“কাব্য সাহিত্য বিশেষ” – কবিতা- মোৰ পোহৰৰ বৰ্ণমালা (২) (নিবেদিতা হাজৰিকা)
“কাব্য সাহিত্য বিশেষ”
কবিতা- মোৰ পোহৰৰ বৰ্ণমালা (২)
হঠাৎ অনুভৱবোৰ শিপাবলৈ ধৰিছিল
তোমাৰ পৰা মোলৈ, মোৰ পৰা তোমালৈ;
কেতিয়াবা বিষাদ, কেতিয়াবা বৰষুণ,
কেতিয়াবা অভিমানৰ কুঁৱলী হৈ এতিয়াও নামে
আমাৰ হেঁপাহৰ ঋতুবোৰ,
মাথোঁ, অনুভৱৰ কোঁহে কোঁহে।
যন্ত্রণা আছে…
তেতিয়াও আছিল
কিন্তু সেই যন্ত্রণাৰ নাম আন্ধাৰ নাছিল
বুকুৰ ভিতৰত এতিয়াও উঠে
কাহানিও নুবুজা অনামী বেদনাৰ ঢৌ;
তুমি আছা বাবেই বিষাদবোৰ সপোন হৈ নিগৰে
মোৰ পোহৰৰ বৰ্ণমালা
তিক্ত যন্ত্রণাৰ আঁচোৰত হেঁপাহৰ প্রলেপ সানি
বিষাদৰ গৰ্ভত উৰুৱাই ৰাখিছা তুমিয়েই
অনুভৱৰ ৰঙা নিচানখনি
আৰু সেয়ে হয়তো
আমাৰ বুকুৰ ভিতৰত সাৰে আছে এতিয়াও
এখনি আকাশ !!