কালিকটৰ দীপাৱলীৰ অভিজ্ঞতা (মৃণাল কুমাৰ বৰা)
কালিকটৰ দীপাৱলীৰ অভিজ্ঞতা
মৃণাল কুমাৰ বৰা
কেৰালাৰ স্থানীয় লোকসকলৰ মাজত দীপাৱলী পালনৰ প্ৰথা নাই বুলি জানিব পাৰিছোঁ স্থানীয় বন্ধু কেইজনমানৰ পৰা । উত্তৰ ভাৰতীয় কেইবাজনো ল’ৰা-ছোৱালীৰ উৎসাহত আজি আমি আমাৰ বিভাগীয় চৌহদতে দীপাৱলী উদযাপন কৰাৰ সিদ্ধান্ত ল’লোঁ । ওলাই গ’লোঁ লগৰ এজন আৰু মই । ফটকা-ফুলজাৰি ওচৰত পাবলৈ নাই । অলপ দূৰৰ ঠাই এখনতহে ফটকা-ফুলজাৰি ইত্যাদি পায় হেনো । গৈ পাই প্ৰথমে মাটিৰ চাকি, শলিতা, তেল, মিঠাই ল’লোঁ । এতিয়া ফটকা পাবলৈ নাই । আমাৰ তাত আকৌ দীপাৱলীৰ দুদিনমান আগৰে পৰাই বেছিভাগ দোকানতে এইবিলাক সামগ্ৰী সজাই থোৱা থাকে। পিছে ইয়াত কথাটো বেলেগ। দুজনমান মানুহক সুধি জানিব পাৰিলোঁ ইয়াত সেইবিলাক সামগ্ৰী সকলোৱে বিক্ৰী কৰিব নোৱাৰে । তাৰ কাৰণে অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হয় । প্ৰায় ১৫ কিল’মিটাৰ এলেকাৰ ঠাইৰ মাজত মাত্ৰ দুখন দোকানকহে অনুজ্ঞাপত্ৰ দিয়া হৈছে । সেই নিৰ্দিষ্ট দোকান কেইখনতহে ফটকা পোৱা যাব । পদ্ধতিটো মোৰ ভাল লাগিল ।
দোকানৰ বিষয়ে জানিবৰ কাৰণে দুজন মানুহক সুধিছিলোঁ। প্ৰথমে সুধিলোঁ অট’চালক এজনক। তেওঁ আমাক অতি নম্ৰভাৱে ক’লে যে তেওঁ এখন দোকান চিনি পায় কিন্তু সেইখন দোকানত এইবাৰ ফটকা ৰাখিছেনে নাই তেওঁ নাজানে, গতিকে মিছাতে আমাক তেওঁ লৈ যাব বিচৰা নাই। কাৰণ নোপোৱাৰ সম্ভাৱনাই হেনো বেছি। ইয়াৰ পাছত আমি বেলেগ এখন দোকানত সোমাই দোকানীজনৰপৰা জানিব খুজিলোঁ ফটকাৰ দোকানৰ বিষয়ে। দোকানীজনে প্ৰথমে অতি দুখেৰে জনালে যে এইখিনি ঠাইত পোৱা নাযাব, প্ৰধান বজাৰ এলেকাতহে পোৱা যাব। তালৈ আকৌ ১৫ কিল’মিটাৰ দূৰ। মানুহজনে কিবা এটা চিন্তা কৰিলে তাৰ পাছত দোকানৰপৰা ওলাই গৈ আগফালে ৰৈ থকা বেলেগ এজন মানহক মাতি কিবা কথা পাতিলে দুৰ্বোধ্য ভাষাটোত আৰু তাৰ পাছত আমাক ক’লে যে এটা ঠাই আছে য’ত আমি বিচৰা বস্তুটো পোৱা যাব। বাইক আছেনে নাই সুধিলে। নাই বুলি কোৱাত অট’ লৈ যাবলৈ ক’লে আৰু ঠাইখনৰ নামটো ক’লে। পিছে নামটো আমাৰ মুখত নুফুটেহে নুফুটে। তেওঁ এইবাৰ মিচিকিয়া হাঁহি এটা মাৰি কাগজ এখনত ঠাইখনৰ নাম, দোকানখনৰ নাম আদি লিখি আমাৰ হাতত তুলি দিলে।
মানুহ দুজনৰ ব্যৱহাৰে মোক আজি আকৌ এবাৰ মনত পেলাই দিলে যে কেৰালাৰ বেছিভাগ মানুহেই ভদ্ৰ, সৰল আৰু সহানুভূতিশীল। এওঁলোকে মানুহক সহায় কৰিবলৈ ভাল পায়। ভগা ভগা হিন্দীতে কষ্ট কৰি হ’লেও আমাক সহায় কৰাৰ পাছত তেওঁলোকৰ মুখত প্ৰসন্নতাৰ চিন ফুটি উঠা দেখা পাইছিলোঁ। ভাল লাগি আছে মনটো।