কাৰ শৰীৰত কবি স্নেহাংকৰে বাকি দিয়ে শাওণৰ প্রথমজাক বৰষুণ (সুশান্ত কৰ)

স্নেহাংকৰ নবীন অসমীয়া কবি । ‘উশাহ’ তেওঁৰ দ্বিতীয় কাব্য গ্রন্থ। প্রথমখনৰ নাম আছিল, ‘মোৰ শূন্যতাখিনিক চুই চাবলৈ চেষ্টা কৰিবা…চুলোঁ বুলি নক’বা।’ ২০১০চনত তিনিচুকীয়া চহৰত অনুষ্ঠিত জ্ঞানমেলাত কিনি থৈছিলোঁ। পঢ়িম বুলি টেবুলত ৰাখি থৈছিলোঁ। এনেয়ে কৰোঁ, যিবোৰ পাছত কামত লাগিলে পঢ়া যাব বুলি ভাবো সেইবোৰ আলমাৰিত ভৰাই থওঁ। কিন্তু টেবুলতে ‘উশাহ’ পৰি থাকিল। প্রায় এবছৰ পঢ়া হৈ নুঠিল। তথাপি থাকিল। কিয়নো পঢ়িম। স্নেহাংকৰে যদিও লিখিছিল, “পোহৰৰ সিপাৰে শুই থাকে সময়/ অসময়ৰ কঁপনিত দৃষ্টি বৰ উকা/ তাতে কাৰ কি” । মোৰ ক্ষেত্রত বোধ কৰোঁ ‘তাতে কাৰ কি’ কথাটো নাখাটে। হয়তো সময়ৰ সাৰ পাই উঠাৰ বাবে বাট চাই আছিলোঁ। পঢ়িলোঁ এদিন । নিজে শুই শুই। কিন্তু শুব নোৱাৰিলোঁ। পঢ়ি উঠিয়েই স্নেহাংকৰক ফ’ন কৰিলোঁ। মই দুঃখিত। মোৰ পলম হৈ গ’ল। আৰু আগতে পঢ়া উচিত আছিল। এইখনৰ কেইটামান কবিতা সময় পালে মই অনুবাদো কৰিম।

তথ্যখিনি বাহুল্য বুলি ভাবিব পাৰে কোনেবাই। কিন্তু মোৰ ভাললগাখিনিক এনেদৰেই বোধ কৰোঁ আটাইতকৈ ভাল বুজাব পাৰিলোঁ। সিদিনাই অনুবাদ কৰিছিলোঁ শেষ কবিতা, ‘কবিতা আপোনাৰ বাবে নহয়।’ দীর্ঘ কবিতা, কেইশাৰীমান উল্লেখ কৰি দিলেই আপোনালোকে বুজি পাব, স্নেহাংকৰৰ সময়ৰ কবিসকলৰ উপলব্ধি কি? “ আমেৰিকা- শব্দটো এটা ভিলেইনৰ নাম/ হিৰ’ই ভিলেইনক গালি পাৰিলে/ বলীউড মার্কা আৱেগেৰে উথলি উঠা শ্রোতা –দর্শকৰ/ চেতনাৰ (?) জোৱাৰ উঠে…ফেন (fan)-এৰে ফুলি উঠে/ আপোনাৰ সৃষ্টি ঔদ্ধত্য/ বুজি পোৱাৰ অধিকাৰ অবাধ বুলি/ অৰণ্যৰোদন কৰোঁতে আপুনি পাহৰিলে /কবিতা কিমান স্বাধীন/ তাতেই আপোনাৰ/ আপোনালোকৰ বিপদ…” এতিয়া মনত পেলাওক, কবি তোষপ্রভা কলিতাৰ ‘কবিতা’ নামৰ কবিতাৰ কেই শাৰীমান, “ এমুঠি বোদ্ধাৰ বাবে/ এনেকৈয়ে হেনো তাই হ’ব চিৰন্তন।/ এতিয়া কবিতা হ’ল/ দুৰূহ দুর্বোধ্য এক/ কঠোৰ হৃদয়হীন নির্দয়া ৰমণী/ নাজানো হঠাতে তাইক কোনে দিলে আনি/ কোনো এক মিছনেৰী ‘মাদাৰ’ৰ অনন্য হৃদয়;/ যাক পাই কবিতাৰ পুনর্জন্ম হ’ল,/ ধন্য হ’ল পূর্ণ হ’ল।/ ঋজু অকপট হ’ল/ কবিতা সর্বত্রগামী হ’ল/ এতিয়া কবিতা হ’ল/ শীত আৰু বসন্তৰ/ দুখ আৰু আনন্দৰ/ অস্ত্র আৰু ফুল;/ কবিতা নহয় আৰু বতৰৰ ফুল।/ কবিতাৰ নাই দিন নাই ৰাতি/সময় অসময়, কবিতা নহয় আৰু সুখী মানুহৰ কৃতদাস/ কবিতা নহয় আৰু পণ্ডিতৰ অলস বিলাস…” সকলো বুজি পালোঁ। কিন্তু হঠাতে এই ‘মিছনেৰী মাদাৰ’জন ক’ৰ পৰা আহিল বাৰু? আহিলেই যদি, তেওঁৰ লগত ‘অস্ত্র’ৰ কি সম্বন্ধ? মোৰ মনত পৰিছে অতি সম্প্রতি পঢ়া পূর্বোত্তৰ ভাৰতৰ এক শক্তিশালী বাঙালী কবি-গল্পকাৰ পল্লব ভট্টাচার্যৰ ‘কমলিনী উপাখ্যান’ উপন্যাসৰ কেন্দ্রীয় চৰিত্র বিপ্ৰৰ মনত দেখা দিয়া কেইটামান প্রশ্ন , “নিজের জীবন কি সত্যই রচনা করিতে পারিতেছে? পারা যায়?! পূর্বে রচিত না হইলেও, পারিপার্শ্বিক দ্বারা রচিত হইবার নানাহ সম্ভাবনা লইয়া, জীবন রচিত হইয়া চলিতেছে। ইহাতে হয় স্রোতে ভাসিতে হইবে, নয় প্রতিস্রোতে। প্রায় সকলেই বলে, সে প্রতিস্রোতে ভাসিতেছে, কিন্তু ইহা যে আদতে স্রোত নয়, একথাই বা কে নিশ্চিত বলিবে?” মোৰ লাগিল, একেই জিজ্ঞাসা স্নেহাঙ্কৰৰো, প্রতিস্রোতখনেই যে স্রোত নহয় কোনেনো ক’ব? নহ’লে তেৱোঁ লিখিব জানে, “ অহংবোধক চূর্ণ-বিচূর্ণ কৰি কবিতাই / আপোনাকো শিকাব পাৰে আঙুলিত ধৰি / বাটৰ বুকুতে শুই থকা বাটৰ দিশ…” শেষত গৈ স্নেহাংকৰৰ অমোঘ উচ্চাৰণ, কবিতাই “ অহৰহ বিচাৰে আপোনাৰ সমর্পিত সাধনা।”

