“কাব্য সাহিত্য বিশেষ” – ফটকাবোৰ নুফুটাবি মাণিকী (দাদুল ভূঞা)

“কাব্য সাহিত্য বিশেষ”

ফটকাবোৰ নুফুটাবি মাণিকী


 

 

ফটকাবোৰ নুফুটাবি মাণিকী,

টকাৰ মূল্য বুজিবি।

 

পিয়াজ আলুৰ মূল্যবৃদ্ধী দেশত

ভাল নালাগে দেৱালীৰ জাকজমকতা,

ভাল নালাগে টুনী লাইটৰ শোভা।

 

মাটিৰ চাকি এগছি জ্বলায়ে

পাতচোন দেৱালী,

প্রকৃতিখন এনেয়ে ধুনীয়া

সদায়ে পোহৰ দিবলৈ সৌ আকাশত আছে হালধীয়া জোন।

 

প্রকৃতিখন জীয়াই ৰাখ মাণিকী

সেউজীয়াবোৰ সেউজীয়া কৰি ৰাখ।

 

আমাক নালাগে দেশী-বিদেশী ৰঙা-নীলা লাইটৰ পোহৰ,

নালাগে আতচবাজীৰ বুকু কঁপা শব্দ,

নালাগে আইৰ বুকুত ধ্বংসৰ কৰাল গ্রাস।

 

আতচবাজীৰ শব্দ প্রদুষণে কঁপাই আছে আজি জননী।

ধোঁৱাৰে আবৰি ধৰিছে শুকুলা মেঘৰ আকাশ।

 

দেৱালীৰ নামত নালাগে প্রদুষণ।

নালাগে মূল্যবৃদ্ধিৰ দেশত ফটকা ফুটাই দেৱালী পাতিব।

 

মাণিকী অ’ ফটকাবোৰ নুফুটাবি

টকাৰ মূল্য বুজিবি।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!