কুঁৱলী (নিবেদিতা হাজৰিকা)
নিশাৰ অভিসাৰী ৰাগিনী হৈ,
জোনাকবোৰ তিয়ালি।
ৰূপোৱালী বাখৰুৱা টোপাল হৈ,
পুৱাৰ ৰ’দজাকত চতিয়াই দিয়
চিৰন্তণ আবেগৰ অনুৰাগী সুবাস।
তই যে নজহা-নপমা এবুকু বিষাদ !
নিসংগতাৰ কাঁইটিয়া বেৰা ভাঙি,
চুই চাব বিচাৰ আহত হৃদয়!
সোঁৱৰণী সুৰ এটি হৈ
বাজি থাক ৰিণি ৰিণি,
বাৰে বাৰে ফুলাব খোজ
ভালপোৱাৰ সূৰুযমুখী !!