স্নেহাংকৰৰ কবিতাৰ সম্পর্কে নির্দিষ্ট কৰি মই যে কিবা লিখিম, সেই কামখিনিক অত্যন্ত টান কৰি ৰাখিছে সমুদ্র কাজল শইকীয়াৰ লিখা এক অনন্য পাতনিয়ে। ‘পাতনি’ বুলি শিৰোনামটোৱে নাই। ‘যেতিয়া কবিয়ে কয়- তুমি নজনাকৈ নাইকিয়া হৈ যাম।’ ইয়াৰ পাছত কিবা লিখা আচলতে এক বাহুল্য মাথোন। ই পাতনি মাত্রকেই নহয়, কবিতা পুথিখনৰ লগতে এক অতিৰিক্ত প্রাপ্তি। কবি, কবিতা, পাঠক সম্পর্কীয় এক স্বতন্ত্র গধুৰ তত্বচিন্তাৰ প্রবন্ধ এয়া। কিন্তু জটিল নাইবা টান একো নহয় । বৰঞ্চ সেয়া এক সাহিত্যিক গদ্য। মই এক সৰু উদাহৰণ দিওঁ, “ কবিতা কাৰ বাবে লিখোঁ, কোনে পঢ়ে, কোনে পঢ়াটো আমি আচলতে বিচাৰিছোঁ? কাৰ সন্মুখতনো আমি নাটক কৰি আছোঁ বা কৰিবলৈ, বিচাৰোঁ, আমাৰ নাটকখননো কোনে চাই আছে? দর্শকজনৰ পৰা আমাৰ মানসিক তথা স্থানিক দূৰত্বই বা কিমান— এনেধৰণৰ প্রশ্নই সদায় আমাক বিচলিত কৰি ৰাখে। স্নেহাংকৰ এজন নতুন কবি। সকলো কবিয়েই নতুন আৰু সদায়েই নতুন সেয়েহে অলপ শুধৰাই ক’লে এনেকৈ ক’ব লাগিব— স্নেহাংকৰ এজন নতুন প্রজন্মৰ কবি। এইজন কবিয়ে এদিন লিখিলে: তুমি নজনাকৈয়ে নাইকিয়া হৈ যাম…” এই ‘নাইকিয়া হৈ যাম’ কথাটোৰ আঁত ধৰি শেষত গৈ তেওঁ সুধিছে “ স্নেহাংকৰে কি বিচাৰিছে? নাম, যশ নে ধন? যিহকেই নিবিচাৰক কিয় সেয়া তেওঁৰ অধিকাৰ আৰু সেয়া তেওঁ কৰা উচিত। আমাৰ পৰম্পৰাগত প্রথাই কিন্তু সদায় ইয়াক বিৰোধিতা কৰি আহিছে –সেয়া আমাৰ বিচাৰত হাস্যস্পদ। কবিয়ে নাম-যশ নিবিচাৰিব কিয়? নাম –যশৰ জৰিয়তেই দেখোন এজন সৃষ্টিশীল ব্যক্তিয়ে তেওঁৰ আকাংক্ষিত পাঠক বা দর্শকৰ সৈতে যোগাযোগ সাব্যস্ত কৰে, সঁহাৰি বিচাৰি পায়, ভালো পোৱা বিচাৰিয়েইতো লেখকে লিখে। আৰু ধন? কবিয়ে অর্থৰ প্রত্যাশা কৰাত আপত্তি কিয়?” এই যে প্রশ্ন উত্থাপন কৰিলে তেওঁ এয়া চিন্তা কৰিব লগীয়া কথা। মই ভাবো সস্তীয়া যশ আৰু ধনৰ লোভে যে বহুতো প্রতিভাক ধ্বংসৰ ফালে লৈ যায় সেই কথাষাৰ মনত ৰাখিয়েই সমুদ্র কাজলে এইখিনি লিখিছে। আৰু এই কথাখিনিক অকল কবি স্নেহাংকৰ নহয় সকলো লেখক আৰু পাঠক ৰাইজক উদ্দ্যেশী লিখিছে। অসমত ধনেনো সাহিত্যৰ সঁচাকৈ কিমান কি ভাল বেয়া কৰিব পাৰে এই কথাও চিন্তা কৰিব লগীয়া। ইয়াত নাই আনন্দ পাব্লিশার্চ, নাই পেঙ্গুইন নাইবা অক্সফোর্ড প্রেছ।

