কুকুৰ সংবাদ (ৰুণচ্ শৰ্মা)
ঘৰত পোহনীয়া কুকুৰ থকা সকলেহে অনুভৱ কৰিব পাৰে এই জন্তুবিধৰ আচল মৰম। যিসকলৰ ঘৰত এই জন্তুবিধ নাই তেওঁলোকৰ কাৰণে ইয়াৰ মৰম অনুভৱ কৰিবলৈ অলপ টান হব। কুকুৰ দৰদী মানুহ আকৌ কেইবা প্রকাৰৰো আছে দেই। কোনোবাই ৰাখে বাৰী ৰখিবলৈ; পাতত এৰা-ধৰা, চুৱা চেলেকা, চুহি চুহি চুহিব নোৱাৰা হোৱা মাছ মাংসৰ কাঁইট ইত্যাদি সিহঁতৰ খাদ্যৰ ভাগত পৰে। এই জাতৰ কুকুৰৰ কোনো নাম নাথাকে..হেই অই ,অউচ..কিবা এটা মাতিলেই হল…দিনটো য’তে থাক থাক কথা নাই, মালিকেও বৰ বাচ বিচাৰ কৰি নাথাকে.ৰাতি আ্হি ঘৰ ৰখি দিলেই বচ…ঠিক যেন এক পাৰস্পৰিক বুজাপৰা। আন একপ্রকাৰৰ কুকুৰপ্রেমী মানুহ আকৌ ডাঙৰ ডাঙৰ ফ্লেট বোৰত দেখা পোৱা যায়। বাৰীৰ অভাৱত এওঁলোকে কুকুৰ বেলকনীৰ চুকতে বান্ধি ৰাখিবলৈ বাধ্য। পিছে স্বাধীনতা নাপালে কি হ’ব এইধৰণৰ কুকুৰৰ সন্মান কিন্তু বেছিহে। ঘৰ আহি পোৱাৰ লগে লগে টমি, জমি, টাইগাৰ জাতীয় নাম একোটা পায়। কাঁইটৰ সতে লাগি থকা মাছ ,মাংস, গাখীৰ সনা ভাত, পেট ফুড ইত্যাদি ভেৰাইটিছ খাদ্যৰ জুতি পায়। বহুতে আনকি থাকিবলৈ সৰুকৈ গাদী একোটাও পায়। মুঠতে লাইফ বেচ মজাৰ এই জাতিৰ কুকুৰৰ। এইয়াই পিছে শেষ নহয় দেই ! আৰু একপ্রকাৰ কুকুৰপ্রেমী আছে- যাৰ ঘৰত কুকুৰে ভি আই পি লাইফ উপভোগ কৰে। বহুতৰ বাবে তেনেকুৱা লাইফ কল্পনা কৰাটোও টান। ঠিক এনেকুৱা সময়তে কুকুৰৰ ভাগ্য মানু্হৰ বাবে ঈর্ষাৰ কাৰণ হৈ পৰে। এইবিধ কুকুৰৰ নামটোও ইন্তাৰনেটত চাই লেটেষ্ট ফেচনৰ লগত খাপ খোৱাকৈ ৰখা হয়। এইমাত্র উল্লেখ কৰি অহা সুবিধাসমুহ ভোগ কৰাৰ উপৰিও এইসকল কুকুৰপ্রেমী মানুহৰ কুকুৰে কিছুমান অতিৰিক্ত ফেছিলিটি পায়। যেনে পুৱা-গধূলী প্রমোদ ভ্রমণ, মাজে মাজে দীঘল দীঘল গাড়ীৰ পিছফালৰ চিটৰ খিড়ীকীয়েদি মুখ উলিয়াই বতাহ লোৱাৰ আনন্দ, প্রায়েই মালিক মালিকনি শোৱাকোঠাৰ ইমপোৰটেদ বিছনাত এচিৰ মিঠা মিঠা বতাহত শোৱাৰ আনন্দ ইত্যাদি নানা প্রকাৰৰ সুবিধা লাভ কৰে । অৱশ্যে ইয়াৰ বাবে কুকুৰৰ নিজৰো অলপ অতিৰিক্ত যোগ্যতা থকাতো দৰকাৰ…যেনে ৰূপ, ৰং,উচ্চতা আদি ধৰণৰ ফেক্টৰ সমূহ অলপ বেলেগ হোৱাতো খুবেই প্রয়োজন বিশেষকৈ ‘বিদেশী’ মোহৰ এটা থকাসকলে অলপ বেছি প্রধান্য পায়। সকলোৱে এই সুবিধা নাপায়।
