কবিতা “কাব্য সাহিত্য বিশেষ” – গজালি (শান্তনু চাংমাই) November 15, 2013 0 Comments “কাব্য সাহিত্য বিশেষ” গজালি মনৰ সুৰ চিঙি আলফুলে পাৰ হয় আৰু এটি ৰাতি জোনটো পুৰি পুৰি শীতৰ নিশাৰ জাৰ গুচাই বাট চাওঁ এটি নতুন পুৱাৰ সূৰুযলৈ আস অজলা, নাজান’ নে এটি জোন গলিলে পুনৰ গজি উঠে জোনাকৰ গজালি তোৰ বুকুলৈ মেলিব ঠেঙুলি… মেৰিয়াই শুহিব তোৰ ভালপোৱাৰ বিননি