যি নহওক কিয়, সমুদ্র কাজলে ‘তুমি নেদেখাকৈয়ে এদিন নাইকিয়া হৈ যাম’ কবিতাফাঁকিক লৈ একদৰে চিন্তা কৰিছে, আৰু কৰাৰ কাৰণও কবিয়ে দি থৈছে। আৰম্ভণিতেই তেওঁ পঞ্চদশ শতিকাৰ জাপানী কবি মাৎচো বাচো (Matsuo Bashō)ৰ এটা হাইকুৰ উদ্ধৃতি দি থৈছে। ‘Come see real flowers of this painful world’ বাচোই মৃতপ্রায় হাউকু ধাৰাটোক পুনৰুজ্জীবিত কৰিছিল। জাপানী আৰু চীনা ধ্রূপদী সাহিত্যিক সকল শাৰীত তেওঁক গণ্য কৰা হয়। কিন্তু তেওঁৰ জীৱন আছিল দাৰিদ্র্য, অস্থিৰতা আৰু অনিশ্চয়তাত ভৰা। তেখেতৰ দেউতাক আছিল এক নিম্নখাপৰ চামুৰাই। আশা কৰিছিল ল’ৰাক সেনা বাহিনীত সুমোৱাই এক সম্মানজনক জীৱন দিয়াব পাৰিব। নোৱাৰিলে । দীর্ঘদিন বাচোই কবি তোদো যোচিতাদাৰ ঘৰতে ৰান্ধনীৰ কাম কৰি থাকিল। কিন্তু তাতেই তেওঁ কাব্যৰ যিখন পৰিবেশ পালে, সেইয়েই তেওঁৰ জীৱন সলনি কৰি দিলে। পাছত গৈ জাপানৰ আটাইতকৈ সম্মানিত কবি সকলৰ এজন কৰি তুলিলে। বন্ধু হৈ উঠা যোচিতাদাৰ আকস্মিক মৃত্যুৰ পাছত বহুদিন ঘৰ এৰি বাচো ক’লৈ যে গৈছিল ই এক ৰহস্য হৈ আছিল। পাছৰ সময় চোৱাত বাচোই নিজে দিয়া বিৱৰণ আৰু গৱেষক সকলৰ এতিয়াৰ আবিষ্কৃত সমলবোৰো পৰস্পৰ বিৰোধিতাপূর্ণ। বোধ কৰোঁ বাচোৰ জীৱনৰ এইবোৰ সত্যই স্নেহাংকৰক অনুপ্রাণিত কৰিছে এই কবিতা লিখাৰ বাবে। কি ধুনীয়াকৈ লিখিছে চাওক, “শীতল এন্ধাৰত নিতাল মাৰিলে তেজৰ সোঁত/পোষাক সলোৱা সুৰে/অগা- দেৱা কৰিছে দিনে নিশাই/অথচ/গমকে নেপাবা/কেতিয়া তোমাৰ পোহৰতে হেৰাম” নাইবা “চকু পিৰপিৰাই থাকিবা/ক’তো নেদখা পোহৰ/ভাল পোৱা/তোমাৰ যে এন্ধাৰ ময়েই”।

কিন্তু বাচো সম্পর্কে এই কথাবোৰ যদি আমি নাজানো? কবি ৰবীন্দ্রনাথৰ ‘সোনাৰ তৰী’ কবিতা কাৰোবাৰ মনত নপৰিব নে? মোৰ কিন্তু মনত পৰিল “যত চাও তত লও তরণী-পরে।/আর আছে?— আর নাই, দিয়েছি ভরে॥/ এতকাল নদীকূলে/ যাহা লয়ে ছিনু ভুলে/ সকলি দিলাম তুলে/থরে বিথরে—/এখন আমারে লহো করুণা ক’রে॥/ঠাঁই নাই, ঠাঁই নাই, ছোটো সে তরী/আমারি সোনার ধানে গিয়েছে ভরি।/ শ্রাবণগগন ঘিরে/ ঘন মেঘ ঘুরে ফিরে,/ শূন্য নদীর তীরে/রহিনু পড়ি—/যাহা ছিল নিয়ে গেল সোনার তরী।” কবিৰ সৃষ্টি কবিতা থাকি যাব, কবি হেৰুৱাই যাব; নাইবা কবিতাবোৰ স্থানান্তৰৰ-কালান্তৰৰ পাঠক সমাজলৈ গৈ থাকিব কবি ৰৈ থাকিব এক নিজম স্থিৰ স্থান-কালতেই। আমি ভাবিব নোৱাৰোনে? নোৱাৰিলেও একো নাই। পাঠকে নিজা মনৰ স্থিতি অনুসৰিহে কবিতা পঢ়ে।

