কামত লাগিব পৰা কেইটামান বিনামূলীয়া পৰামৰ্শ: অপূর্ব কলিতা

১) ধৰা হ’ল আপোনাৰ পৰা কোনোবাই টকা ধাৰ লৈছে আৰু খুজি খুজিও পোৱা নাই ।

:- কিবাকৈ ঘৰৰ ঠিকনা উলিয়াওক। সদায় ৰাতিপুৱা সি নুঠাৰ আগতেই তাৰ ঘৰলৈ যাওক। কলিংবেল বজাই তাক জগাওক আৰু টকা কেতিয়া ঘূৰাই দিব সুধিব। একেখিনি কথা সদায় আকৌ ৰাতি ১১ বজাত সুধিবলৈও নাপাহৰিব।
তথাপিও কামত দিয়া নাই যদি বজাৰ, অফিচ, যিবোৰ ঠাইত মানুহৰ সমাগম থাকে বা ঘৰৰ গে’টৰ বাহিৰৰ পৰা চিঞৰি চিঞৰি সোধক। ৯৯% কামত দিয়া ফৰ্মুলা।

২) আপোনাৰ যদি গেলামালৰ দোকান আছে আৰু কোনোবাই বাকী খাই দিয়া নাই ।
:- ব্লেকব’ৰ্ড এখনত মাত্ৰ মানুহজনৰ নাম আৰু দেওনাৰ হিচাপ লিখি দোকানৰ সন্মুখত ওলমাই ৰাখক। আপুনি নুখুজাকৈয়েই টকাখিনি দি যাব।

৩) ধৰা হ’ল আপুনি সৰু ঠিকাদাৰ বা চাপ্লায়াৰ আৰু বিলখিনি কোনোবাই ক্লিয়াৰ কৰি দিয়া নাই ( মানে ঘোচ দিয়া নাই।)
:- যাৰ বাবে বিলখিনি ফচি আছে তেওঁৰ ঘৰত সদায় তেওঁ নথকাত যাব। যাওঁতে সদায় ১০ টকা মানৰ মিঠাই লৈ যাব। তেওঁৰ পত্নী থকা অৱস্থাত মানুহজনক ফোন কৰিব, তেওঁৰ ঘৰত অহা বুলি । বিনামূলীয়াকৈ সদায় চাহ খাই আহিব। দুদিনমান পিছত দেখিব আপোনাৰ বিল ঘোচ নিদিয়াকৈয়েই ক্লীয়াৰ হৈ গৈছে।

 

Subscribe
Notify of

3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Antara
9 years ago

🙂

9 years ago

Ha…ha..ha..

শ্ৰীমন্ত
9 years ago

ভাল পৰামৰ্শ!!কামত আহিব সকলোৰে !!হে: !হে:!!:

Copying is Prohibited!