এই শেষৰভাগ কুকুৰ দৰদী মানুহৰ শ্রেণীত লগত খাপ খোৱা ধৰণৰ মোৰ এগৰাকী ননদ আছিল। বিয়াৰ পিছত তিনিবছৰমানলৈ তেওঁলোক আছিল নিঃসন্তান। সন্তানৰ প্রয়োজন পূৰণ কৰিবলৈ তেওলোকৰ দুজনীয়া সংসাৰলৈ আহিল এটা বিদেশী কুকুৰ। অৱশ্যে তেওলোকৰ মুখৰ আগত কুকুৰটোক ‘কুকুৰ’ বুলি মতা পাপ ! যদি কোনোবাই তাকে কৰে, তেন্তে কথা একেবাৰে সাংঘাটিকৰ ফালে গতি কৰিছিল। নাম ৰাখিছিল ‘বুজো’। লগে লগে বুজোৰ গাত আপোনা আপুনি লাগি গৈছিল মাইনা, ৰাজা, ধন, সোন আদি জাতীয় নানা ধৰণৰ বিশেষণ। কুকুৰ বুলি মাতি গালি পাৰিব নোৱাৰিব কোনেও। “বুজো”ৱে ভোগ কৰা বাকী ফেচিলিটীবোৰৰ কথা নকলোৱে যেনিবা ! এদিনাখন বুজোৰ বেমাৰ হ’ল ; কান্দি কান্দি ননদজনীৰ ফোন আহিল..বুজোৰ লগতে সিহঁতহালৰো দুদিনমান ধৰি খোৱা বোৱা নাই……শেষত যেনিবা বুজোৰ বেমাৰ ভাল হোৱাত মাংসৰ স্পেচিয়েল তৰকাৰীৰে তাক সন্তুষ্ট কৰিহে ঘৰৰ মানুহৰ পেটলৈ ভাত গ’ল। এনেহেন ভাগ্যৰে ভাগ্যৱান হৈ বুজোৰ দপদপনি চলি থাকিল প্রায় তিনিবছৰ। তাৰে কিছুদিনৰ পিছত সিহঁতহালৰ এটি ল’ৰা জন্ম পালে। সকলোৰে বিৰাট আনন্দ। প্রায় এমাহমান পিছত এদিন ননদজনীৰ ফোন আহিল..ইটো সিটো বহুত কথা ওলাল।…প্রায় ১০ মিনিটমান কথা হোৱাৰ পিছত মোৰ হঠাৎ মনত পৰিল আজিচোন তাই বুজোৰ কথা এবাৰো কোৱা নাই । এনেইতো ‘বুজো’ৰেই ভৰি থাকে সময়বোৰ। আচৰিত! কথাতো মইয়েই আগত উলিয়ালো..“মাইনা বুজোৰ কি খবৰ?..ভায়েকৰ লগত খেলিছে নে নাই?”
“অহ বৌ কুকুৰটো নাই নহয়..পেট চপ এখনত বিক্রী কৰি দিলো।ল’ৰাটো আছে নহয়..ইনফেকচন হ’ব বুলি ভয় লাগে”।
ভাৱিলো, ইমানদিনে দপদপাই থকা ‘বুজো’ হঠাৎ কুকুৰ হৈ গ’ল ! আৰু কিবা কিবি কৈ গ’ল তাই। মোৰহে কাণত একো নোসোমাল..বাৰে বাৰে খুন্দিয়াই থাকিল কিছুমান শব্দ ‘বুজো মাইনা, ৰাজা বেটা, কুকুৰ, পেট চপ…এগালমান বিভিন্ন প্রজাতিৰ কুকুৰ আৰু তাৰ মাজত অকলশৰে শুই থকা ‘বুজো’ৰ চকুপানীৰ নিচিনা কিহবাৰে চপচপাই থকা চকুহাল….কাতৰ চকুহালত যেন এচকু অপেক্ষা “এইবাৰ জানো কি নাম পাওঁ !!”
Top of Form
Bottom of Form
কুকুৰৰ বিষয়ে বহুতোো নজনা কথা জানিব পাৰি ভাল লাগিল ৷ ধন্যবাদ জনালোঁ আপোনাক ৷