বাচোৰ এফাঁকি কবিতা আছে, “if I took it in hand,/it would melt in my hot tears—
/heavy autumn frost” স্নেহাংকৰে লিখিছে চাওক, “ বৰ নিমখ, নিমখ হ’ল অ’ আই/চকু মোৰ/ চাই থাকিলে মঙহৰ মানুহো গেলি যায়/ নুসধিবি একোকে” ( আই জানো)। নাই, স্নেহাংকৰে হাইকু লিখা নাই। তেওঁৰ কবিতা সাধাৰণ অসমীয়া কবিতাৰ দৰে প্রয়োজন অনুসৰি দীঘল নাইবা চুটি। কিন্তু আমি ভাৰতীয় সকলৰ সাধাৰণতে ইংৰাজী নাইবা ফৰাছী কবিতা পঢ়াৰহে অভ্যাস থাকে। সম্ভবত আমাৰ এক ঔপবেশিক মন আছে বুলিহে ইউৰোপৰ সাহিত্যধাৰাৰ অনুগামী হ’ব পাৰিলে নাইবা তাৰ পৰা অনুপ্রেৰণা পালেই আমি শ্লাঘাবোধ কৰো।

সেইফালৰ পৰা স্নেহাংকৰ কিন্তু ব্যতিক্রম। তেওঁৰ আছে এক আন্তৰ্জাতিক কবিতা পাঠকৰ মন। আৰু য’তেই যি কথাই তেওঁক চিন্তা কৰিবলৈ সুবিধা দিছে তেও সেই দৰেই কবিতা লিখিছে। কবিতাকেইটাৰ আৰম্ভণিত কথা কেইটাৰ উল্লেখ কৰি আমাক বুজি পাবলৈও সুবিধা কৰি দিছে। যেনে ‘টেলিফ’নিক’ কবিতাৰ আৰম্ভণিতেই আকৌ আছে বাচো, “Now cat’s done/mewing, bedroom’s/touched by moonlight.” কিন্ত এইটো আকৌ প্রেমৰ কবিতা । এই মেকুৰীজনীক পোৱা যাব ‘ম্যা…য়া…ওঁ’ কবিতাত। “হোটেল নৰকৰ দুৱাৰডলিত /চে’লফ’ন লৈ এজনী তপস্বী মেকুৰী / তাইৰ চকুত মোৰ চকুৰে অলেখ চকুৰ প্রতিবিম্ব…” অবশ্যে এই জনী মেকুৰী বাংলা ‘জতুয়া ঠাঁচ’ৰ ‘বেড়াল তপস্বী’ হোৱাতো অসুবিধা নাই। দীর্ঘ কবিতাটো শেষ হৈছে এই কথাত, “ সাৰ পায়েই জানিলোঁ/ মেকুৰী ভাল পাব নোৱাৰি।” আশা কৰোঁ আৰু বেছি ক’ব নেলাগে। ‘আপোনাৰ জলছবি’ৰ আৰম্ভণিতেই আছে লালন ফকিৰৰ গীতৰ কেই শাৰীমান, “ খাঁচার ভিতৰ অচিন পাখি কেমনে আসে যায়।/ ধরতে পারলে মন- বেড়ি দিতাম পাখির পায়/ আট কুঠুরি নয় দরজা আঁটা মধ্যে মধ্যে ঝলকা কাটা/ তার উপরে সদর কোঠা আয়না মহল তায়।” সম্পূর্ণ গীতৰ আৰু দুটা স্তবক হ’ল, “কপালের ফের নইলে কি আর পাখিটির এমন ব্যবহার।/খাঁচা ছেড়ে পাখি আমার কোনখানে পলায় ।।/ মন, তুই রৈলি খাঁচার আশে খাঁচা যে তোর তৈরি কাঁচা বাঁশে।/কোন দিন খাঁচা পড়বে খসে ফকির লালন কেঁদে কয়” একেটা কবিতাৰ স্নেহাংকৰে কি কৌশলেৰে পুনৰ্সৃজন কৰিছে চাওক। আমি সম্পূর্ণ তুলি দিয়াৰ লোভ সামৰিব নোৱাৰিলোঁ।

