কুঁজী থেকেৰা দি মাছৰ টেঙা (মৌচুমী বৰুৱা)

কুঁজী থেকেৰা দি মাছৰ টেঙা

AKHOLOT

মাছৰ টেঙা সাধাৰণতে কুঁহি,কান্ধুলি,কাৱৈ, ৰৌ আদি মাছৰ খাবলৈ ভাল।গৰমত মাছৰ টেঙা খাবলৈ বেছি ভাল লাগে ।কুঁজী থেকেৰা দি খাই চাবচোন খুবেই সুস্বাদু ।
প্ৰথমে মাছৰ টুকুৰাবোৰ ভাজি ল’ব।মধ্যমীয়া আকাৰৰ দুটা আলু উতলা পানীত সিজাই ল’ব।এতিয়া তেল গৰম কৰি তাতে মেথিগুটি ফুটাই সিজোৱা আলুখিনি দি দিয়ক।কেঁচা জলকীয়া এটা ফালি দিয়ক। আন্দাজমতে নিমখ,হালধী দি পানী একাপ দি দিয়ক।ভাজি থোৱা মাছবোৰ আৰু থেকেৰা ৩ বা ৪ ডোখৰ দি ঢাকি দিয়ক।মান ধনীয়া দিব পাৰে।১০ মিনিট মান সিজোৱাৰ পাছত গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰক।
এই পৰম্পৰাগত খাদ্যবোৰ এটা প্ৰজন্মই আনএটাক চিনাকী কৰি দিব লাগে। মইও মোৰ আইতাৰ পৰাই শিকিছিলো এই ব্যঞ্জন বিধ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!