কিমান মেগাপিক্সেল কেমেৰাৰে ধুনীয়া হ’ব তোমাৰ হৃদয় ? -(ৰিদিপ কুমাৰ নাথ)

~ কিমান মেগাপিক্সেল কেমেৰাৰে ধুনীয়া হ’ব তোমাৰ হৃদয় ? ~
-ৰিদিপ কুমাৰ নাথ

মোৰ কেমেৰাৰ লেন্সত তুমি আধুনিকা
কিমান মেগাপিক্সেল কেমেৰাৰে ধুনীয়া হ’ব তোমাৰ হৃদয় ?
লেন্সত মোৰ অনিশ্চয়তাৰ পৰশ
প্ৰতিটো ক্লিকতেই লাগি ৰয় সেউজ সন্ধানী প্ৰত্যাশা
অৰণ্য হৈ চোৱানা এবাৰ
উচ্চতম কিমান সেউজীয়াৰ পৰশেৰে ভেদিব পাৰি উগ্ৰতাৰ প্ৰলেপ ?
ফোটোত তোমাৰ লাগি ৰয় পাৰ্লাৰ পাৰ্লাৰ গোন্ধ
বিচাৰিলে দিব পাৰোঁ মেঘালী ঘ্ৰাণ
সৌন্দৰ্য্যতাৰ বিলাতী পানীৰে নিদিবাচোন জ্বলিবলৈ এলবামবোৰ
নীলাভৰ গভীৰতাত থুপাই থোৱা সেয়া হৃদয় নামৰ এলবাম
চাইছানে মচি কেতিয়াবা উগ্ৰ ফোটোৰ ৰংবোৰ ?
ৰংবোৰেও ক’ব, আমাৰ আশা সেউজীয়াৰ ভাষা
কঠিয়া হৈ চাবাছোন কেতিয়াবা
কিমান আঁতৰৰ ফ’কাছে পোহৰাই তুলিব তোমাৰ বুকুৰ সেউজীয়া ?
কঠিয়া হৈ চোৱানা এবাৰ
বতাহ হৈ মই চুব বিচাৰোঁ
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!