আইনাৰ সন্মুখত থিয় হৈ চালোঁ

নিৰাভৰণ ঘৰখনৰ দুৱাৰ খিৰিকী

অনাদিৰ পৰা অনন্তলৈ জুই লগা

চৌকাটোলৈ চকু গ’ল

থাউনিচোন পোৱাই নাযায়

এসাগৰ এন্ধাৰৰ মাজত

হঠাৎ

দেখিলোঁ এচমকা ভাসমান

গভীৰ …উজ্জ্বল জুই

ঘৰৰ চৌকা আৰু গৰাকী…

ভিতৰ কোঠাত জ্বলি থকা চাকি

আৰু মূল দুৱাৰৰে আয়াসতে

অহা-যোৱা কৰিলেহে

আইনাত ভাহি উঠে

আপোনাৰ জলছবি

ছবিৰ ভিতৰতো ছবি

পানীতেই

আপোনাৰ ভিতৰতো আপুনি

তেনেদৰে আৰু এক কবিতাৰ নাম ‘জ়াহিৰ’ হয় ‘জ’ আখৰৰ তলত ফুট এটা দি তেওঁ মূল আৰবী উচ্চাৰণতে থ’ব বিচাৰিছে শব্দটোক। লগতে ইয়াৰ সম্পর্কে এক টোকাও উল্লেখ কৰিছে আৰম্ভণিতেই। “according to the writer Jorge Luis Borges, the idea of the Zahir comes from Islamic tradition and is thought to have arisen at some point in the eighteenth century. Zahir, in Arabic, means visible, present, incapable of going unnoticed. It is someone or something which, once we have come into contact with them or it, gradually occupies our every thought, until we can think of nothing else. This can be considered either a state of holiness or of madness.” Faubourg Saint-Peres, Encyclopedia of the Fantastic (1953)। টোকাটোৰ দৰকাৰ আছিল, নহলে আমি যদিওবা বুজি পালোঁহেঁতেন, “ হেজাৰ নিশা/ ইকাটি-সিকাটিৰে বাগৰে/ টোপনি হেৰাল / দুখত সৰা তেজৰ শব্দত……”; কিন্তু সমগ্র কবিতা বুজাটো টান হ’লহেঁতেন। বিশেষকৈ এই কেইটা শাৰী, “ দঃস্বপ্নৰ দৰে সহস্র নিশাবোৰ/ হেৰাব/ পলকতে/ ‘জ়াহিৰ’ হ’বা/ ভাল পোৱা”। এনে আৰম্ভণিতেই এই টোকা দেখাত বিসদৃশ যেন লাগে। শেষত দিব পাৰিলেহেতেন। হয়তো তেওঁ পাঠকক দোমোজাত ৰাখিব বিচৰা নাই। কিন্তু মোৰ মতে অসমীয়াতো লিখিব পাৰিলেহেতেন।

