কালসন্ধ্যা – তৃষ্ণা নেওগ বৰুৱা

বিধ্বস্ত নোহোৱালৈকে কোনেও নাভাবে যুদ্ধভূমিত গোলাপ ৰুৱাৰ কথা
সন্ধিৰ হাতবোৰে কৰমৰ্দন নকৰে
পোচাকৰ আঁৰত লুকাই থাকে তৃষিত হৃদয়

শোকগাঁথাবোৰ সাৰ পায় মানে ওঁঠৰ চহৰৰ পৰা অপসাৰিত হয় সুহুৰিৰ সমদল
ভাঙি পৰা চিচাৰ খাৰুৰ আঁচোৰত ধৰাশায়ী হয় জ্বলন্ত দুপৰ

কোনো যুদ্ধৰ খচৰাত নাথাকে
ওপজিয়েই অনাথ হোৱা শিশুৰ বতৰা
অসীমত সীমা টনাৰ আক্ৰোশত তচনচ হোৱা
কপৌৰ কূজন পাৰৰ ৰুণৰ কথা

নিৰ্বোধ পদাতিক আমি
অশ্বাৰোহী হোৱাৰ বাসনাত পদদলিত কৰোঁ বুকুৰ সেউজীয়া
বেলি ডুবাৰ পৰত সন্ধিৰ সংলাপ আওৰোৱা
একো একোজন ভাৱৰীয়া

বিধ্বস্ত নোহোৱালৈকে কোনেও নাভাবে যুদ্ধভূমিত
গোলাপ ৰুৱাৰ কথা
নিবিচাৰে কোনেও বোধিদ্ৰুমৰ ছাঁ

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!