“কাব্য সাহিত্য বিশেষ” – তুমি তুমি গোন্ধাই জলফাই ৰঙী চোলাটো (উৎপল জোনাক হাজৰিকা)
“কাব্য সাহিত্য বিশেষ”
তুমি তুমি গোন্ধাই জলফাই ৰঙী চোলাটো
তুমি তৰমুজৰ দৰে
হাতত এচাৰি
পিঠিত জাপি
কান্ধত নাঙল
হ হ কজলা, এই বগা ঘূৰি আহ, ঘূৰি আহ
বাঁহপতীয়া বনবোৰ জঁই পৰি যায়
চিংফৌ নাঙলৰ চোঁচাত
মাটিবোৰ ৰঙিয়াল হয় সেউজীয়াৰ আশাত
তুমি
তুমি
তুমি
তুমি ৰাতিটো সামৰি জ্বলাই দিয়া
সপোনবোৰ ডাৱৰ হয়
সিহঁতে বৰষুণহৈ নামে
তিতে পথাৰ
তুমি ৰ’দৰ স’তে কাজিয়া কৰা
বৰষুণৰ স’তে সহবাস
উশাহবোৰ ছতিয়াই দিয়া
লহপহীয়া হয় এটা গান
তুমি তৰমুজৰ দৰে
তুমি জুই ভালপোৱা সেউজীয়া জুই
নদীৰ দৰে সাজা দীঘল বাট
আকাশক সোধা প্ৰশ্ন
বতাহক বিচৰা সুবাস
দহে বেয়া পোৱা ঘাম নামৰ বস্তুবোৰ
তোমাৰ বাবে এটা নিনাদ
তুমি তৰমুজৰ দৰে
তুমি প্ৰাচীন শিলালিপি
তুমি আধাৰ
নুবুজাবোৰৰ বাবে তুমি একোটা সাঁথৰ
শীত-তাপ নিয়ন্ত্ৰিত ঘৰৰ ভিতৰ মহলাত
এতিয়াও
তুমি তুমি গোন্ধাই জলফাই ৰঙী চোলাটো