ঘৰৰ কাম শেষ হলে বিয়া পাতিব৷ মোক অসমৰ বুলি জনি কলে- তেওঁৰ ঘৰৰ নিৰ্মাণৰ লগত জড়িত প্ৰায় আটাইকেইজন  বনুৱাই অসমীয়া৷  কেৰেলাত কোনো স্থানীয়লোকে হাজিৰা কাম নকৰে ৷শিক্ষিত,অৰ্ধশিক্ষিত  প্ৰায় প্ৰতি ঘৰৰ কোনোবা নহয় কোনোবাই বিদেশত চাকৰি কৰে৷ সেই কাৰণে ক্ষুদ্ৰ প্ৰদেশখনৰ আটাইকেইটা এয়াৰপৰ্টেই হ’ল  ইন্টাৰনেচনেল৷ মালয়ালম জনা অসমীয়া যুৱকে এজেন্টৰ ভূমিকা লৈ ত্ৰিবান্দ্ৰম এক্সপ্ৰেছ ৰেলেৰে নিয়মীয়াকৈ অসমৰ পৰা বনুৱা সৰবৰাহ কৰে বুলি মোক নাৰ্চজনে জনালে৷

পুনৰ কাটাৰলৈ ঘূৰি আহোঁ ৷ কেতিয়াবা বনুৱাৰ দূৰ্গতি দেখিলে মনটো সেমেকি উঠে৷ এজন দুকুৰি বছৰীয়া নেপালী ৰোগী মোৰ চেম্বাৰলৈ আহিল ৷ সপ্তাহটোৰ ভিতৰত দুবাৰ ফিট হৈছে৷ৰাতি টোপনি নাহে৷বুকু ঢপঢপাই থাকে৷ মাজে মাজে প্ৰেচাৰ উচ্চ হৈ যায়৷ মোক দেখুৱাবলৈ প্ৰেচাৰৰ ৰিডিংসমূহ লৈ আহিছিল৷ ভালকৈ কথা পাতি বেমাৰৰ উৎসটো ওলিয়ালোঁ৷ দুমাহ আগতে ঘৰৰ পৰা আহিছে – নেপালৰ ভৰতপুৰ মেডিকেল  কলেজত  ২লাখ টকা খৰচ কৰিও  টিবি মেনিনজাইটিচ হোৱা এঘাৰ  বছৰীয়া পুত্ৰক  বচাব নোৱৰাৰ সন্তাপলৈ৷ এতিয়া এসপ্তাহ আগতে ঘৈণীয়েকৰ ফোন পালে – দ্বীতিয় সন্তানটো অসুস্থ বুলি৷ তাৰ পিছত  বহুত চেষ্টা কৰিও ঘৰৰ সৈতে যোগাযোগ  স্থাপন কৰিব পৰা নাই৷

আকৌ আন  এজন দূৰ্ভগীয়া কৰ্মচাৰীৰ কথা কওঁ৷ সদায় ককালৰ বিষত চৰকাৰী  চিকিৎসালয়লৈ গৈ থকা এজন বনুৱাৰ  ডাক্তৰে লেমিনেক্টমি অপাৰেচন কৰি ৩দিন পিছত ডিচচাৰ্জ দিয়াত কেম্পলৈ ঘূৰি আহিল৷ কেম্পত দিনটো অকলে বিচনাত   কেঁকাই- গোথাই পৰি থাকে৷  অপাৰেচন কৰা ঠাইত  বিষ বেচি হোৱাত  কোম্পানীৰ এম্বুলেঞ্চেৰে দুই তিনিবাৰ চিকিৎসালয়লৈ পথালে৷ তাত প্ৰত্যেকবাৰেই বিষৰ বেজী এটা লগাই পথাই দিয়ে কিন্তু ভৰ্তি নকৰে৷ নিৰুপায়ত পৰি বনুৱাজনে কাম বাদ দি স্বদেশলৈ ঘূৰিবলৈ বাধ্য হ’ল৷

এই বনুৱা সকলে বতৰৰ প্ৰতিকুল পৰিবেশৰ মাজতো দিনটোত ১২ঘন্টাই, সপ্তাহত এদিনো বিৰতি নোহোৱাকৈ শ্ৰম কৰে৷ দেহাই টানিলে ৩৷৪ঘন্টা অভাৰ টাইম কৰি অতিৰিক্ত  উপাৰ্জন কৰাৰ প্ৰয়াস কৰে৷ শৰীৰ অসুস্থ অনুভৱ কৰি কামলৈ নাহি জিৰণী ললে দৰ্মহা কটা যায়৷ ডাক্টৰক অসুখ দেখুৱাই  প্ৰমাণ পত্ৰ আনিলে এদিন বা বৰ বেচি দুদিন ছুটি পায়৷ মাহিলি দৰ্মহা ১২০০ৰ পৰা ১৮০০ৰিয়াল ৷ এক ৰিয়াল  ভাৰতীয়  ১৪.৫ টকাৰ সমান – গতিকে মাহিলি ১৭৫০০  টকাৰ  পৰা ২৬২০০লৈকেহে উপাৰ্জন কৰে৷ দুবেলাৰ ভাত-ৰুটি অৱশ্যে বিনামূলীয়াকৈ পায়৷ এই বনুৱা সকলৰ তুলনাত ফ্লেটসমূহত বা চুপাৰ মাৰ্কেটসমূহ কাম কৰা তৃতীয় শ্ৰেণীৰ কৰ্মচাৰী সকলৰ দৰ্মহা কম (১o০০ৰ পৰা ১৫০০ৰিয়াল)যদিও  সদায় এচিত থাকে,শাৰীৰিক কষ্টও কম৷ ছুটি দুবছৰৰ মূৰত দুমাহ, সেই দুমাহত আধা দৰ্মহা পায়৷ ড্ৰাইভাৰৰ চাকৰি এই দুয়োবিধৰ মাজত পৰে ৷

কাটাৰ বিশ্বৰ ভিতৰতে আটাইটকৈ ধনী দেশ হলেও  বাহিৰৰ পৰা জীবিকাৰ সন্ধানত অহা এই সাধাৰণ শ্ৰেনীৰ  লোকসকলে শ্ৰমৰ উচিত মূল্য পাইছে বুলি মনে নধৰে৷ ইয়াৰ সুউচ্চ আৰু  সুন্দৰ  বিশাল ভৱন, মসৃণ বাট-পথ সকলোৰে সৃষ্টিকৰ্তা এই লোকসকলেই নহয় জানো ?  অশিক্ষিত,অল্পশিক্ষিত,অৰ্ধশিক্ষিত লোকে জীবিকাৰ তাৰণাত কোনো  পৰিস্থিতেই বিদেশলৈ অহাটো শুদ্ধ বুলি মই নাভাবো৷ বিদেশত  যি কোনো বিপদত নিজ দেশৰ দূতাবাসৰ  সহায়ৰ আশা কৰাটো ভুল৷ পৰিস্থিতি আৰু শোচনীয় হব পাৰে যদিহে ব্যক্তিজনে লাখৰ ওপৰত টকা নিজ দেশৰ এজেন্টক দি বিদেশলৈ আহিছে৷

(মই নাজানো মোৰ এই লিখনিৰ প্ৰতি পাঠকৰ দৃষ্টিভংগী কেনেকুৱা হব- কিন্তু মই উপলব্দ্ধি কৰা  জীৱনৰ এখন  অবিকল ছবি সহৃদয় পাঠকক জনোৱাটোৱেই হ’ল মোৰ লক্ষ্য৷)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments