“কাব্য সাহিত্য বিশেষ” – ভোক (নৱ কোঁৱৰ)

“কাব্য সাহিত্য বিশেষ”

ভোক

(আজাৰাৰ অচিন গাভৰু দুজনীৰ নামত উত্সৰ্গিত)

 

 

পাতখিলা পৰিলেই

মৰহে ঘাঁহনি ডৰা।

এইটো শাল কাঠৰ কুণ্ডা।

 

বাটৰ বাটৰুৱা-পথৰ পথিক।

ৰূপহেই হওঁক, ৰূপহীয়ে হওঁক

বা কিম্ভূত কিমাকাৰ কুন্ধচেই…

কাৰ কি আহে যায়?

 

পথৰ সন্ধানী পথিক।

চিধা-পোন নিজেই জানিব।

আৰু কোনটো সঠিক ?

 

পোহ মনিলেও শেনচৰাই

জাতত চিকাৰী।

নীল গগণত উৰা মাৰিলেও

চকু সদায় মাংস বিচাৰি।

 

এতিয়া সেউজীয়া মৰুদ্যানখনিত

নাই নিশাৰ শীতলতা।

চকুত চকু থৈ ক’ব নোৱাৰা

একাঁজলি তপত গলিত তীখা….

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!