“কাব্য সাহিত্য বিশেষ” – কবিতা এটা দুষ্ট আৰু অহংকাৰী হৈছে (মন্দিৰা গগৈ)
“কাব্য সাহিত্য বিশেষ”
কবিতা এটা দুষ্ট আৰু অহংকাৰী হৈছে
কবিতা এটা দিনে দিনে
দুষ্ট আৰু অহংকাৰী হৈছে
কাৰো কথা নুশুনে
গুৰু গোসাঁই নামানে
চিটিবাছত ওলমি গুছি যায়
যেনি তেনি
ৰঙা দোপাট্টা দেখিলেই
উৰুৱাই দিয়ে ফু মাৰি
গধূলি অ’ভাৰব্ৰীজৰ লাইটপোষ্ট
ভাঙি দিয়ে থেকেচি থেকেচি
তচনচ কৰি দিয়ে
মাজনিশা নিজৰে শেতেলী
দুষ্ট , অহংকাৰী সচাঁকৈয়ে
আচলতে, কংক্ৰিটৰ দেৱাল
বগাই বগাই
কবিতাটোৰ ওফোন্দ দিনে দিনে
গৈছে বাঢ়ি