ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

কুঁহিপাঠ (সমুদ্র কাজল শইকীয়া)

কুঁহিপাঠ (সমুদ্র কাজল শইকীয়া)
তোৰ সোঁতমোচ আঁচলত
কুঁচি মুচি শুই
তৰা গণিম আকাশৰ
ফুটাই পঢ়িম কুঁহিপাঠ
আওঁৰাম কৱচ বোৱা ৰাতিৰ সাধু
এৰাতিৰ কৱচ পিন্ধি ৰণশিঙা বাওঁ
কর্কৰা ভাতে ৰাগ ধনচিৰি গাওঁ
সেই যে এহাতৰ এৰাতিৰ কৱচ কাপোৰ
হাতবোৰ ক’ত
ৰাতিবোৰ ক’ত
মই খান্দি চলাথ কৰিম তোৰ বুকু।
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!