“কাব্য সাহিত্য বিশেষ” – কবিতা: মোৰ প্ৰিয় অনুভৱ (মাণিক শইকীয়া)
“কাব্য সাহিত্য বিশেষ”
কবিতা: মোৰ প্ৰিয় অনুভৱ
এই যে আহিছোঁ বাট কুৰি বাই বাই
বাৰে বাৰে উজুটি খাই খাই
তাতো আছে নিৰ্মল আনন্দ
কিবা এক ছন্দ মিলোৱাৰ প্ৰয়াস
প্ৰাকৃতিক…
নৈখনেও গতি সলায়
ভঙা-গঢ়াৰ খেল খেলে
বলুকা উখল-মাখল লাগে
সময়ে সময়ে
নিমিলা অঙ্কবোৰ মিলাই লওঁ আমি
যাদৃচ্ছিক মাত্ৰাত নিতে বৈ যায়
জীৱন-যৌৱনৰ অবিৰত যাত্ৰা
শব্দহীনতাত বিকল হৈ পৰে মাজে মাজে
অনুভৱবোৰ
মুখথেকেচা খাই পৰে নিৰ্জনতাত
বগুৱা বাই বাই পলম হ’লেও
আগবাঢ়োঁ ৰঙ্গমঞ্চৰ ফালে
অনুভৱবোৰ ব্যক্ত কৰাৰ আশাত
য’ত ৰৈ আছে
মোৰ দৰে অনুভৱীবোৰ
এটা সুকোমল পুৱাৰে পৰা
প্ৰিয় অনুভৱবোৰ
বিলাই দিয়াৰ প্ৰতীক্ষাত