“কাব্য সাহিত্য বিশেষ” – এ. টি. এম্. (নিয়ৰ নিৰৱ বৰফুকন)

“কাব্য সাহিত্য বিশেষ”

. টি. এম্.


 

মানুহবোৰ শুই থাকে

লোৰ বাকচত বন্দী

টকাবোৰ

সাৰে থাকে

 

উৰ্দ্ধমূখী দৰদামত

অচিন নৰিয়াত পৰে

মানুহবোৰ

মাটিৰ চিনাকী হেৰায়

মাজৰাতিৰ দুৰ্ঘটনাত

ছটফটাই

খালী জেপবোৰে

নতুন সপোনৰ সন্ধানত

চিকিৎসালয় তালফাল

টকা লাগে

টকা লাগে

 

ৰাস্তা ভাঙি আহে

দুপৰ নিশা

চাবি ঘূৰাই দিয়ে

ইস্পাতৰ বৈদ্যুতিক বাকচৰ

দুখী মানুহবোৰ

দুখেৰে ওভতে

এ টি এম্ খালী থাকে

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!