কালজয়ী সপোন -কৌস্তুভমণি শইকীয়া দত্ত
তই চুই দে
মোক অজৰ-অমৰ কৰ
তই বৰষুণৰ দৰে মোক চুই দে
মই মাটিৰ পৰা বোকা হওঁ
বুকুত এশাৰী সাঁচ বহক
সুখৰ লখিমী খোজৰ৷
তই ৰ’দৰ দৰে মোক চুই দে
আইৰ বিয়াৰ মেজাংকৰি পাট হওঁ
কাতি-চেৰেঙা ৰ’দ সানি
মোক জপাত জপাই থক
সাত পুৰুষলৈ