ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

“কাব্য সাহিত্য বিশেষ” – প্ৰেমৰ বাহিৰেও…(কৌস্তুভমণি শইকীয়া দত্ত)

কাব্য সাহিত্য বিশেষ

প্ৰেমৰ বাহিৰেও…


 

তুমি মাতিলেই অসহায় হৈ ঘূৰি চাওঁ..
পুনৰ নক’বা মোক প্ৰেমত পৰিবলৈ ।
তোমাৰ অমল মুখৰ এচমকা পোহৰত
এতিয়াও শীতৰ পুৱাৰ বেলিৰ উম্
পুনৰ নামাতিবা ৰ’দ পুৱাবলৈ..
শীতত ঠৰঙা জীৱনে অসহায় হৈ ঘূৰি চায়।
মোৰ সোণ!
প্ৰণয়ত বহুত কৰিলোঁ দুখৰ প্ৰতিবাদ
বহুত শুনিলোঁ সুখৰ উৰাবাতৰি..
মিছাই জীৱনৰ পল-অনুপল বৰ্বাদ।
আস্বাদ ল’বলৈ
প্ৰেমৰ বাহিৰেও বহু সুখ আছে জীৱনত
প্ৰেমৰ বাহিৰেও বহু দুখ আছে জীৱনত।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!