কৃতিত্ব : পংকজ বৰা

অ.ক.ব.ৰ এজন (প্ৰতিষ্ঠাপক) সক্ৰিয় সদস্য (তথা অন্যতম প্ৰশাসক) শ্ৰীমান পংকজ বৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ লাছ ভেগাছত জুলাই মাহৰ ১৫-১৯ তাৰিখলৈ অনুস্থিত হৈ যোৱা World Congress in Computer Science, Computer Engineering, and Applied Computing (WORLDCOMP’12) ৰ অংশস্বৰূপে আয়োজিত The 13th International Conference on Bioinformatics and Computational Biology (BIOCOMP’12) ত তেওঁৰ “Transcriptional response signatures during single vs. combined stresses in Arabidopsis thaliana ” শীৰ্ষক গৱেষণা পত্ৰখন পাঠ কৰিবৰ বাবে আমন্ত্ৰিত হৈছিল৷ শ্ৰীমান বৰা নৰৱে’জিয়ান ইউনিভাৰ্ছিটী অফ্ ছায়েন্স এণ্ড টেকনোলজীত “কম্পিউটেচনেল চিষ্টেমচ্ বায়’লজী” বিষয়ত গৱেষণাৰত৷ এই সমাৰোহলৈ যাবৰ বাবে UNIFOR নামৰ সংস্থাই তেওঁক উদীয়মান যুৱ-বিজ্ঞানীৰ ফেল’ছিপ প্ৰদান কৰে৷ মূলতঃ বিশ্বৰ পৰিৱৰ্তিত জলবায়ুৰ লগত খাপ খুৱাই জীৱই (উদ্ভিদে) কিদৰে জিনীয় পৰ্য্যায়ত অভিযোজন কৰে সেই বিষয়ে অধ্যয়ন কৰাৰ বাবে বিশ্বত প্ৰথমবাৰৰ বাবে চলোৱা এটা বৃহৎ ইউৰোপীয়ান ইউনিয়ন গৱেষণা প্ৰকল্পৰ তথ্যৰ আধাৰত তেওঁ কম্পিউটেচনেল মডেলিং কৰিছিল৷ এই প্ৰকল্পৰ অধীনত শ্ৰীমান পংকজে তথ্য-প্ৰযুক্তিৰ সহায় লৈ জেনেটিক ইঞ্জিনীয়াৰিং প্ৰযুক্তিৰ ব্যৱহাৰেৰে বিশ্বৰ পৰিৱৰ্তিত জলবায়ুৰ প্ৰেক্ষাপটত ক্ৰমবৰ্ধমান জনসংখ্যৰ বাবে কিদৰে খাদ্যৰ যোগান ধৰিব পৰা যাব সেই সন্দৰ্ভত ইউনিভাৰ্ছিটী অফ কোপেনহেগেন আৰু টেকনিকেল ইউনিভাৰ্ছিটী অফ ডেনমাৰ্কৰ গৱেষক দলৰ লগ লাগি এটা নতুন ধাৰণাৰ প্ৰস্তাৱ কৰিছে৷ তেখেত লখিমপুৰ জিলাৰ বৰবালি গাঁও নিৱাসী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক শ্ৰী যুত সিদ্ধেশ্বৰ বৰা আৰু শিক্ষয়ত্ৰী ৰেনু ফুকন বৰাৰ পুত্ৰ৷

Subscribe
Notify of

2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
10 years ago

বৰাদেবলৈ অভিনন্দন

হিতেন্দ্ৰ
10 years ago

অভিনন্দন আৰু শুভেচ্ছা !!!

Copying is Prohibited!