তেওঁ যিখিনি লিখা বাহুল্য বুলি ভাবিছে, সেইখিনি আমি অলপ অনুসন্ধান কৰিলোঁ। তাতে আমাৰ স্নেহাংকৰৰ কবিতা চিন্তাৰ সূত্র বিচাৰি পোৱাত সুবিধা হ’ল। এইখিনি দৰকাৰ। ‘দি জ়াহিৰ’ নামৰ এক বিখ্যাত স্পেনীছ চুটি গল্প আছে। লিখোঁতা জর্জ লুই বোর্জ । জন্মসূত্রত তেওঁ এজন আর্জেণ্টাইন। তেওঁৰ গল্পৰ পৰা অনুপ্রেৰণা লৈ একে নামেৰে আৰু এখন বিখ্যাত উপন্যাস লিখিছিল ব্রাজিলৰ পর্তুগীজ ঔপন্যাসিক পাওলো কোয়েল’ই। কোয়েল’ৰ উপন্যাস ‘দি এলকেমিস্ট’ আমি বহুতেই পঢ়িছোঁ, নাইবা নাম শুনিছোঁ। দুটা দশকতে কিতাপখন ৭১টা ভাষাত অনুদিত হৈ গিনিজ বুকত তালিকাবদ্ধ হৈছে ইতিমধ্যে। বহুতে এওঁলোকক উত্তৰ-আধুনিক লেখক বুলি ক’ব বিচাৰে। আমি নেজানো , তেওঁলোকে নিজে কি ভাবে। লুই বোর্জ প্রথম জীৱনত কমিউনিষ্ট পার্টিৰ সদস্য আছিল। পাছত নিজকে স্বৈৰতন্ত্রৰ বিৰোধী বুলি পার্টিৰ পৰা ওলাই আহিল। কিন্তু দেখা গ’ল আমেৰিকা সমর্থিত সেনা চৰকাৰক এটা সময়ত তেওঁ সমর্থন দিলে। যি কি নহওক, আমি এইবোৰৰ ভিতৰত নুসুমাওঁ। এইবোৰক দি সাহিত্য বিচাৰ কৰাত আমাৰ আপত্তি আছে। ‘জ়াহিৰ’ গল্পটো আমি পঢ়িছোঁ। যিজনেই পঢ়ক এক নতুন ধৰণৰ গল্পৰ স্বাদ পাব। কিন্তু আমি বুজি পালো যে ক’ৰবাত নহ’লেও ক’ৰবাত কবি স্নেহাংকৰ নতুন জনপ্রিয় সাহিত্য চিন্তা ‘উত্তৰাধুনিকতাবাদে’ৰে অনুপ্রাণিত হৈছে। অন্তত সাহিত্যৰ ‘আধুনিকতাবাদ’ বোলা বস্তুটোক যে তেওঁ নিজেও ভাল চকুৰে চোৱা নাই, প্রতিটো কবিতাতেই এয়া স্পষ্ট। আৰু পূর্বোক্ত, ‘কবিতা আপোনাৰ বাবে নহয়’ কবিতাৰ মূল কথা ইয়েই। সমুদ্র কাজল শইকীয়াৰ পাতনিতো দেখিলোঁ, ‘আধুনিকতাবাদ’ৰ কথা উল্লেখ কৰি সংক্ষিপ্ত কিন্তু তীক্ষ্ণ সমালোচনা । এনে তাত্বিক অৱস্থানে আমাক আকৌ এক নতুন ধৰণৰ ইউৰোকেন্দ্রিকতাৰ পিনে লৈ নেযায়তো? ‘আধুনিকতাৰ’ বিৰুদ্ধে কিন্তু এনে অভিযোগ বহু পুৰণি হ’ল। আমাৰ দৰে একালৰ ঔপনিবেশিক দেশৰ মানুহৰ মনত ইংৰাজী ভাষা আৰু ইউৰোপীয় সভ্যতাৰ সকলো ভাল- এনে এক ধাৰণাই কাম কৰে। তাৰ বজাৰত নতুন যি বস্তু ওলাওক, কাইলৈ আমাৰ লাগিবই। লাগিলে সেয়া নতুন মোবাইল চেট নাইবা কবিতা লিখাৰ শৈলী হওক। এনে বিপদ আমাৰ থাকেই। আমি কেতিয়াবা আমাৰ নিজা সংস্কৃতিৰ পৰম্পৰাকে পাহৰি যাওঁ। সেয়েহে, ‘মিছনেৰী মাদাৰ’জনী নাহিলে আমাৰ ‘প্রগতিবাদী’ কবিতাও লিখা হোৱা নাই। সেয়েহে মই নিজে এনে সাহিত্য তত্বৰ সম্পর্কে সতর্ক। সমালোচনা কৰোঁতে নিশ্চয় ইয়াৰ কিবা মূল্য থাকে, লিখকৰ ব্যক্তিজীৱনৰো কিবা দর্শন থাকিবও যদি, লিখাৰ সময়ত সেই দর্শনক নিয়ন্তাৰ দায়িত্ব দিবই নেলাগে। আৰু দিলেও লাভ একো নাই। সাহিত্যকজনে যিমানেই শিবিৰ এখন পাতি নাথাকে কিয়, সাহিত্য শিবিৰত নাথাকে। শেষত গৈ সকলো সাহিত্য একোটা সমগ্র ভাষাগোষ্ঠীৰ আৰু কোনোবা ভাষালৈ যদি অনুবাদ হয় তেনে হ’লে সেই ভাষাৰ পৰম্পৰাৰ নিজা সম্পদ হৈ যায়গৈ। নিজৰ তাত্বিক অৱস্থানৰ সৈতে সাহিত্যিকজন কোনেও ‘নজনাকৈ নাইকিয়া হৈ’ যায়। লেখকজনেও মনে মনে সেইটোৱে বিচাৰে। বোধ কৰোঁ কবি স্নেহাংকৰে এই কথা জানে আৰু মানি চলে। নহ’লেনো কিয় লিখিব, “মোৰ এখন চিলা আছে/চিলাত আছে মোৰ দুচকু” ( চিলা উৰে আকাশত)।

