“কাব্য সাহিত্য বিশেষ” – লাভা (চন্দ্ৰমা কলিতা)
“কাব্য সাহিত্য বিশেষ”
লাভা
আজিকালি শব্দবোৰ নিথৰ হ’ল জানা
অকণ দৰদী হ’ব খুজিলেই যে সকলোৱে আমনি পোৱা
আগতেই ভাল আছিল জানা
জীৱনৰ র্নিমোহ ধেমালি বেলা
এতিয়া যত চব আজে বাজে ছিৰিয়াছ কথা
তপ্ত সুৰুযলৈ মুখ কৰি আগুৱাবলৈ লওঁতেই
চকু ছাট মৰা এবেলা
তাৰ পিছত সকলো মৰূদ্যানৰ নিস্তব্ধ জয়াল নিশা
চকুৰ পচাৰতে পাৰ হৈ যায় প্রিয় বৰষা
দুৱাৰৰ সিপাৰে বাজি ৰয় জোনাকৰ অশৰীৰী মালিতা
প্রস্থৰ অনুভৱত তথাপিও মৃত হৈ ৰয় কবিতা একোটাৰ আশা
হেৰাই হেৰাই দিক হেৰুৱাই তুমি নামৰ বিন্দুটোতে থিতাপি লোৱাৰ
কি এক উদভ্রান্ত পৰিক্রমা
সেয়াও এক বিমোৰ সময়ৰ বিধ্বংসী পৰিঘটনা
এতিয়া ক’ব খোজা কথাবোৰত ছন্দ মৰহাৰ আখৰা
অকণ সেউজীয়াৰ তৃষাত কিমান যে বাটকুৰি বোৱাৰ বেথা
তথাপিও নাজাগে দেখোন এপলক থমকি ৰোৱাৰ হেঁপাহ
কিজানি গোলকৰ সিপাৰে এদিন হাঁহি মুখে লগ হোৱাৰ কথা