কি স’তে কথা পাতোঁ মই তোমাৰ লগত – কন্দৰ্প কুমাৰ নাথ

কি স’তে কথা পাতোঁ মই তোমাৰ লগত
সোঁৱৰণীৰ বঁকিয়াইদি উভতি গলেই থকাসৰকা হয় সময় ।
মোৰ এজাৰফুলীয়া হৃদয়ত তুমি পিন্ধাই দিলা
এটি সেউজীয়া কামিজ
বিশ্বাস আৰু সত্যৰ
শিল হৈ পৰা যান্ত্ৰণাৰ এক দীঘলীয়া ঋতুৰ অন্তত।
দুহাত মোৰ শূন্য
তথাপি হৃদয়ৰো হৃদয়ত স্তূপীকৃত মোৰ সমস্ত প্ৰেমৰ কবিতা।
কিন্তু কিয় জানো বাঙ্ময় নহয়
কিবা খেলিমেলিত শব্দবোৰে বাট হেৰুৱায়
আলিদোমোজাত শব্দবোৰে বৰকৈ ছটফটায়
কি স’তে কথা পাতোঁ মই তোমাৰ লগত।
*****

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!