অৱশ্যে ‘উত্তৰাধুনিক’ চিন্তাৰ বহুতো বেমেজালিৰ মাজত, কিছু চিন্তা আছে আমাৰ কামত আহিবলগীয়া। মই যি দুজন লেখকৰ নাম উল্লেখ কৰিলোঁ এওঁলোকৰ দুইজনেই আছিল বহু ভাষিক আৰু এওলোকৰ গল্প উপন্যাসৰ এটা লক্ষণ চকুত নপৰাকৈ নাথাকে যে এওঁলোকে নিজৰ সংস্কৃতিৰ লগতে বিশ্ব ইতিহাসৰ, সাংস্কৃতিক ঐতিহ্যত এক প্রকাৰে মানস ভ্রমণ কৰি নিজা ধৰণেৰে সত্যৰ সন্ধান কৰে। ‘দি এলকেমিষ্ট’ৰ কেন্দ্রীয় চৰিত্র ভেৰা-ৰখিয়া ল’ৰা চান্তিয়াগোই যেনে গোপন ঐশ্বর্যৰ সন্ধানৰ বাবে মিচৰৰ পিৰামিডলৈ যায়। আমি আশা কৰোঁ পাঠকে ইতিমধ্যে স্নেহাংকৰৰ মাৎচো বাচো, নাইবা লালন ফকিৰৰ প্রতি আগ্রহৰ কাৰণ বিচাৰি পালে। চিধা কথাত ক’বলৈ গ’লে বিশ্বায়নৰ যুগত যেতিয়া আমাৰ এচাম সংবেদনশীল মধ্যবিত্ত মন পুঁজিবাদী আধুনিকতাৰ চিকমিকনিত ক্লান্ত, অথচ চোভিয়েট পতনৰ পাছত সিপিনে কোন নতুন আন্তর্জাতিক বিকল্প পথৰ সন্ধানো দেখা দিয়া নাই তেতিয়া ই এক বিশ্বপ্রৱণতা হৈছে যে লেখক সকলে নিজা উদ্যমেৰে পুৰণি মত আৰু পথ পৰিত্যাগ কৰিছে। বিশেষকৈ ইউৰোকেন্দ্রিক সকলো চিন্তা চর্চাক এৰি , বর্তমানক এৰি এক নতুন ভৱিষ্যত নির্মাণৰ আশাৰে ইউৰোপৰ বাহিৰে আৰু অতীতলৈ যাত্রা কৰিছে । স্থান-কাল সম্পর্কীয় এক বেলেগ চিন্তাচর্চাৰ মাজত এওঁলোক সোমাই পৰিছে। ইউৰোকেন্দ্রিকতাৰ মাজত, মই বুজা মতে, উপনিবেশৰ কালত গঢ়ি উঠা আমাৰ ধর্ম নাইবা জাতি চিন্তাও সোমাই থাকে। সেয়েহে দেখিবলৈ পাও, স্নেহাংকৰে কবিতা লিখাৰ সময়ত মান্য অসমীয়া ভাষাৰ সীমা অতিক্রমিও যায় । বাংলাভাষাত এনে অতিক্রম আজিকালি প্রায় সাধাৰণ কথা হব ধৰিছে। যেনে প্রবীণ কবি গৌতম চৌধুৰীৰ কবিতাৰ কেইশাৰীমান চাওক, “কিতারে সত্য কই হে গজবিড়ালি/ মুখ থিকা মৎস নামাও, আর কইয়া দাও প্রকৃত সত্য কিতা?/ দূর ? না নিকট? কিতা সত্য ?/ আলো আঁধারির মিল ক্ষণিকের? না কি চিরধাবমান বিপরীতগামীতা?/ কারে আমি আমি কই, কে আমার তুমি?/ রুদ্ধকমলদল কার বুকে আন্ধার ঘনায়? কারবুক আলো করে কমলা সুন্দরী?” ( বিরহ মিলন লইয়া এক পরস্তাব)। ‘কমলাসুন্দরী’ক চিনি পাইছে নে? কবিজনে যেই কলিকতাৰ মান বাংলাৰ পৰা আঁতৰি আহিল গোৱালপৰীয়া লোকগীতৰ ‘কমলাসুন্দৰী’ক আহি চুই পেলালে। মান বাংলাত লিখিলে এনে নহ’লহেতেন বুলি নকও, কিন্তু সম্ভাৱনা বহুতো কম থাকে। স্নেহাংকৰেও অসমীয়া সামাজিক উপভাষা সাদ্রিত লিখিছে, “ তদেৰ নাই জানিহি/ হামদেৰ ছানাগিলাকেৰ চকুমে/ আজিকালি হৰিয়ালি জাগামে ছবটা লালে –লাল আহে” ( হামদেৰ ত’ কন ৰং নেইখে) । কবিয়ে যেতিয়া লিখে, ‘‘জ়াহিৰ’ হ’বা/ ভাল পোৱা” আমি যেন চুফী কবিতাবোৰ নতুন কৈ অসমীয়া ভাষাতে পঢ়িলোঁ। নাইবা, লালনগীতি সম্পর্কিত যি কবিতাৰ উল্লেখ কৰিলোঁ, ই কেৱল চুবুৰীয়া বঙ্গদেশৰ কথা নহয়, ‘কেৱলীয়া নাম’ নাইবা ‘টোকাৰী গীত’ পৰম্পৰাক মনত পেলাওক য’ত নেকি কবিয়ে লিখে, “মাঝ সাগৰতে এডাল বিৰিখ। তাতে নানা পখীৰ কায়া/ ৰজনী পুৱালে পক্ষী উৰি গলে/এৰিলে বিৰিখৰ মায়া” (টোকাৰী গীত, সংগ্রাহক প্রতাপ হাজৰিকা, সৌজন্য: অসমীয়া লোকসংগীত আৰু অন্যান্য গীত-মাত –ফে’চবুক গ্রুপ,অভিজিৎ কলিতা)। ‘অসুখ’ নামৰ কবিতাত এই প্রজন্মৰ কবিয়ে লিখে কিনো চাওঁ আহক, “ ‘এয়া লোৱা’—বুলি ঈশ্বৰে তোমাৰ হাতত অগাধ সম্পদ তুলি দিলে/ আপোন পাহৰা হ’লা ছাঁটোলৈকে লাজ-লাজ/ দেহী ওপী লাজুকি লতা/ কুঁৱাৰ বেৰত কুমজেলেকুৱা বগালে/ ঈশ্বৰৰ খেয়াল খুচিৰ কিবা ঠিকনা আছেনে/ টিলিকতে দিন বো নিশা হয়/ ৰাতিৰ আকাশত তৰাই চাই থাকোঁতেই তেওঁ সোণৰ জখলাৰে নামি আহে……ঈশ্বৰৰ প্রলম্বিত বৰষুণৰ টোপালবোৰ স্ফটিক যেন উজ্জ্বল/ তীখাৰ দৰে তেজাল পাৰাৰ নিচিনা গধুৰ/ নদীত পানীৰ টোপাল পৰে/ঢৌত উটি যোৱা তুমি/দুচকুৰ এন্ধাৰত/ দুলি থাকে ভাল পোৱাৰ সুখ/ অসুখ”। আধুনিক অসমীয়া কবিতাত আমি বৈষ্ণৱ ঐতিহ্যৰ পৰা ঈশ্বৰৰ কথা নোপোৱা নহয়। পাইছোঁ এনেদৰে: বৈকুণ্ঠৰে পৰা হৰিয়ে সুধিলে—/“কোন কোন আহিবৰ হ’ল”/ নাম-লোৱা ভকতে সাদি বুলিলে—/“নামতে গৈ আছো তল।” ( ঈশ্বৰ আৰু ভকত; লক্ষ্মীনাথ বেজবৰুৱা) কিন্তু সেইজন আকৌ ভকতৰ ঈশ্বৰ। কিন্তু কবি স্নেহাংকৰ ভকত নহয়, তেওঁৰ ঈশ্বৰ ঈশ্বৰ নহ’লেও সমস্যা নাই। ই যেনিবা জীৱনৰ নশ্বৰতাক সোঁৱৰাই আধুনিক জীৱনৰ ভোগবাদৰ সুখ আৰু বিষন্নতাৰ সমালোচনাহে। “ তেওঁৰ আঙুলিত ঠাৰত হিল্লোলিত হয়/ ৰত্নভাণ্ডাৰত তোমাৰ / পোহৰ বৰষুণ বতাহ আৰু জুইৰ মৃণ্ময় গীত।” ‘নাম’ নহয়, কবিৰ আগ্রহ ‘মৃন্ময় গীত’তহে ! মোৰ বোধেৰে ই অসমীয়া কবিতাৰ নতুন উচ্চাৰণ। আৰু নতুন চিত্র। এক ধৰণৰ বর্তুলাকাৰ অগ্রপদক্ষেপ।

