কৃতিত্ব: ইমান ইমান পানী

ভাষা-সাহিত্য সন্মিলনী, অসমৰ সভাপতি ড° মৃণালজ্যোতি গোস্বামী, মান-ফলকৰ সৈতে
ভাষা-সাহিত্য সন্মিলনী, অসমৰ সভাপতি ড° মৃণালজ্যোতি গোস্বামী, মান-ফলকৰ সৈতে

দিল্লীৰ কলিজা কঁপোৱা জাৰৰ মাজতে “অসমীয়াত কথা-বতৰা” গোট তথা “ভাষা-সাহিত্য সন্মিলনী, অসম”লৈ এক সুখবৰ। সমূহ ৰাইজক জনাবলৈ পাই গৌৰৱান্বিত হৈছোঁ যে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (NSD)-ৰ দ্বাৰা প্ৰতি বছৰে আয়োজিত “ভাৰত ৰঙ্গ মহোৎসৱ”ৰ এইবছৰৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে “ভাষা-সাহিত্য সন্মিলনী, অসম”ৰ প্ৰথম নিবেদন ড° মৃণাল জ্যোতি গোস্বামী পৰিচালিত প্ৰতীকধৰ্মী নাট “ইমান ইমান পানী”। নাটখন ৬ জানুৱাৰী ২০১৪-ত দিল্লীৰ শ্ৰীৰাম চেণ্টাৰত বিয়লি ৪ বজাত প্ৰদৰ্শিত হয়। অসমৰ বিভিন্ন দিশ সামৰি লোৱা ১ঘণ্টা ১০ মিনিট দৈৰ্ঘ্যৰ এই নাটখনে প্ৰেক্ষাগৃহত উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰখাৰ লগতে নাট্য সমালোচকসকলৰ দ্বাৰাও নাটখন বহুলভাৱে প্ৰশংসিত হৈছে। ছবিত এয়া নাট্যসমাৰোহৰ দ্বাৰা প্ৰদান কৰা মান-ফলকৰ সৈতে নাটখনৰ পৰিচালক তথা ভাষা-সাহিত্য সন্মিলনী, অসমৰ সভাপতি ড° মৃণালজ্যোতি গোস্বামী । সকলোলৈকে অভিনন্দন যাচিলোঁ।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!