“কাব্য সাহিত্য বিশেষ” – টুকুৰা কবিতা… (শ্ৰীমন্ত বৰদলৈ)

“কাব্য সাহিত্য বিশেষ”

টুকুৰা কবিতা…


 

১) জলকুঁৱৰী

পুখুৰীটোৰ পাৰত কোন তাই ?

বিয়লিৰ গৰমত খিলখিল হাঁহিৰে খেলিছে

বিচনীৰে বতাহৰ আলসুৱা বা…

 

২) অনুভূতি

শব্দৰ তুলাচনীত জুখি মাখি

অভাবী কবিৰ প্রেম নেবেচিবি অনুভূতিৰ বজাৰত

কোঙা, কূঁজা আজি গ্রাহকৰ হৃদয়

দেখা নাই আজি বন্ধ দোকান কবিৰ দুখত ?

 

৩) চিত্র

ভাৰসাম্যতাৰ বাবে আজি তামোলজোপা ইফাল-সিফাল

তাৰ ভাগি পৰা পাতৰ বুকুত বৰষুণৰ সপোন

টোকোৰা চৰাইটো বাঁহৰ মুখত

থৰক্ বৰক্ তাৰ বাঁহ – তাত বতাহৰ কোব।

 

৪) বৰষুণ

ডাৱৰে আৱৰা আকাশত এজাক বিজুলী

হালে-জালে ডাল-পাত,

সৰ্ সৰ্ বতাহ-সংগীতত দিকহীন চৰাই এজাক

ডাৱৰীয়া দিন আজি, বৰষুণৰ আপদীয়া গান।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!