ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

কুক্কুট ঠেঙাল কাবাব (Chicken Tengdi Kabab) (মিতালী বৰ্মন)

Mitali Barman_Akhol1উপকৰণ:

মূৰ্গীৰ ঠেং: ৪ডোখৰ

জালুক: ১৫-২০টা

ৰঙা জলকীয়াৰ গুড়ি: ২ চাহচামোচ

হালধী: ১ চাহচামোচ

আদা: ১ ইঞ্চি জোখৰ এডোখৰ (বাকলি গুচোৱা)

নহৰু: ১০-১২ ফোটা (বাকলি গুচোৱা)

গৰম মচলা: আধা চাহচামোচ

বেচন: ২ চাহচামোচ

ময়দা: ১ টেবুল চামোচ

নেমু: ১টা (সৰু গোল নেমু)

মৌ: ২ চাহচামোচ

নিমখ: সোৱাদ অনুযায়ী

ৰিফাইন তেল: ৩ টেবুল চামোচ

প্ৰণালী:

মূৰ্গীৰ ঠেংকেইডোখৰ ভালকৈ ধুই পানী টুকি ৰাখক। এতিয়া জালুক, জলকীয়াৰ গুড়ি, গৰম মছলা, হালধী, আদা আৰু নহৰু এই আটাইকেইবিধ সামগ্ৰী অকণমান (এক টেবুল চামোচমান) পানীৰ স’তে একেলগে মিহিকৈ বটি লওক। এইখিনি বটা হৈ গ’লে বাতি এটাত উলিয়াই সোৱাদ অনুযায়ী নিমখ মিহলাই দিয়ক। ইতিমধ্যে ধুই ৰখা মূৰ্গীৰ ঠেংকেইডোখৰত চুৰি বা কটাৰীৰ জোঙা অংশৰে মাজে মাজে চিৰাল ফালি দিব। এইখিনি কৰা হ’লে বটি থোৱা মছলাখিনি মাংস কেইডোখৰত ভালকৈ লেপি দিয়ক। মাংসকেইডোখৰ চিৰাল ফালি দিয়া বাবে মছলাখিনি ভালকৈ ভিতৰলৈ সোমাই যাব। মছলা লগোৱা পৰ্ব শেষ হ’লে মাংসখিনি ফ্ৰীজত প্ৰায় দুঘণ্টা ভৰাই ৰাখক।

Mitali Barman_Akhol2দুঘণ্টা পাছত মাংসখিনি ফ্ৰীজৰ পৰা উলিয়াই আনক। এখন কাঁহীত বেচন, ময়দা, অকণমান নিমখ শুকানকৈ (পানী নিমিহলোৱাকৈ) মিহলাই লওক। লগতে কেৰাহীত তেল গৰম হ’বলৈ দিয়ক। মাংসকেইডোখৰ এডোখৰ এডোখৰকৈ বেচন-ময়দাৰ মিশ্ৰণত লেটিয়াই দিয়ক আৰু এডোখৰ এডোখৰকৈ কেৰাহীৰ গৰম তেলত ভাজিবলৈ বহুৱাই দি ঢাকোন মাৰি দিয়ক। মনত ৰাখিব এই ব্যঞ্জন প্ৰস্তুতিত জুইকুৰা সদায় মধ্যমীয়া কৰি ৰাখিব লাগে। মাংসখিনি প্ৰতি ডেৰ-দুই মিনিটৰ মূৰে মূৰে লৰাই থাকিব লাগিব। এতিয়া নেমুটো ধুই ৰোকনিৰে তাৰ বাকলিৰ সেউজীয়া অংশ ৰুকি লওক। সেইখিনি ৰোকা হ’লে নেমুটো দুফাল কৰি লৈ কেৰাহীৰ ঢাকোন গুচাই এফাল নেমুৰ ৰস চেপি দিয়ক। মন কৰিব যাতে তাত নেমুৰ গুটি নপৰে। নেমু দিয়াৰ পাছত লৰাই দি আকৌ ঢাকোন মাৰি দিয়ক। দুই-তিনি মিনিট পাছত নেমুৰ বাকলি ৰোকাখিনি মাংসত দি লৰাই দিয়ক। তাৰ দুই-তিনি মিনিট পাছত বাকী থকা নেমুফাল চেপি দি আকৌ লৰাই ঢাকোন মাৰি থওক। এইদৰে প্ৰতি দুই মিনিটত মাংসখিনি লৰাই থাকক। এইদৰে প্ৰায় ১৫মিনিটমান ভাজিব লাগিব। ১৫ মিনিটমান পাছত মৌ দুচামোচ মাংসখিনি মিহলাই লৰাই দি দুই মিনিটমান ঢাকোন মাৰি ৰাখক। মাংস সিজিছেনে নাই চাবলৈ কাটা চামোচ এখনেৰে (বা খৰিকা এডালেৰে) খুচি চাওক। এইদৰে প্ৰায় ১৭-১৮মিনিটমানত মাংসখিনি ভজা হৈ গ’লে কেৰাহীৰ পৰা নমাই থওক। আপোনাৰ টেঙ্গৰী কাবাব তৈয়াৰ হৈ গ’ল।

পৰিৱেশনৰ বাবে ‘ফইল পেপাৰ’ ফালি টেঙ্গৰী কাবাবৰ কম মঙহ থকাফালে মেৰিয়াই দিয়ক। গৰমে গৰমে ৰুটি বা ভাতৰ লগত নিজেও খাওক আৰু আনকো খুৱাওক।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!