আমি ইমান পৰে কবিতাৰ দর্শনৰ কথা কলোঁ, স্নেহাংকৰৰ কবিতাৰ জগতখনক চিনাকি কৰাই দিলোঁ। ক’বলগীয়া আৰু বহুতো কথাই থাকিল। সাধাৰণতে সমালোচনা লিখোঁতে আমি ইমানখিনি নিলিখোঁ। দৈনিক কাকতেহে আমাৰ সমালোচনাৰ আদর্শক নিয়ন্ত্রণ কৰে। কিন্তু এটা কথা ক’বই পাৰোঁ। উদ্ধৃত শাৰীবোৰত তেওঁৰ ছবি অঁকাৰ দক্ষতাক মন কৰিছেনে? দার্শনিকতাই সেই ছবিবোৰক উজ্জ্বলহে কৰিছে, আবুৰ কৰি পেলোৱা নাই। লাগিলে কবিয়ে যিমানেই লিখক, “ বৰষুণত আবুৰ হ’লেও দেখিবা/ স্খলিত হতাশ এই কংক্রীট মহানগৰীকো/ শীর্ণ আৰু খুব বুদ্ধু যেন লাগে/ ফুচকা খোৱা আবেলিবোৰ/ এন্ধাৰ সনা হৈ আহিলে দেখিবা/ মহানাগৰিক শুকান বালিৰ তৰপে তৰপে । শেলুৱৈ সাৱটা প্রেমৰ কবিতা” এইখন কবিতা আৰম্ভ হৈছে এনেদৰে, “ তোমাৰ শৰীৰলৈ শাওণৰ /প্রথমজাক বৰষুণ বাকি দিওঁ/ এতিয়াও দুখৰ দিনত গুপুতে গুপুতে পৰাগ বিয়পাওঁ” ইয়াৰে প্রথম দুটা শাৰীহে আচলতে কবিতাটোৰ নাম। মই এই শাৰী দুটাক বাংলা ভাষাত অনুবাদ কৰিব নোৱাৰিম। ‘বাকি’ শব্দটোৰ প্রয়োগ ইমানেই ধুনিয়া হৈ উঠিল যে ইয়াৰ বাহিৰত অইন কোনো শব্দ কল্পনাহে কৰিব নোৱাৰিম। বাংলা ভাষাত অইন বহুতো ধুনীয়া শব্দ থাকিলেও ‘বাকি’ৰ কোন বিকল্প নাই। আমি নেজানো কাৰ শৰীৰত স্নেহাংকৰে বাকি দিয়ে শাওনৰ প্রথমজাক বৰষুণ, ক’ত নো গুপুতে গুপুতে বিয়পায় পৰাগ। কিন্তু তেওঁ এই কামখিনি কৰি গ’লে যে আমি আৰু বহুতো ধুনীয়া কবিতা পাম—সেই সম্পর্কে কোনো সন্দেহ নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!